নিউজ ডেস্ক, 11 অক্টোবৰ: দুৰ্গোৎসৱৰ উলহ-মালহৰ মাজতে অঘটন ৷ সকলোৰে অলক্ষিতে চোৰে ছাফাই কৰিলে দেৱীৰ মন্দিৰ ৷ দেৱ-দেৱীৰ কোপদৃষ্টিকো ভ্ৰক্ষেপ নকৰি চোৰে লুটি নিলে দেৱী মাৰ শিৰৰ আভূষণ ৷ লৈ গ’ল মাৰ মুকুট ৷ তাতকৈ ডাঙৰ কথাটো হ’ল চোৰে সদৰ্পে লৈ উধাও হোৱা এই মুকুটৰ আছে এক বিশেষত্বও ৷ কাৰণ এই মুকুটৰ দাতাগৰাকী কোন জানে? তেওঁ হৈছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ৷ হয় ঠিকেই পঢ়িছে আমি ক’ব খোজা ব্যক্তিজন ভাৰতৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷
এই ঘটনাৰ স্থান সাতখিৰাৰ শ্যামনগৰ ৷ এই ঠাইত অৱস্থিত যশোৰেশ্বৰী মন্দিৰৰ পৰা দেৱী কালীৰ এটা মুকুট চুৰি কৰা হৈছে। দ্য ডেইলী ষ্টাৰে প্ৰকাশ কৰা অনুসৰি, 2021 চনৰ মাৰ্চ মাহত উক্ত মন্দিৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মুকুট উপহাৰ দিছিল।
দ্য ডেইলী ষ্টাৰৰ বাতৰি অনুসৰি বৃহস্পতিবাৰে মন্দিৰৰ পুৰোহিত দিলীপ মুখাৰ্জীয়ে দিনটোৰ নিত্যকৰ্ম সামৰি থৈ যোৱাৰ পিছত দুপৰীয়া 2.00 বজাৰ পৰা 2.30 বজাৰ ভিতৰত চুৰিকাৰ্য সংঘটিত হয়। পৰবৰ্তী সময়ত মন্দিৰ ছাফাইৰ কামৰ নিয়োজিত কৰ্মচাৰীসকলে দেখা পায় মুকুটটো দেৱীৰ শিৰত নাই।
শ্যামনগৰ আৰক্ষী থানাৰ পৰিদৰ্শক তাইজুল ইছলামে কয়, "আমি চোৰক চিনাক্ত কৰিবলৈ মন্দিৰৰ চিচিটিভি ফুটেজ পৰ্যালোচনা কৰি আছো।" উল্লেখ্য যে ৰূপ আৰু সোণৰ আৱৰণেৰে নিৰ্মিত মুকুটটোৱে সাংস্কৃতিক তাৎপৰ্য আৰু ধৰ্মীয় গুৰুত্ব বহন কৰে।
হিন্দু পৌৰাণিক কাহিনী অনুসৰি, যশোৰেশ্বৰী মন্দিৰ হৈছে ভাৰত আৰু চুবুৰীয়া দেশবোৰত সিঁচৰতি হৈ থকা 51 টা শক্তি পীঠৰ ভিতৰত এটা। "যশোৰেশ্বৰী" নামৰ অৰ্থ হৈছে "যশোৰৰ দেৱী।" এই মন্দিৰ পিচে ভাৰতত নহয় প্ৰতিৱেশী ৰাষ্ট্ৰ বাংলাদেশত অৱস্থিত ৷ যশোৰেশ্বৰী কালী মন্দিৰ দেৱী কালীৰ প্ৰতি উৎসৰ্গিত এক প্ৰসিদ্ধ হিন্দু মন্দিৰ, মন্দিৰটো সাতখিৰা জিলাৰ উপজিলা শ্যামনগৰৰ এখন গাওঁ ঈশ্বৰীপুৰত অৱস্থিত।
প্ৰধানমন্ত্ৰী মোদীয়ে 2021 চনৰ 27 মাৰ্চত বাংলাদেশ ভ্ৰমণৰ সময়ত যশোৰেশ্বৰী মন্দিৰ পৰিদৰ্শন কৰিছিল। সেই দিনা তেওঁ ধৰ্মীয় বিশ্বাসৰ চিনস্বৰূপে সেই মুকুটটো দেৱীৰ মূৰত স্থাপন কৰিবলৈ আগবঢ়াইছিল। সেই সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে সেই মন্দিৰ ভ্ৰমণৰ এটা ভিডিঅ'ও শ্বেয়াৰ কৰিছিল, যিটো ক‘ভিড-১৯ মহামাৰীৰ পিছত যিকোনো দেশলৈ তেওঁৰ প্ৰথম ভ্ৰমণ আছিল।
লোকবিশ্বাসমতে এই মন্দিৰটো দ্বাদশ শতিকাৰ শেষভাগত অনাড়ী নামৰ এজন ব্ৰাহ্মণ ব্যক্তিয়ে নিৰ্মাণ কৰিছিল। তেওঁ যশোৰেশ্বৰী পীঠৰ বাবে এটা 100 দুৱাৰৰ মন্দিৰ নিৰ্মাণ কৰিছিল ৷ পিছত 13 শতিকাত লক্ষ্মণ সেনে ইয়াক নতুন ৰূপ দিছিল আৰু পিছলৈ ষোড়শ শতিকাত ৰজা প্ৰতাপদিত্যই মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল।
হিন্দু পৌৰাণিক আখ্যানমতে, 51 টা পীঠৰ ভিতৰত, ঈশ্বৰীপুৰৰ মন্দিৰ হৈছে সেই ঠাই য'ত দেৱী সতীৰ ভৰিৰ তলুৱা আৰু গোড়ালিৰ অংশ পৰিছিল আৰু তেওঁ দেৱী যশোৰেশ্বৰীৰ ৰূপত আৰু ভগৱান শিৱ চণ্ড ৰূপে বিৰাজমান।
লগতে পঢ়ক:বিবাহপাশত আৱদ্ধ হ’বৰ বাবে উত্তম ভাৰতৰ এই ৬টা সুন্দৰ মন্দিৰ - Best Temples In India for Weddings