তেজপুৰ: "ঐতিহাসিক ষ্টিলৱেল ৰোডে উত্তৰ-পূব ভাৰতক দক্ষিণ-পূব এছিয়াৰ সৈতে সংযোগ স্থাপনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷" তিনিদিনীয়াকৈ আয়োজন কৰা পাংচু পাচ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ (পি পি আই এফ) উদ্বোধন কৰি অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে সোমবাৰে এই মন্তব্য কৰে ৷ তেওঁ লগতে এই বুলিও কয় যে এই মহোৎসৱ হৈছে সংস্কৃতি আৰু অৰ্থনীতি কেনেদৰে একেলগে চলি থাকিব পাৰে তাৰ এক উজ্জ্বল নিদৰ্শন ।
খাণ্ডুৱে কয়- “লোকগীত, পৰম্পৰাগত ক্ৰীড়া আৰু ঐতিহাসিক স্থানলৈ অভিযানৰ জৰিয়তে আমি আমাৰ ঐতিহ্যক উদযাপন কৰাৰ লগতে সমৃদ্ধিশালী ভৱিষ্যতৰ ভেটি গঢ়ি তোলো । এই উৎসৱে আমাৰ স্থানীয় শিল্পী, ব্যৱসায়ী আৰু উদ্যোগীসকলক তেওঁলোকৰ প্ৰতিভা আৰু সামগ্ৰী প্ৰদৰ্শনৰ বাবেও এক মঞ্চ প্ৰদান কৰে, যাৰ ফলত অৰ্থনৈতিক উন্নয়ন আৰু আত্মনিৰ্ভৰশীলতাৰ পথ মুকলি হয় ।"
খাণ্ডুৱে টিৰাপ, চাংলাং আৰু লংডিং (টি চি এল) অঞ্চলৰ ক্ৰমবৰ্ধমান পৰ্যটন খণ্ডক সহায় কৰিবলৈ আন্তঃগাঁথনি আৰু সংযোগ উন্নত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে । পৰ্যটনৰ অধীনত তিনিখন জিলাক অন্তৰ্ভুক্ত কৰি সংযোগ আৰু আন্তঃগাঁথনিৰ উন্নয়ন ঘটোৱাৰ লগে লগে অঞ্চলটোৰ পৰ্যটন ক্ষেত্ৰ অধিক উজলি উঠিব বুলিও তেওঁ কয় ।
জয়ৰামপুৰ, নামপং আৰু পাংচু পাচক সংযোগ কৰা ডাবল লেন ৰাষ্ট্ৰীয় ঘাইপথটো এইক্ষেত্ৰত লোৱা এক উল্লেখযোগ্য পদক্ষেপ বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে দোহাৰে । তেওঁ কয়-"পশ্চিম কামেঙৰ নাফ্ৰাৰ পৰা চাংলাঙৰ বিজয়নগৰলৈ পাৰ হ’বলগীয়া ২,৫০০ কিলোমিটাৰ সীমান্ত ঘাইপথে ৰাজ্যখনৰ পথ সংযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে সলনি কৰিব ।
এবাৰ সংযোগ সৰ্বোত্তম হ’লে টিৰাপ, চাংলাং আৰু লংডিং অঞ্চলকে ধৰি আমাৰ ৰাজ্যখন ত্বৰান্বিত উন্নয়নৰ এক সাক্ষী হৈ ৰ'ব ।" ৰাজ্যখনৰ নামপং দ্বিতীয় বিশ্বযুদ্ধৰ ঐতিহাসিক স্থান হোৱাৰ বাবে খাণ্ডুৱে ঘোষণা কৰে যে ৰাজ্য চৰকাৰে যুদ্ধৰ সকলো অৱশিষ্ট সামগ্ৰী পুনৰুদ্ধাৰ কৰি পৰ্যটনৰ উদ্দেশ্যে অঞ্চলটোৰ পুনৰ উন্নয়ন কৰিব ৷
তেওঁ কয়- "আমি অতি সোনকালে ইয়াৰ বাবে এজন বিশেষজ্ঞক নিয়োগ কৰিম আৰু নামপং চহৰখনক এক নতুন ৰূপ দিম যাতে দ্বিতীয় বিশ্বযুদ্ধৰ কথা পৰ্যটকৰ মনত পৰে ।" আনহাতে, ক্ষমতাৰ বিকেন্দ্ৰীকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে আগন্তুক সময়ত বিভিন্ন জিলাত কেবিনেট বৈঠক অনুষ্ঠিত কৰিব৷ এই কেবিনেট বৈঠকসমূহে অঞ্চলকেন্দ্ৰিক বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলি তেওঁ প্ৰকাশ কৰে ।
খাণ্ডুৱে সোমবাৰে চাৰিটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নামপং বিধানসভা সমষ্টিৰ বাবে বিশেষভাৱে পাঁচটা প্ৰকল্প উদ্বোধন কৰে । সমষ্টিটোত ৪৩ কোটি টকাৰ প্ৰকল্প অনুমোদন দিয়াৰ কথাও তেওঁ ঘোষণা কৰে । উল্লেখ্য যে ২০২০ চনত শেষবাৰৰ বাবে পাংচু পাচ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ উদযাপন কৰা হৈছিল । ক’ভিডৰ বাবে ২০২১ চনত এই মহোৎসৱ অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল । চাৰি বছৰৰ ব্যৱধানৰ অন্তত এইবাৰ ২০ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ উদযাপন কৰা হৈছে এই উৎসৱ ।
লগতে পঢ়ক: বিশ্বযুদ্ধৰ স্মৃতি বিজড়িত নামপঙত ১০০০ সৈন্য়ক কোনে কৰিছিল সমাধিস্থ