ৱাশ্বিংটন ডিচি : ড'নাল্ড ট্ৰাম্পে প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনৰ সুৰক্ষা অনুমতি প্ৰত্যাহাৰ কৰিছে । হোৱাইট হাউছে নিজৰ এক্স একাউণ্টত এই কথা ঘোষণা কৰে । লগতে সংবেদনশীল তথ্য পৰিচালনাৰ ক্ষেত্ৰত তেওঁৰ সামৰ্থ্যৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি তেওঁৰ দৈনিক চোৰাংচোৱা ব্ৰিফিঙো বন্ধ কৰি দিছে ।
বিবৃতিটোত প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ শ্ৰেণীবদ্ধ বিৱৰণত প্ৰৱেশৰ ক্ষেত্ৰত অধিকাৰ সীমিত কৰাৰ বাবে বাইডেনৰ ২০২১ চনৰ এক সিদ্ধান্তৰ কথাও উল্লেখ কৰা হৈছে । আনহাতে, ই এক দৃষ্টান্ত স্থাপন কৰি এতিয়া ইয়াক খোদ বাইডেনলৈ সম্প্ৰসাৰিত কৰা হৈছে ।
হোৱাইট হাউছে এটা X পোষ্টত কৈছে, "জো বাইডেনে শ্ৰেণীবদ্ধ তথ্যৰ প্ৰৱেশাধিকাৰ লাভ কৰাটো অব্যাহত ৰখাৰ কোনো প্ৰয়োজন নাই । সেয়েহে আমি তৎক্ষণাৎ জো বাইডেনৰ সুৰক্ষা অনুমোদন প্ৰত্যাহাৰ কৰিছোঁ আৰু তেওঁৰ দৈনিক চোৰাংচোৱা ব্ৰিফিং বন্ধ কৰিছো । তেওঁ ২০২১ চনত এই দৃষ্টান্ত স্থাপন কৰি ইণ্টেলিজেন্স কমিউনিটীক (আই চি) আমেৰিকাৰ ৪৫ সংখ্যক ৰাষ্ট্ৰপতিক (মোক !) ৰাষ্ট্ৰীয় সুৰক্ষাৰ ওপৰত বিৱৰণ লাভ কৰাত বাধা দিবলৈ নিৰ্দেশ দিছিল । কিন্তে সেইটো আছিল প্ৰাক্তন ৰাষ্ট্ৰপতিসকলক প্ৰদান কৰা এক সৌজন্যমূলক ব্যৱস্থা । হুৰ প্ৰতিবেদনে প্ৰকাশ কৰিছে যে বাইডেন 'দুৰ্বল স্মৃতিশক্তি'ৰ সমস্যাত ভুগি আছে আৰু আনকি তেওঁ সৰ্বোচ্চ পদত থাকিলেও সংবেদনশীল তথ্যৰ ক্ষেত্ৰত বিশ্বাস কৰিব নোৱাৰি । মই সদায় আমাৰ ৰাষ্ট্ৰীয় সুৰক্ষা সুৰক্ষিত কৰিম - জো, আপোনাক বৰ্খাস্ত কৰা হৈছে । আমেৰিকাক পুনৰ মহান কৰক !"
" there is no need for joe biden to continue receiving access to classified information.
— The White House (@WhiteHouse) February 7, 2025
therefore, we are immediately revoking @JoeBiden’s Security Clearances, and stopping his daily Intelligence Briefings." –President Donald J. Trump pic.twitter.com/9xRfU4bVKd
ইফালে বাইডেনৰ সুৰক্ষা অনুমোদন প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত ট্ৰাম্পৰ দাবীৰ ব্যৱহাৰিক প্ৰভাৱ এক মুকলি প্ৰশ্ন হৈ পৰিছে । প্ৰাক্তন ৰাষ্ট্ৰপতিসকলৰ সাধাৰণতে সুৰক্ষা অনুমতি নাই । ৰাষ্ট্ৰপতি হিচাপে তেওঁলোকৰ সকলো শ্ৰেণীবদ্ধ তথ্য লাভ কৰাৰ অধিকাৰ আছে, কিন্তু এবাৰ কাৰ্যালয় এৰি যোৱাৰ পিছত তেওঁলোকৰ সেইটো অধিকাৰ নাই বুলি CNN ৰ এক প্ৰতিবেদনত প্ৰকাশ ।
CNN ৰ বাতৰি অনুসৰি, ২০২১ চনৰ ৬ জানুৱাৰীৰ আগতে আৰু পিছত আমেৰিকাৰ কেপিটলত সংঘটিত আক্ৰমণৰ ঘটনাত বাইডেনে ট্ৰাম্পৰ বিৰুদ্ধে একে পদক্ষেপ গ্ৰহণৰ ঠিক চাৰি বছৰ পিছত ট্ৰাম্পে বাইডেনৰ চোৰাংচোৱা ব্ৰিফিঙত প্ৰৱেশাধিকাৰ সীমিত কৰাৰ সিদ্ধান্ত লয় ।
ট্ৰাম্পে লগতে যুক্তি দিয়ে যে বাইডেনে ২০২১ চনত তেওঁ কাৰ্যালয় ত্যাগ কৰাৰ পিছত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিৱৰণত ট্ৰাম্পৰ প্ৰৱেশাধিকাৰ সীমিত কৰিবলৈ চোৰাংচোৱা বিভাগক নিৰ্দেশ দি এক দৃষ্টান্ত স্থাপন কৰিছিল । ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁ ইয়াক এক অন্যায় পদক্ষেপ হিচাপে বিবেচনা কৰে ।
CNN ৰ প্ৰতিবেদন অনুসৰি, ট্ৰাম্পে প্ৰাক্তন বিশেষ পৰামৰ্শদাতা ৰবাৰ্ট হুৰৰ প্ৰতিবেদনৰ উদ্ধৃতি দিয়ে । উক্ত প্ৰতিবেদনত বাইডেনৰ বিৰুদ্ধে কোনো অপৰাধৰ অভিযোগ আৰোপ কৰা নাছিল । কিন্তু অতি সংবেদনশীল শ্ৰেণীবদ্ধ তথ্য সঠিকভাৱে সুৰক্ষিত কৰাত ব্যৰ্থ এজন স্মৃতি বিভ্ৰাট হোৱা সেনাধ্যক্ষৰ ছবি অংকন কৰিছিল ।