নিউজ ডেস্ক, 19 জুন: পুনৰ সংঘটিত হৈছে গণতন্দ্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত কৰা আক্ৰমণৰ ঘটনা ৷ এই ঘটনাত প্ৰাণ হেৰুৱাইছে জ্যেষ্ঠ সাংবাদিক খলিল জিব্ৰানে ৷ পাকিস্তানত সংঘটিত হৈছে এই ঘটনা ৷
পাকিস্তানৰ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, খাইবাৰ পাখতুনখোৱাৰ লেণ্ডি কোটাল চহৰত অৱস্থিত বাসগৃহৰ নিচেই সমীপত কোনো অচিনাক্ত দুৰ্বৃত্তই সাংবাদিকগৰাকীক শূন্য দুৰত্বৰ পৰা গুলীয়াই হত্যা কৰে ৷ ঘটনাটো সংঘটিত হোৱাৰ সময়ত জ্যেষ্ঠ সাংবাদিক জিব্ৰানে তেওঁৰ অধিবক্তা বন্ধু চাজ্জাদৰ সৈতে মটৰ চাইকেলত গৈ আছিল ৷ এই কথা সদৰী কৰিছে জিলা আৰক্ষী বিষয়া(ডিপিঅ’) খাইবাৰ চেলিম্বাৰ আব্বাছে ৷
লগতে পঢ়ক:সাংবাদিক পৰাগ ভূঞাৰ হত্যা : নগাঁৱত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ
জানিব পৰা মতে, সাংবাদিকগৰাকীৰ মটৰ চাইকেলৰ যান্ত্ৰিক বিজুতি ঘটাৰ সময়তে দুৰ্বৃত্তৰ এটা দলে তেওঁক ঘেৰি ধৰে আৰু তাতে গুলীয়াই হত্যা কৰে ৷ ঘটনাটো সংঘটিত হোৱা এলেকাটো লেণ্ডি কোটাল আৰক্ষী থানাৰ অন্তৰ্গত ৷
দুৰ্বৃত্তৰ এই অতৰ্কিত আক্ৰমণৰ ফলত লেণ্ডি কোটাল প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি জিব্ৰানৰ ঘটনাস্থলীতে মৃত্যু ঘটে ৷ এই ঘটনা সংঘটিত কৰাৰ পাছতে দুৰ্বৃত্তৰ দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ সম্প্ৰতি সাংবাদিকগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লেণ্ডি কোটাল চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷