অসম

assam

ETV Bharat / health

বাদ দিয়ক দামী শ্বেম্পু...আপোনাৰ ঘৰতে আছে ইয়াৰ বিকল্প...চুলিৰ যিকোনো সমস্যা হ’ব দূৰ - Methi Hair Mask - METHI HAIR MASK

Methi Hair Mask: চুলি সৰাটো খুবেই বিৰক্তিকৰ অনুভৱ হয় । দুৰ্বল আৰু শুকান চুলিনো কোনে বিচাৰে । কিন্তু বহুবাৰ এই সমস্যা দূৰ কৰিবলৈ বহুতে দামী হেয়াৰ ট্ৰিটমেণ্ট বা শ্বেম্পু ব্যৱহাৰ কৰে ৷ এনে পৰিস্থিতিত আপোনাৰ ঘৰতে থকা মেথিৰে তৈয়াৰী এই হেয়াৰ মাস্কসমূহ আপুনি নিশ্চয় তৈয়াৰ কৰি চাব পাৰে ৷ জানো আহক এই মাস্ক লগোৱাৰ উপকাৰিতা তথা তৈয়াৰৰ পদ্ধতি ৷

These Methi Hair Masks can help you prevent hair loss and dandruff
বাদ দিয়ক দামী শ্বেম্পু...আপোনাৰ ঘৰতে আছে ইয়াৰ বিকল্প...চুলিৰ যিকোনো সমস্যা হ’ব দূৰ (ETV Bharat)

By ETV Bharat Health Team

Published : Sep 24, 2024, 5:13 PM IST

ইংৰাজীত ফেনুগ্ৰীক নামেৰেও জনাজাত মেথি চুলিৰ বাবে যথেষ্ট উপকাৰী বুলি গণ্য কৰা হয় ৷ এই কাৰণেই ইয়াক চুলিৰ বহু ঘৰুৱা ঔষধত যুগ যুগ ধৰি ব্যৱহাৰ কৰি অহা হৈছে ৷ ইয়াত থকা প্ৰ’টিন, ভিটামিন, খনিজ পদাৰ্থই চুলিক শক্তিশালী কৰাত সহায় কৰে (Hair Growth Tips) ৷

ই চুলি সৰা ৰোধ কৰে আৰু উফিৰ পৰা মুক্তি দিয়াত সহায় কৰে ৷ সেয়ে আজিৰ এই প্ৰতিবেদনত আমি আপোনালোকক ঘৰতে সহজে প্ৰস্তুত কৰিব পৰা মেথি হেয়াৰ মাস্ক কেনেকৈ ঘৰতে তৈয়াৰ কৰিব পাৰি আৰু ইয়াৰ উপকাৰিতা কি সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম ৷ এই হেয়াৰ মাস্কৰ সহায়ত চুলিৰ সৈতে জড়িত বহু সমস্যাৰ সমাধানো আপুনি অতি সহজে পাব পাৰে ৷

চুলিৰ বাবে মেথিৰ উপকাৰিতা (Methi Benefits For Hair)

চুলি শক্তিশালী কৰে- মেথিত প্ৰ’টিন থাকে, যিয়ে চুলিক মজবুত কৰে ৷ ইয়াৰ ফলত চুলি সৰাৰ সমস্যা বহু পৰিমাণে কম হয় ৷

উফি কম কৰে- ইয়াৰ ভেঁকুৰ প্ৰতিৰোধী গুণ আছে, যিয়ে উফিৰ সৃষ্টি কৰা ভেঁকুৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷

চুলিক পুষ্টি প্ৰদান কৰে-ভিটামিন আৰু খনিজ পদাৰ্থই চুলিক সুস্থ কৰি ৰখাত সহায় কৰে আৰু চুলিক চিকচিকিয়া কৰি ৰাখে ৷

চুলিৰ বৃদ্ধিত সহায় কৰে- মেথিত থকা লেক্টিনে চুলিৰ ছিদ্ৰ সক্ৰিয় কৰাত সহায় কৰিব পাৰে ৷

বাদ দিয়ক দামী শ্বেম্পু...আপোনাৰ ঘৰতে আছে ইয়াৰ বিকল্প...চুলিৰ যিকোনো সমস্যা হ’ব দূৰ (ETV Bharat)

৩ প্ৰকাৰৰমেথি হেয়াৰ মাস্ক

১/ মেথি আৰু দৈ হেয়াৰ মাস্ক

সামগ্ৰী:

১/৪ কাপ মেথি গুটি

১/৪ কাপ দৈ

পদ্ধতি:

মেথিৰ গুটি পানীত ৰাতি তিয়াই ৰাখিব ৷

ৰাতিপুৱা গুটিখিনি পিচি পেষ্ট বনাই লওক ৷

তাত দৈ দি ভালদৰে মিহলাই লওক ৷

পেষ্টটো চুলিৰ গুৰিত লগাই কিছু সময় থৈ দিয়ক ৷

এতিয়া ঠাণ্ডা পানীৰে ধুই লওক ৷

২/ মেথি আৰু মৌ মাস্ক

সামগ্ৰী:

বাদ দিয়ক দামী শ্বেম্পু...আপোনাৰ ঘৰতে আছে ইয়াৰ বিকল্প...চুলিৰ যিকোনো সমস্যা হ’ব দূৰ (ETV Bharat)

১/৪ কাপ মেথি গুটি

১ চামুচ মৌ

পদ্ধতি:

মেথিৰ গুটি পানীত ৰাতি তিয়াই ৰাখিব ৷

পুৱা গুটি পিহি পেষ্ট তৈয়াৰ কৰক ৷

তাত মৌ দি ভালদৰে মিহলাই লওক ৷

পেষ্টটো চুলিৰ গুৰিত লগাই কিছু সময় থৈ দিয়ক ৷

এতিয়া ঠাণ্ডা পানীৰে ধুই লওক ৷

৩/ মেথি আৰু কণীৰ মাস্ক

সামগ্ৰী:

  • ১/৪ কাপ মেথি গুটি
  • ১ কণীৰ কুহুম

পদ্ধতি:

  • মেথিৰ গুটি পানীত ৰাতিটো তিয়াই ৰাখিব ৷
  • পুৱা গুটি পিচি পেষ্ট তৈয়াৰ কৰি লওক ৷
  • তাত কণীৰ কুহুম দি ভালদৰে মিহলাই লওক ৷
  • পেষ্টটো চুলিৰ গুৰিত লগাই কিছু সময় থৈ দিব ৷
  • এতিয়া ঠাণ্ডা পানীৰে ধুই লওক ৷

মেথি হেয়াৰ মাস্ক লগোৱাৰ সময়ত মনত ৰাখিব এই কথা

  1. এই মাস্ক সপ্তাহত এবাৰ বা দুবাৰ প্ৰয়োগ কৰিব লাগে ৷
  2. মাস্ক লগোৱাৰ পিচত ঠাণ্ডা পানীৰে চুলি ধুই লওক, কিয়নো গৰম পানীয়ে চুলি শুকান কৰিব পাৰে ৷
  3. যদি হেয়াৰ মাস্ক ব্যৱহাৰ কৰাৰ পিচত যিকোনো বস্তুৰ প্ৰতি এলাৰ্জী হয় তেন্তে ইয়াক ব্যৱহাৰ নকৰিব ৷
  4. নিয়মিতভাৱে চুলিক তেলেৰে মালিচ কৰক, ইয়াৰ ফলত চুলি সদায় সুস্থ হৈ থাকিব ৷ ইচ্ছা কৰিলে আপোনাৰ তেলত মেথি গুটিও দিব পাৰে ৷
লগতে পঢ়ক:চুলিৰ বাবে মহৌষধ এইবিধ বস্তু, কেৱল জানি লওক ইয়াক ব্যৱহাৰৰ উপায়

ABOUT THE AUTHOR

...view details