ETV Bharat / state

মানুহে খন্দা গাঁতত পৰি গজৰাজৰ বিলৈ - ELEPHANT MENACE ASSAM

গোলাঘাট জিলাৰ সুন্দৰপুৰত হাতী পৰিল গাঁতত ।‌ বহু সময় গাঁতত পৰি চটফটাই থকা হাতীটোক এক্সকেভেটৰৰ সহায়ত উদ্ধাৰ কৰে বন বিভাগে ।

ELEPHANT RESCUE
সুন্দৰপুৰত হাতী পৰিল গাঁতত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 21, 2025, 10:17 AM IST

গোলাঘাট : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ কেতিয়াবা যদি জনাঞ্চলত বন্যহস্তীয়ে আহি উপদ্ৰৱ চলোৱা, আন কেতিয়াবা আকৌ গজৰাজৰ গচকত মানুহৰ মৃত্যু হোৱা ইত্যাদি বাতৰিয়ে সঘনে সংবাদ শিৰোনাম দখল কৰি আহিছে ৷ আনকি কেতিয়াবা আকৌ মানুহৰ কিছু অদ্ভূতকাণ্ডৰ পৰিণাম ভোগ কৰিব লগা হয় বন্য জীৱ-জন্তুৱে ৷

এই প্ৰতিবেদনত আজি আমি উল্লেখ কৰিবলৈ লৈছো এনে এটা ঘটনাই ৷ স্থান গোলাঘাট ৷ তেতিয়া সময় পুৱা প্ৰায় 4 বাজিছে ৷ হঠাৎ ৰিণিকি ৰিণিকি ভাহি আহিল কোনো জীৱৰ বিননি ৷ পিছে কাৰ সেই মাত ? সেই অবুজ মাত শুনি শোৱাপাটিৰ পৰা উঠি আহিল স্থানীয় লোক ৷ গঞা ৰাইজে একগোট হৈ সেই মাতটোৰ সন্ধানত ওলাই গ’ল ৷ নিৰ্দিষ্ট স্থানত উপস্থিত হৈ হতবাক হ’ল গঞা ৷

সুন্দৰপুৰত হাতী পৰিল গাঁতত (ETV Bharat Assam)

এটা বন্যহস্তী; পৰি ৰৈছে এটা সৰু গাঁতত ৷ সম্ভৱতঃ নিশা বন্যহস্তীৰ জাক এটা গোলাঘাট জিলাৰ অন্তৰ্গত মৰঙি মৌজাৰ সুন্দৰপুৰৰ মাজেৰে পাৰ হৈ গৈছিল ৷ তেতিয়াই সেই হাতীৰ জাকৰে এটা হস্তী উক্ত গাঁতটোত পৰি যায় ৷ কেবাঘন্টা ধৰি উক্ত গাঁতটোত পৰি ৰোৱা এই হাতীটোৰ চটফটনি দেখি গঞা ৰাইজে খবৰ দিয়ে বকিয়াল বন বিভাগক ৷ মঙলবাৰে পুৱাই এই খবৰ লাভ কৰি উক্ত স্থানত উপস্থিত হয় বন বিভাগৰ লোক ৷ তাৰ পাছতে অকণো পলম নকৰাকৈ বন বিভাগৰ লোকে এখন এক্সকেভেটৰৰৰ সহায়ত গাঁতটোৰ কিছু অংশ কাটি হাতীটো উদ্ধাৰ কৰে ৷

লগতে পঢ়ক : বিদায়ী বৰ্ষটোত বন্যহস্তীয়ে কাৰ কিমান ক্ষতি কৰিলে ?

বকিয়াল বন বিভাগৰ এজন কৰ্মচাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘সুন্দৰপুৰৰ এটা গাঁতত এটা হাতী পৰি আছে বুলি গাঁৱৰ ৰাইজে আমাক খবৰ দিছিল ৷ খবৰ পোৱাৰ লগে লগে আমি আহি হাতীটোৱে গাঁতটোত চটফটাই থকা দেখা পালো ৷ তাৰ পাছতে আমাৰ ফালৰ পৰা এখন এক্সকেভেটৰ আনি হাতীটোক উদ্ধাৰ কৰিলো । সম্ভৱতঃ খাদ্যৰ সন্ধানত হাতীটো আহোতেই এই ঘটনা সংঘটিত হৈছে, যিহেতু চাৰিওফালে বাগিচা আৰু বাগিচাৰ ভিতৰতে হাতীবোৰ থাকে ।’’

উল্লেখ্য যে, বনাঞ্চলত খাদ্যৰ নাটনি হোৱাৰ ফলতে প্ৰতিদিনে খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাক জনাঞ্চলত প্ৰৱেশ কৰে । দিনটো চাহ বাগিচাত আশ্ৰয় লোৱাৰ পাছত নিশা হ'লে খাদ্য খাবলৈ জনাঞ্চলত প্ৰৱেশ কৰি কি পথাৰ, কি ভঁৰাল - ধান বা শস্য খাই তহিলং কৰাৰ লগতে ভাঙি তচনচ কৰে বাসগৃহও । কিছুদিন পূৰ্বে মৰঙী মৌজাৰ কাষৰীয়া এটা অঞ্চলতো অনুৰূপ এক ঘটনা সংঘটিত হৈছিল ।

লগতে পঢ়ক : হাতী-বান্দৰৰ উপদ্ৰৱৰ পৰা লাগে পৰিত্ৰাণ? তিতাবৰৰ কৃষকে উলিয়ালে সমাধান

লগতে পঢ়ক : পূৰ্বতে আছিল তিনিটা, এতিয়া হ’লগৈ ৭০টা: খৰি লুৰিবলৈ গৈ মহিলাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.