অসম

assam

ETV Bharat / international

X ত সৰ্বাধিক অনুসৰণ কৰা বিশ্ব নেতা : প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন ইলন মাস্কৰ - most followed world leader on X - MOST FOLLOWED WORLD LEADER ON X

Elon Musk congratulates PM Modi : ১০০ মিলিয়নতকৈও অধিক ফ'ল'ৱাৰ্ছৰে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম 'এক্স'ত প্ৰধানমন্ত্ৰী মোদী হৈছে বিশ্বৰ আটাইতকৈ বেছি ফ'ল'ৱাৰ্ছ থকা নেতা । তেওঁৰ এই ঈৰ্ষণীয় জনপ্ৰিয়াতাৰ বাবে ইলন মাস্কে মোদীক অভিনন্দন জনায় ।

Elon Musk congratulates PM Modi
প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন ইলন মাস্কৰ (ANI Photo)

By ANI

Published : Jul 20, 2024, 9:28 AM IST

নিউজ ডেস্ক, ২০ জুলাই :ছ'চিয়েল মিডিয়া প্লেটফৰ্ম 'এক্স'ত আটাইতকৈ বেছি অনুসৰণ কৰা বিশ্ব নেতা হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে । এক্সত মাস্কে কয়, "আটাইতকৈ বেছি অনুসৰণ কৰা বিশ্ব নেতা হোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন !"

উল্লেখ্য যে, ১০০ মিলিয়নতকৈও অধিক ফ'ল'ৱাৰ্ছৰে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম 'এক্স'ত প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ আটাইতকৈ বেছি অনুসৰণ কৰা নেতা হোৱাৰ পিচত মাস্কে এই মন্তব্য কৰে । 38.1 নিযুত ফ'ল'ৱাৰ্ছৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, ডুবাইৰ শাসক শ্বেখ মহম্মদ বিন ৰছিদ আল মাকতুম (11.2 নিযুত) আৰু পোপ ফ্ৰান্সিছকে (18.5 নিযুত) ধৰি বিশ্বৰ আন নেতাসকলতকৈ প্ৰধানমন্ত্ৰী মোদী যথেষ্ট আগবাঢ়ি আছে ।

তেওঁ টেইলৰ ছুইফ্ট (95.2 নিযুত), লেডি গাগা (83.1 নিযুত) আৰু কিম কাৰ্ডাচিয়ানৰ (75.2 নিযুত) দৰে বিশ্বজনীন চেলিব্ৰিটিতসকলকৈও আগবাঢ়ি আছে । আনহাতে, বিৰাট কোহলী (64.2 নিযুত), ব্ৰাজিলিয়ান ফুটবলাৰ নেইমাৰ জুনিয়ৰ (63.6 নিযুত) আৰু আমেৰিকান বাস্কেটবল খেলুৱৈ লেব্ৰন জেমছকে (52.9 নিযুত) ধৰি বৰ্তমান সক্ৰিয় বিশ্ব খেলুৱৈৰ তুলনাত প্ৰধানমন্ত্ৰী মোদীৰ অধিক ফ'ল'ৱাৰ্ছ আছে ।

ইফালে এক্সত বিভিন্ন ভাৰতীয় ৰাজনীতিবিদৰ অনুগামীৰ সংখ্যাৰে তুলনা কৰিলে প্ৰধানমন্ত্ৰী মোদী যথেষ্ট আগত আছে । এই ক্ষেত্ৰত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ ২৬.৪ নিযুত, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ২৭.৫ নিযুত, সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱৰ (১৯.৯ নিযুত), পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ (৭.৪ নিযুত), ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী লালুপ্ৰসাদ যাদৱৰ (৬.৩ নিযুত), তেওঁৰ পুত্ৰ তেজস্বী যাদৱৰ (৫.২ নিযুত) আৰু এন চি পি প্ৰধান শৰদ পাৱাৰৰ ২.৯ নিযুত ফ'ল'ৱাৰ্ছ আছে ।

আমোদজনকভাৱে, বিগত তিনি বছৰত প্ৰধানমন্ত্ৰী মোদীৰ এক্স হেণ্ডেলত প্ৰায় 30 নিযুত ইউজাৰৰ আকৰ্ষণীয় বৃদ্ধি দেখা গৈছে । তেওঁৰ প্ৰভাৱ ইউটিউব আৰু ইনষ্টাগ্ৰামলৈকে বিস্তৃত । এই দুটা প্লেটফৰ্মত তেওঁৰ ক্ৰমান্বয়ে প্ৰায় 25 নিযুত ছাবস্ক্ৰাইবাৰ আৰু 91 নিযুতৰো অধিক ফ'ল'ৱাৰ্ছ আছে । ২০০৯ চনত এই প্লেটফৰ্মত যোগদান কৰাৰ পিচত প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াক গঠনমূলক কামৰ বাবে ধাৰাবাহিকভাৱে ব্যৱহাৰ কৰি আহিছে ।

তেওঁ ইয়াত এক সক্ৰিয় আৰু আকৰ্ষণীয় ব্যক্তিত্ব বজাই ৰাখিছে । তেওঁ অগণন সাধাৰণ নাগৰিকক অনুসৰণ কৰে, তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰে, তেওঁলোকৰ বাৰ্তাৰ উত্তৰ দিয়ে আৰু কেতিয়াও কাকো ব্লক কৰা নাই ।

লগতে পঢ়ক :এক্সত ১০ কোটি অনুৰাগীৰ সংখ্যা পাৰ হ’ল প্ৰধানমন্ত্ৰী মোদীৰ - Narendra Modi
লগতে পঢ়ক :মোৰ প্ৰধান লক্ষ্য ভাৰতক তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তোলা : মস্কোত প্ৰবাসী ভাৰতীয়ৰ সৈতে বাৰ্তালাপত মোদী - PM Modi Russia Visit

ABOUT THE AUTHOR

...view details