ইন্টাৰনেশ্যনেল ডেস্ক, ৮ ফেব্ৰুৱাৰী : সন্ত্ৰাসবাদী আক্ৰমণ, অৰ্থনৈতিক সংকট আৰু গভীৰ মেৰুকৃত ৰাজনৈতিক পৰিৱেশৰ মাজত অস্থিৰ অৱস্থাত থকা পাকিস্তানত বৃহস্পতিবাৰে সাধাৰণ নিৰ্বাচনৰ বাবে ভোটদান আৰম্ভ হৈছে ৷
বৃহস্পতিবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ কোনো বিৰতি নোহোৱাকৈ বিয়লি ৫ বজালৈকে চলিব । ইতিমধ্য়ে দেশজুৰি ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে, যাতে মুঠ ১২৮,৫৮৫,৭৬০ জন পঞ্জীয়নভুক্ত ভোটাৰে ভোটদান কৰিব পাৰে । আজিৰ নিৰ্বাচনত ১৭ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে বুলি জানিব পৰা গৈছে ৷
ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিচত অতি সোনকালে ভোট গণনা আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে । ৯০ হাজাৰ ভোটকেন্দ্ৰত ১২.৮৫ কোটিৰো অধিক পঞ্জীয়নভুক্ত ভোটাৰে ভোটদান কৰিব ৷ দেশজুৰি প্ৰায় ৬ লাখ ৫০ হাজাৰ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে । সন্ত্ৰাসবাদীৰ ভাবুকিৰ বাবে পাকিস্তানে ম’বাইল সেৱা সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে ।
ইফালে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান জেলত থকাৰ সময়তে শ্বৰীফৰ পাকিস্তান মুছলিম লীগ-নৱাজ (পিএমএল-এন) নিৰ্বাচনত একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰাৰ সম্ভাৱনা আছে । খানৰ পাকিস্তান তেহৰিক-ই-ইনছাফৰ প্ৰাৰ্থীয়ে স্বতন্ত্ৰভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ কাৰণ উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগে তেওঁৰ দলক চিনাকি নিৰ্বাচনী প্ৰতীক ক্ৰিকেট ‘বেট’ৰ পৰা বঞ্চিত কৰাৰ সিদ্ধান্তক সমৰ্থন জনাইছে ।
আনহাতে, বুধবাৰে অশান্ত বেলুচিস্তান প্ৰদেশত নিৰ্বাচনী কাৰ্যালয়সমূহক লক্ষ্য কৰি দুটাকৈ বিধ্বংসী বোমা বিস্ফোৰণত কমেও ৩০ জন লোক নিহত আৰু ৪০ জনতকৈ অধিক লোক আহত হোৱা হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয় ।
ECP (Election Commission of Pakistan) ৰ তথ্য অনুসৰি, ৰাষ্ট্ৰীয় বিধানসভাৰ (NA) আসনৰ বাবে মুঠ ৫,১২১জন প্ৰাৰ্থীয়ে দৌৰত নামিছে । ইয়াৰ ভিতৰত আছে ৪৮০৭ জন পুৰুষ, ৩১২ জন মহিলা আৰু দুজন তৃতীয় লিংগৰ প্ৰাৰ্থী । চাৰিখন প্ৰাদেশিক বিধানসভাৰ বাবে ১২,৬৯৫ জন প্ৰাৰ্থীয়ে ক্ষেত্ৰখনত আছে, য’ত আছে ১২,১২৩ জন পুৰুষ, ৫৭০ জন মহিলা আৰু দুগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থী ৷