অসম

assam

ETV Bharat / health

ভাত নে ৰুটি ? ওজন কমাবলৈ কোনবিধ উপকাৰী - ROTI VS RICE

প্ৰায়েই মানুহৰ মনলৈ এটা প্ৰশ্ন আহে যে ওজন কমাবলৈ আমাৰ স্বাস্থ্যৰ বাবে ভাত নে ৰুটি উপকাৰী, আজি এই বিষয়ে গৱেষণাই কি কয় জানি লও আহক-

Roti vs Rice: Which is the Better Dinner Option?
ভাত নে ৰুটি ? ওজন কমাবলৈ কোনবিধ উপকাৰী (ETV Bharat)

By ETV Bharat Health Team

Published : Dec 26, 2024, 5:22 PM IST

Roti vs Rice:ব্যস্ত জীৱন তথা অনিয়মিত খাদ্যৰ গ্ৰহণ কৰাৰ ফলত মানুহ দিনক দিনে ৰুগীয়া হৈ গৈ আছে ৷ সময়মতে খাদ্য গ্ৰহণ নকৰাৰ ফলত অন্য ৰোগৰ লগতে মেদবহুলতাৰ দৰে সমস্যাইও দেখা দিয়ে ৷ বৃদ্ধি হোৱা ওজন নিয়ন্ত্ৰণ কৰিবলৈ মানুহে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰে ৷ কিছুমানে জিম কৰাৰ লগতে খাদ্যৰ ওপৰতো নিয়ন্ত্ৰণ ৰাখে ৷ আনকি অত্যধিক শকত নহ’বলৈ বা ওজন বৃদ্ধি নহ’বৰ বাবে বহুতে খাদ্য কমাই খায় ৷ ওজন কমাবলৈ বিচৰা একাংশলোকৰ মনত প্ৰায়ে প্ৰশ্ন থাকে যে নিশাৰ আহাৰত ৰুটি নে ভাত খোৱা ভাল ? ইয়াৰ উত্তৰ জনাৰ পূৰ্বে ইয়াৰ উপকাৰিতা জনা দৰকাৰ ৷

ৰুটিৰ উপকাৰিতা

ৰুটিত ফাইবাৰ, প্ৰ’টিন, ভিটামিন বি- কমপ্লেক্স, আইৰন আৰু জিংকৰ লগতে বহু পুষ্টিকৰ উপাদান থাকে ৷ গতিকে ৰুটি খোৱা অধিক ফলপ্ৰসূ বুলি ক’ব পাৰি ৷ কেৱল এয়াই নহয়, ৰুটিত ফাইবাৰ থাকে গতিকে ই ওজন কমোৱাত সহায় কৰে ৷ ইয়াৰোপৰি যদি আপোনাৰ হৃদযন্ত্ৰ শক্তিশালী কৰিব বিচাৰে তেন্তে ৰুটি সেৱন কৰিব পাৰে ৷ কিন্তু পৰা পক্ষত গোটা শস্য ভিত্তিক বহুশস্যযুক্ত আটাৰে তৈয়াৰী ৰুটিহে আমি খোৱাটো উচিত ৷ সেয়ে এতিয়াৰে পৰা আটাৰ ক্ৰয় কৰাৰ সময়ত তাত লিখা সামগ্ৰীসমূহ ভালদৰে পৰীক্ষা কৰিহে ক্ৰয় কৰিব ৷

ভাতৰ উপকাৰিতা

ভাতত প্ৰচুৰ পৰিমাণৰ প্ৰ’টিন, ভিটামিন বি কমপ্লেক্স, ফাইবাৰ আৰু কাৰ্বহাইড্ৰেট থাকে ৷ গতিকে ভাতে আপোনাৰ শৰীৰত শক্তি বৃদ্ধি কৰাত যথেষ্ঠ সহায় কৰে ৷ ইমানেই নহয়, ভাতত থকা পুষ্টিকৰ উপাদানে শৰীৰৰ পেশী মজবুত কৰাত সহায় কৰে ৷ ইয়াৰ লগতে চাউলত গ্লুটেন নাথাকে ৷ ইয়াত এন্টিঅক্সিডেন্টও থাকে যিয়ে শৰীৰক কোষৰ ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে ৷

ওজন কম কৰিবলৈ কি খাব লাগে ?

যিসকলে ওজন কৰিব বিচাৰে তেওঁলোকক বিশেষজ্ঞই ৰুটি বা ব্ৰাউন ৰাইচ খাব দিয়ে ৷ বিশেষজ্ঞৰ মতে, নিশাৰ আহাৰত ভাত খালে আপোনাৰ আন্ত্ৰিক স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে ৷ গতিকে নিশা ৰুটি খোৱা ভাল ৷ ইয়াৰোপৰি যদি আপুনি ডায়বেটিছ ৰোগত আক্ৰান্ত তেন্তে চাউল বেছি খাব নালাগে কিয়নো ই তেজ ব্লাড চুগাৰৰ মাত্ৰা বৃদ্ধি কৰে ৷

ডায়বেটিছ ৰোগীয়ে কম পৰিমাণে চাউল সেৱন কৰি তাৰ ঠাইত ফাইবাৰযুক্ত অন্য খাদ্য খাব লাগে ৷ অৱশ্যে যিকোনো সিদ্ধান্ত লোৱাৰ আহত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ ৷ আপুনি যদি ওজন কম বিচাৰিছে আৰু ডায়েট ফলো কৰিব বিচাৰিছে তেন্তে চিকিৎসক বা অন্য বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে ৷

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য সম্পৰ্কীয় তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত।)

লগতে পঢ়ক:ডায়েবেটিছ ৰোগীৰ বাবে যদি চেনি বৰবিহ তেন্তে গুড় খাব পাৰেনে ?

ABOUT THE AUTHOR

...view details