কেলিফৰ্ণিয়া : আমেৰিকাৰ কেলিফৰ্ণিয়াত এখন সৰু বিমান দুৰ্ঘটনাত পতিত হয় । আৰক্ষীয়ে জনোৱা মতে বৃহস্পতিবাৰে দক্ষিণ কেলিফৰ্ণিয়াৰ এক বিশাল আচবাব নিৰ্মাণ কাৰখানাৰ চাদত বাগৰি পৰে বিমানখন । বিমান দুৰ্ঘটনাটোত ২ জন লোকৰ মৃত্যু হয় আৰু ১৮ জন আহত হয় ।
ফুলাৰটন আৰক্ষীৰ মুখপাত্ৰ ক্ৰিষ্টি ৱেলছে কয় যে দুৰ্ঘটনাত নিহত লোকসকলৰ পৰিচয় জানিব পৰা হোৱা নাই । নিহত লোকসকল বিমানত আছিল নে কাৰখানাত আছিল, সেয়া জানিব পৰা হোৱা নাই বুলিও আৰক্ষীয়ে জনাইছে । কিয়নো কাৰখানাটোত প্ৰায় ২০০ লোকে কাম কৰি আছিল ।
কেলিফৰ্ণিয়াত বিমান দুৰ্ঘটনা
ফ্লাইট ট্ৰেকিং ৱেবছাইট ফ্লাইটএৱাৰে জনোৱা মতে ডিজনিলেণ্ডৰ পৰা মাত্ৰ ছয় মাইল (১০ কিলোমিটাৰ) দূৰত অৱস্থিত অৰেঞ্জ কাউণ্টিৰ ফুলাৰটন মিউনিচিপাল বিমানবন্দৰৰ পৰা উৰা মাৰিছিল বিমানখন । অৱশ্যে যাত্ৰাৰ দুই মিনিটৰো কম সময়ৰ ভিতৰতে বিমানখন দুৰ্ঘটনাত পতিত হয় ।
চিচিটিভি কেমেৰাত দুৰ্ঘটনাটোৰ দৃশ্য বন্দী হৈছে । ভিডিঅ'ত দেখা গৈছে বিমানখন অট্টালিকাটোৰ ওপৰত হেলনীয়া হৈ পৰি আছে । ইফালে চাৰিওফালে জুই আৰু ক'লা ধোঁৱাই আৱৰি ধৰিছে ।
দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে লগে লগে অঞ্চলটোৰ ব্যৱসায়িক প্ৰতিষ্ঠানবোৰ বন্ধ কৰি দিয়ে । বিমানবন্দৰৰ অপাৰেচন কৰ্মী ক্ৰিছ ভিলালোবোছে জনোৱা মতে বিমানখনৰ গৰাকী নিয়মীয়াকৈ বিমানবন্দৰলৈ আহে আৰু তাৰ পৰা প্ৰায়ে বিমানখন উৰা মাৰে ।
বিমান দুৰ্ঘটনাত ২ জনৰ মৃত্যু
ভিলালোবোছে লগতে কয় যে উৰণৰ পিছতে বিমানখনৰ পাইলটে এয়াৰ ট্ৰেফিক কণ্ট্ৰোলক কৈছিল যে তেওঁ জৰুৰী অৱতৰণ কৰিবলৈ উভতি আহিব, কিন্তু বিমানখনৰ সমস্যাটো কি সেয়া অস্পষ্ট আছিল । বিমানখন দুৰ্ঘটনাত পতিত হোৱা আচবাব নিৰ্মাণ কাৰখানাটোৰ নাম আছিল মাইকেল নিকোলাছ ডিজাইনছ ।
আৰক্ষীয়ে জনোৱা মতে দুৰ্ঘটনাটোৰ পিছতে ১০ জন লোকক চিকিৎসালয়লৈ লৈ যোৱা হয় । আনহাতে তাৰ ভিতৰত ৮ জনক ঘটনাস্থলীতে চিকিৎসাৰ অন্তত যাবলৈ দিয়া হৈছে । আৰক্ষীৰ মতে দুজন লোকৰ মৃত্যু নিশ্চিত ।
বিমান পৰিবহণ বিভাগৰ মতে দুৰ্ঘটনাত পতিত বিমানখন ৪ খন আসনযুক্ত একক ইঞ্জিনৰ ভানছ আৰভি-১০ আছিল । ৰাষ্ট্ৰীয় পৰিবহন সুৰক্ষা ব'ৰ্ডে সামাজিক মাধ্যমৰ পোষ্টত কয় যে দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত আছে ।