অসম

assam

ETV Bharat / international

হামাছে এতিয়া সকলো বন্দীক মুক্তি দিবই লাগিব : আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ' - US ON HOSTAGES BY HAMAS

বন্দী বিনিময়ৰ অংশ হিচাপে হামাছে তিনিজন বন্দীক মুকলি কৰি দিয়াৰ ইজৰাইলৰ নিশ্চিতিৰ পিছত তেওঁৰ এই মন্তব্য ।

US Secretary of State Marco Rubio
আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ' (ANI)

By ANI

Published : Feb 9, 2025, 9:04 AM IST

ৱাশ্বিংটন ডিচি :ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ স্থিতি পুনৰ দোহাৰি আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ'ই হামাছক সকলো বন্দীক তৎক্ষণাৎ মুক্তি দিয়াৰ দাবী জনাইছে । "ৰাষ্ট্ৰপতি স্পষ্ট কৰি দিছিল - হামাছে এতিয়া সকলো বন্দীক মুক্তি দিব লাগিব !" X-ৰ এটা পোষ্টত ৰুবিঅ'ক উদ্ধৃত কৰি হোৱাইট হাউছে কয় ।

ইজৰাইলে বন্দী বিনিময়ৰ অংশ হিচাপে হামাছে মুকলি কৰা তিনিজন বন্দীক ঘূৰাই অনাটো নিশ্চিত কৰাৰ পিছত তেওঁৰ এই মন্তব্যটো আহে । ইয়াৰ পূৰ্বে শনিবাৰে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে (আই ডি এফ) ঘোষণা কৰিছিল যে ওহাদ বেন এমি, এলি শ্বাৰাবি আৰু অৰ লেভিৰ নামৰ তিনিজন বন্দীক ৰেড ক্ৰছৰ হাতত গতাই দিয়া হৈছে আৰু তেওঁলোকক সুৰক্ষা বেষ্টনীৰ মাজেৰে ইজৰাইলী অঞ্চললৈ লৈ যোৱা হৈছে । তাত উপস্থিত হোৱাৰ পিছত আই ডি এফ আৰু শিন বেট বাহিনীয়ে তেওঁলোকক গ্ৰহণ কৰে । ইয়াৰ পিছত তেওঁলোকৰ প্ৰাৰম্ভিক চিকিৎসা কৰা হয় ।

উল্লেখ্য যে, গাজাত বন্দী হৈ থকা এই লোককেইজনক শাৰীৰিকভাৱে অতি দুৰ্বল দেখা গৈছে । তেওঁলোকৰ দুৰ্বল অৱস্থাৰ বাবে পৰিয়ালবোৰৰ মাজত চিন্তাৰ উদ্ৰেক কৰিছে । টাইমছ অব ইজৰাইলে প্ৰকাশ কৰা অনুসৰি, হামাছে বন্দীসকলক মুক্তি দিয়াৰ পূৰ্বে এক ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত কৰে আৰু তাত বন্দীসকলে প্ৰচাৰ প্ৰদৰ্শনত অংশগ্ৰহণ কৰিবলৈ বাধ্য হৈছিল । অনুষ্ঠানৰ সময়ত হামাছৰ এজন মুখাপিন্ধা কৰ্মীয়ে ভাষণ প্ৰদান কৰে আৰু তিনিওজন বন্দীক পৰিচয়-পত্ৰ আঁৰি দি মঞ্চত পেৰেড কৰায় ।

এই চুক্তিৰ অংশ হিচাপে ইজৰাইলে নেগেভৰ কেজিঅ'ট কাৰাগাৰ আৰু পশ্চিম তীৰৰ অফাৰ কাৰাগাৰৰ পৰা 183 জন পেলেষ্টাইনী সুৰক্ষা বন্দীক মুকলি কৰিবলৈ প্ৰস্তুতি চলাইছে । এই গ্ৰুপটোত আছে 18 জন আজীৱন কাৰাদণ্ড ভোগ কৰা বন্দী আৰু সাতজন কয়দীক বিতাড়নৰ বাবে নিৰ্ধাৰণ কৰা হৈছে । চলিত যুদ্ধৰ সময়ত এই ১৮৩ জন বন্দীৰ ভিতৰত ১১১ জনক গাজাত গ্ৰেপ্তাৰ কৰা হৈছিল । আনহাতে, বাকী ৭২ জন হৈছে পশ্চিম তীৰ আৰু পূব জেৰুজালেমৰ ।

লগতে পঢ়ক :হামাছে মুকলি কৰা বন্দীক স্বদেশলৈ স্বাগতম প্ৰধানমন্ত্ৰী নেতান্যাহুৰ - ISRAEL HAMAS CEASEFIRE DEAL
লগতে পঢ়ক :এক্সন মোডত ট্ৰাম্প; শ শ অবৈধ নাগৰিকক গ্ৰেপ্তাৰ - TRUMPS DEPORTATION PLEDGE

ABOUT THE AUTHOR

...view details