অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / international

সাগৰ তলিত আবিষ্কাৰ কৰা এই প্ৰাণীবিধ কি ? জানক সবিশেষ - Ghost Shark

New species of Fish: সাগৰৰ তলিখন অতি ৰহস্যৰে ভৰা নহয় নে বাৰু ৷ তাৰোপৰি সাগৰ তলিত থাকে অজান শত্ৰু, যিয়ে নিমিষতে আক্ৰমণ কৰিব পাৰে অন্বেষণকাৰীক ৷ শেহতীয়াকৈ সাগতলিত উদ্ধাৰ হৈছে এনে এক বিশেষ প্ৰজাতিৰ মাছ, যাক ভূত হাংগৰ বুলি কোৱা হৈছে ৷

New species of Fish
New Zealand Scientists Discover A New Species Of Fish (AFP/ National Institute Of Water and Atmospheric Research Ltd)

নিউজ ডেস্ক, 24 ছেপ্টেম্বৰ:হাংগৰ বা চাৰ্কৰ বিষয়ে আপুনি নিশ্চয় শুনিছে ৷ সাগৰত পোৱা এইবিধ জলজ প্ৰাণীক চিকাৰী অথবা সাগৰ তলিৰ দৈত্য বুলিও বহুতে কয় ৷ হাংগৰৰ মুখত পৰিলে কোনো মানুহ বা আন প্ৰাণী সহজে বাচিব নোৱাৰে ৷ অতি তীক্ষ্ণ জলজ চিকাৰী হাংগৰ ৷ শেহতীয়াকৈ বিজ্ঞানীসকলে হাংগৰৰ এটা নতুন প্ৰজাতি আবিষ্কাৰ কৰিছে ৷ যাক কোৱা হৈছে ‘‘ভূত হাংগৰ’’ অৰ্থাৎ ‘‘Ghost Shark’’ ৷ ক’ত পোৱা গৈছে হাংগৰৰ এই প্ৰজাতিটো ? জানিবলৈ নিশ্চয় আপোনাৰো মন গৈছে ৷

সাগৰ তলিত ভূত হাংগৰ

নিউজীলেণ্ডৰ বিজ্ঞানীসকলে মঙলবাৰে কয় যে তেওঁলোকে এটা নতুন প্ৰজাতিৰ “Ghost Shark” আৱিষ্কাৰ কৰিছে, যিটো প্ৰশান্ত মহাসাগৰৰ তলত ঘূৰি ফুৰে আৰু এক মাইলতকৈও অধিক তললৈ গৈ ই চিকাৰ কৰে । ৱেলিংটনস্থিত নেশ্যনেল ইনষ্টিটিউট অৱ ৱাটাৰ এণ্ড এটম’ছফেৰিক ৰিচাৰ্চ (NIWA)ৰ বিজ্ঞানীসকলে জনোৱা মতে, অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ডৰ গভীৰ পানীত বাস কৰা অষ্ট্ৰেলিয়াছিয়ান সংকীৰ্ণ নাকৰ স্পুকফিছক জীৱিত অৱস্থাত পোৱা গৈছে ।

ভূত হাংগৰৰ বিৱৰণ

নিউজীলেণ্ডৰ দক্ষিণ দ্বীপৰ ওচৰত প্ৰায় ১০০০ কিলোমিটাৰ (৬২১ মাইল) পূবে বিস্তৃত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ চাথাম ৰাইজত গৱেষণাৰ সময়ত এই প্ৰাণীটো আৱিষ্কাৰ কৰা হৈছে । ভূত হাংগৰ বা চিমেৰা, হাংগৰ আৰু ৰশ্মিৰ সৈতে সম্পৰ্কিত যদিও ই এনে এটা মাছৰ গোটৰ অংশ যাৰ কংকাল সম্পূৰ্ণৰূপে কাৰ্টিলেজৰ দ্বাৰা গঠিত । স্পুকফিছ বুলিও জনাজাত এই ভূত হাংগৰৰ চকু দুটা ভূতৰ দৰে ক’লা আৰু দেহত মসৃণ, পাতল বাদামী, বাকলিবিহীন ছাল থাকে ।

ইহঁতে ২৬০০ মিটাৰ (৮,৫৩০ ফুট) পৰ্যন্ত গভীৰতাত ক্ৰুষ্টেচিয়ানক খাদ্য গ্ৰহণ কৰে । গৱেষণা বিজ্ঞানী ব্ৰিট ফিনুচিয়ে কয় যে এইটোৰ দৰে ভূত হাংগৰে বহুলাংশে সাগৰৰ তলত বিচৰণ কৰি থাকে । ফিনুচিয়ে আইতাকৰ স্মৃতিত নতুন প্ৰজাতিটোক বৈজ্ঞানিক নাম "হেৰিয়াটা এভিয়া" দিছিল ।

"ইহঁতৰ বাসস্থানে ইহঁতক অধ্যয়ন আৰু নিৰীক্ষণ কৰাটো কঠিন কৰি তোলে, অৰ্থাৎ আমি ইহঁতৰ জীৱবিজ্ঞান বা ভাবুকিৰ অৱস্থাৰ বিষয়ে বৰ বিশেষ নাজানো ৷ কিন্তু ই এনে আৱিষ্কাৰক আৰু অধিক ৰোমাঞ্চকৰ কৰি তোলে ।’’ ফিনুচিয়ে কয় ৷ পূৰ্বতে এই স্পুকফিছক বিশ্বজুৰি বিস্তৃত একক প্ৰজাতিৰ অংশ বুলি ভবা হৈছিল, যেতিয়ালৈকে বিজ্ঞানীসকলে আৱিষ্কাৰ কৰা নাছিল যে ই ইয়াৰ বংশীয় প্ৰজাতিৰ পৰা জিনীয় আৰু ৰূপগতভাৱে পৃথক ।

লগতে পঢ়ক:চৰাইয়ে নিৰ্বাচন খেলা দেখিছেনে ? - Bird Election

‘ৰাছিয়ান চোৰাংচোৱা তিমি’ ভালডিমিৰৰ নৰৱে’ৰ সাগৰত মৃত্যু - Russian Spy Whale Found Dead

কোটি কোটি বছৰ পুৰণি সাগৰীয় গৰুৰ জীৱাশ্ম উদ্ধাৰ: ঘঁৰিয়ালৰ আক্ৰমণৰ পিচত চিকাৰ টাইগাৰ চাৰ্কৰ - sea cow fossil recovered

ABOUT THE AUTHOR

...view details