অসম

assam

বাৰিষাকালত বিভিন্ন ৰোগৰ পৰা বাচি থাকিবলৈ খাওক এই পানীয় - Immunity Boosting Drinks

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 6:09 PM IST

Immunity Boosting Drinks: শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থৰ বাবে অসুস্থ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷ এনে বিষাক্ত পদাৰ্থ নিষ্কাষণৰ বাবে আমি ঘৰতে কিছুমান ডিটক্স পানীয় প্ৰস্তুত কৰিব পাৰো ৷ দৈনিক এই পানীয়বোৰ পান কৰিলে আমাৰ সামগ্ৰিক স্বাস্থ্যৰ উপকাৰিতা সাধন হোৱাৰ লগতে ঋতুভিত্তিক গুৰুতৰ ৰোগৰ পৰাও আমি সুৰক্ষিত হৈ থাকিব পাৰোঁ ৷ চাওঁ আহক আমি ঘৰতে প্ৰস্তুত কৰিব পৰা এনে তিনিবিধ ডিটক্স পানীয়ৰ বিষয়ে ৷

These drinks will boost your immune system during the rainy season
বাৰিষাকালত বিভিন্ন ৰোগৰ পৰা বাচি থাকিবলৈ খাওক এই পানীয় (CANVA)

বাৰিষা বতৰত সাধাৰণতে বহু ঋতুভিত্তিক ৰোগে জুৰুলা কৰে মানুহক ৷ এনে ৰোগসমূহে আমাক অত্যন্ত দুৰ্বল কৰি তোলে ৷ বৰ্ষাকালীন এই ৰোগসমূহ প্ৰতিহত কৰিবলৈ আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি তোলাটো অত্যন্ত প্ৰয়োজনীয় ৷ ইয়াৰ সমান্তৰালকৈ আমাৰ দেহৰ পৰা অপকাৰী পদাৰ্থসমূহ নিষ্কাষণ শৰীৰটো আভ্যন্তৰীণভাৱে পৰিষ্কাৰ কৰি ৰখাটোও যথেষ্ট গুৰুত্বপূৰ্ণ ৷ এই ক্ষেত্ৰত আমাক কিছুমান ঘৰুৱাভাৱে প্ৰস্তুত কৰা ডিটক্স পানীয়ই সহায় কৰিব ৷ শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থৰ বাবে অসুস্থ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷ শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থ নিষ্কাষণ কৰিবলৈ আমি ঘৰতে কিছুমান ডিটক্স পানীয় প্ৰস্তুত কৰিব পাৰো ৷

দৈনিক এই পানীয়বোৰ পান কৰিলে আমাৰ সামগ্ৰিক স্বাস্থ্যৰ উপকাৰ সাধন হোৱাৰ লগতে আমাৰ ছালখনতো ইয়াৰ সুপ্ৰভাৱ পৰে ৷ তদুপৰি এনে পানীয়ৰ জৰিয়তে আমি ঋতুভিত্তিক গুৰুতৰ ৰোগৰ পৰাও সুৰক্ষিত হৈ থাকিব পাৰোঁ ৷ চাওঁ আহক আমি ঘৰতে প্ৰস্তুত কৰিব পৰা এনে তিনিবিধ ডিটক্স পানীয়ৰ বিষয়ে-

নেমু, পদিনা আৰু তিয়ঁহৰ পানীয়

এটা পাত্ৰত পৰিষ্কাৰ পানী লৈ এই পানীত নেমুৰ টুকুৰা, পদিনা পাত আৰু তিয়ঁহৰ টুকুৰা অন্ততঃ ১২ ঘণ্টা সময় তিয়াই ৰাখক ৷ এই পানী পুৱা চেকি লৈ খাব পাৰে ৷ পদিনাই হজম শক্তি উন্নত কৰে আৰু ছাল সুস্থ ৰাখে ৷ আনহাতে নেমুত থকা ভিটামিন চিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷ একেদৰে তিয়ঁহে ছালৰ সমস্যাৰ পৰা সকাহ দিয়াৰ লগতে হজম শক্তিও উন্নত কৰি তোলে ৷

আদা, নেমু আৰু কেঁচা হালধিৰ পানীয়

কেঁচা আদা আৰু হালধি ধুই সৰু সৰু টুকুৰা কৰি ইয়াৰ সৈতে নেমুৰ টুকুৰা পৰিষ্কাৰ পানীত নিশাটো তিয়াই ৰাখি এই ডিটক্স পানীয় প্ৰস্তুত কৰিব পাৰে আৰু পুৱা এই ডিটক্স পানীয় গ্ৰহণ কৰিব পাৰে ৷ আদা, হালধি আৰু নেমুৰ এই পানীয়ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব ৷ ইয়াৰ উপৰিও ভাইৰাছৰ সংক্ৰমণৰ পৰা সুৰক্ষাৰ লগতে ছালখনো সুস্থ কৰি ৰাখিব ৷

তুলসী, আপেল আৰু ডালচেনি

তুলসীৰ পাত, আপেল আৰু কিছু ডালচেনি গুড়ি কৰি পানীত দি প্ৰায় ১০ৰ পৰা ১২ ঘণ্টামান ৰাখি এই ডিটক্স পানীয় প্ৰস্তুত কৰিব পাৰে ৷ তুলচিয়ে মানসিক চাপৰ বিৰুদ্ধে যুঁজ দিয়া, শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ পৰা ৰক্ষা কৰাৰ লগতে বিষাক্ত পদাৰ্থ দেহৰ পৰা নিষ্কাষণতো সহায় কৰে ৷ একেদৰে ডালচেনিত থকা এন্টিফাংগেল আৰু এন্টিভাইৰেল গুণে সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ৷ আপেলে হজম শক্তি উন্নত কৰাৰ লগতে হৃদযন্ত্ৰকো সুস্থ কৰি ৰাখে ৷ এই পানীয়ই শক্তিও বৃদ্ধি কৰিব ৷

লগতে পঢ়ক:ৰুগীয়া হ’বলৈ মন নাই যদি বাৰিষাত নাখাব এই ৪বিধ খাদ্য - Monsoon Restricted Foods

ABOUT THE AUTHOR

...view details