হায়দৰাবাদ: ভাৰতৰ জনপ্ৰিয় তথা আগশাৰীৰ দুটা নেটৱৰ্ক কোম্পানী হ’ল জিঅ’ আৰু এয়াৰটেল ৷ বিভিন্ন সুবিধাৰে সৈতে এই দুটা আগশাৰীৰ নেটৱৰ্কে গ্ৰাহকৰ বাবে মুকলি কৰি আহিছে বিভিন্ন প্লেন ৷ অৱশ্যে শেহতীয়াকৈ প্ৰতিটো নেটৱৰ্কে প্লেনৰ দাম বৃদ্ধি কৰাৰ পাচত বহু গ্ৰাহক নিজৰ বাবে উপযুক্ত অথচ কম মূল্যৰ প্লেন বিচাৰিবলগীয়া হৈছে ৷ আজিৰ এই ডিজিটেল যুগত ৰিচাৰ্জ প্লেন নিৰ্বাচন কৰাৰ সময়ত সকলোৰে প্ৰথম পছন্দ হ’ল ডাটা ৷ সৰ্বাধিক গ্ৰাহক থকা জিঅ’ আৰু এয়াৰটেলৰ প্ৰিপেইড ডাটা প্লেন কেনেকুৱা জানো আহক---
যদি আপুনি Jio বা Airtel SIM ৰ গ্ৰাহক, তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে যথেষ্ট উপযোগী হ'ব পাৰে । এই লেখাটোত আমি আপোনালোকক এয়াৰটেল আৰু জিঅ’ দুয়োটাৰে প্ৰিপেইড ডাটা প্লেনৰ বিষয়ে জনাম আৰু মূল্যৰ আধাৰত সুবিধাবোৰৰ বিষয়ে অৱগত কৰিম । এই প্ৰতিবেদনৰ আধাৰত কোনটো কোম্পানীয়ে আপোনাৰ বাবে 200 টকাৰ তলত সৰ্বোত্তম প্ৰিপেইড প্লেন আগবঢ়াইছে জানিব পাৰিব---
জিঅ’ৰ প্ৰতিদিনে 2 জিবি প্ৰিপেইড প্লেন
মূল্য | ডাটা | কল | এছএমএছ | ভেলিডেটী |
299 টকা | প্ৰতিদিনে 2GB (4G) | আনলিমিটেড | প্ৰতিদিনে 100 | 28 দিন |
349 টকা | প্ৰতিদিনে 2GB (5G) | আনলিমিটেড | প্ৰতিদিনে 100 | 28 দিন |
448 টকা | প্ৰতিদিনে 2GB (5G) | আনলিমিটেড | প্ৰতিদিনে 100 | 56 দিন |
859 টকা | প্ৰতিদিনে 2GB | আনলিমিটেড | প্ৰতিদিনে 100 | 84 দিন |
জিঅ’ৰ এই 299 টকীয়া প্ৰিপেইড প্লেন ৰিচাৰ্জ কৰিলে প্ৰতিদিনে লাভ কৰিব 2 GB ডাটা, আনলিমিটেড কলিং আৰু 100 টা এছএমএছৰ সুবিধা ৷ ইয়াৰ ভেলিডিটী 28 দিনৰ বাবে ৷ আনহাতে জিঅ’ই 349 মূল্যৰ বিনিময়ত 28 দিনৰ বাবে প্ৰতিদিনে 2 GB ডাটা প্ৰদান কৰাৰ লগতে আনলিমিটেড কল আৰু এছএমএছৰ সুবিধাও প্ৰদান কৰিছে ৷ 56 দিনৰ বাবে 448 টকা মূল্যত আন এটা ৰিচাৰ্জ প্লেন মুকলি কৰিছে ৷ এই প্ৰিপেইড প্লেনতো আছে প্ৰতিদিনে 2 GB ডাটা, আনলিমিটেড কলিং আৰু 100 টা এছএমএছৰ সুবিধা ৷ প্ৰায় 3 মাহ তথা 84 দিনৰ বাবেও জিঅ’ই মুকলি কৰিছে আন এক ৰিচাৰ্জ প্লেন যাৰ মূল্য 859 টকা ৷ এই প্ৰিপেইড প্লেনতো আছে প্ৰতিদিনে 2 GB ডাটাৰ লগতে আন সুবিধাবোৰ ৷
এয়াৰটেলৰ প্ৰতিদিনে 2 জিবি প্ৰিপেইড প্লেন
মূল্য | ডাটা | কল | এছএমএছ | ভেলিডেটী |
349 টকা | প্ৰতিদিনে 2 GB | আনলিমিটেড | 100 | 28 দিন |
649 টকা | প্ৰতিদিনে 2 GB | আনলিমিটেড | 100 | 56 দিন |
979 টকা | প্ৰতিদিনে 2 GB | আনলিমিটেড | 100 | 84 দিন |
এয়াৰেটেলে 28 দিনৰ বাবে আগবঢ়াইছে 2GB ডাটা 349 টকাৰ বিনিময়ত ৷ ইয়াৰ লগতে এই পেকত আছে আনলিমিটেড কলিং আৰু 100 টা এছএমএছৰ সুবিধা ৷ আনহাতে, 649 টকা ৰিচাৰ্জৰ বিনিময়ত এয়াৰটেলে আগবঢ়াইছে 56 দিনৰ বাবে প্ৰতিদিনে 2GB ডাটাৰ সুবিধা ৷ ইয়াৰ লগতে আছে আনলিমিটেড কলিং আৰু প্ৰতিদিনে 100 টা এছএমএছৰ সুবিধা ৷ আগশাৰীৰ নেটৱৰ্ক কোম্পানীটোৱে 979 টকাৰ আন এক ৰিচাৰ্জ প্লেন আগবঢ়াইছে য’ত গ্ৰাহকে প্ৰতিদিনে লাভ কৰিব 2GB ডাটাৰ লগতে আনলিমিটেড কলিং আৰু 100 টা এছএমএছৰ সুবিধা ৷ এই প্ৰিপেইড প্লেনৰ ভেলিডিটী 84 দিনৰ বাবে ৷