ইণ্টাৰনেশ্যনেল ডেস্ক, 21 মে’:উৰন্ত বিমানত শোকাৱহ ঘটনা ৷ মঙলবাৰে ছিংগাপুৰ এয়াৰলাইন্সে জনোৱা মতে, প্ৰৱল জোকাৰণিৰ বাবে লণ্ডন-ছিংগাপুৰ বিমানখনৰ ভিতৰতে এজন লোকৰ মৃত্যু হয় আৰু আন কেইবাজনো আহত কৰা হয় । জোকাৰণি ইমানেই বেছি আছিল যে, বিমানখন অৱশেষত বেংককলৈ ডাইভাৰ্ট কৰা হয় ৷ ইফালে বিমানখন আহত যাত্ৰীসকলক সহায় কৰিবলৈ জৰুৰীকালীন ক্ৰুৱে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰে ।
বিমান সংস্থাটোৱে ফেচবুক পোষ্টত প্ৰকাশ কৰা অনুসৰি, মুঠ 211 জন যাত্ৰী আৰু 18 জন ক্ৰু মেম্বাৰ থকা বয়িং 777-300 ইআৰ বিমানখনে বিয়লি 3:45 বজাত (0845 জিএমটি) বেংককত অৱতৰণ কৰে ।
সুবৰ্ণভূমি বিমানবন্দৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ (12 মাইল) দূৰৈৰ সমীতিভেজ শ্ৰীনাকৰিন হাস্পতালত জৰুৰীকালীন ক্ৰুৱে আহত যাত্ৰীসকলক চিকিৎসাৰ বাবে ৰানৱেৰ পৰা স্থানান্তৰিত কৰিবলৈ সাজু হৈ আছিল । সুৱৰ্ণভূমি বিমানবন্দৰৰ লাইন মেছেজিং প্লেটফৰ্মত পোষ্ট কৰা ভিডিঅ’ এটাত দেখা গৈছে যে এম্বুলেন্সৰ শাৰী এটাই সেই স্থানলৈ গৈ আছিল ।