‘‘আই তোক কিহেৰে পূজিমে
আই তোৰ চৰণে দুখানি
আই ঐ কিহেৰে পূজিমে তোক
জীৱন দি পূজিমে তোক’’
মাত্ৰ এটা শব্দ 'মা' । এটা বৰ্ণৰে গঠিত এই শব্দটোতেই লুকাই আছে প্ৰতিজন সন্তানৰ বাবে সঞ্জিৱনী সুধা । মমতাময়ী মাতৃক বাদ দি কল্পনাই কৰিব নোৱাৰি এই বিনন্দীয় পৃথিৱী খনৰ এটা প্ৰজন্মৰ পৰা অন্য প্ৰজন্মলৈ প্ৰবাহিত সৃষ্টিৰ ধাৰা ৷ নিজৰ দুখ কষ্ট পাহৰি আমাৰ জীৱনত হাঁহি বিৰিঙাই তোলে একমাত্ৰ আমাৰ মাতৃয়েই ৷
মাতৃৰ ঋণ প্ৰতিজন সন্তানে কোনো কালেই কোনো দিনে পৰিশোধ নোৱাৰে । প্ৰতিগৰাকী সন্তানৰ জীৱনত মাৰ যি অতুলনীয় অৱদান, সেয়া কেৱল মাত্ৰ দুটামান কথাতেই লিখি সমাপ্ত কৰিব নোৱাৰি । মাতৃৰ সন্তানৰ প্ৰতি যি নিস্বাৰ্থ মৰম, ভালপোৱা, তথা মমতাময়ী যি ৰূপ সেয়া কথা কবি, গীতিকাৰৰ কলমতো জীৱন্ত হৈ উঠে ।
এই মমতাময়ী মাতৃৰ ধাৰ কোনো কালেই পৰিশোধ কৰিব নোৱাৰিলেও সমগ্ৰ বিশ্বই মাতৃৰ বাবে সন্মান প্ৰদান কৰিবলৈ আজিৰ দিনটোক বিশেষ দিন হিচাপে উদযাপন কৰি আহিছে । সমগ্ৰ বিশ্বই বিভিন্ন দিনত জন্মদাত্ৰী মাতৃক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্য এটা দিন নিৰ্ধাৰণ কৰি লৈছে ।
প্ৰতিগৰাকী সন্তানেই নিজৰ মাতৃৰ বাবে এই দিনটো বিশেষ কৰি তোলাৰ ইচ্ছা প্ৰকাশ কৰে ৷ কিন্তু বহুবাৰ খেলি-মেলিত পৰা দেখা যায় এনে কি উপহাৰ আছে যাৰ দ্বাৰা আমি আমাৰ ‘মা’ৰ মুখত হাঁহি বিৰিঙাব পাৰো বা সুখী কৰিব পাৰো ৷
সেয়ে আজি আমি আপোনালোকৰ বাবে এনে কিছুমান উপহাৰৰ বিকল্প লৈ আহিছো যাৰ দ্বাৰা আপুনি আপোনাৰ মাতৃৰ বাবে মাতৃ দিৱসৰ এই দিনটো আৰু অধিক বিশেষ কৰি তুলিব পাৰে ৷
হাতেৰে লিখা এখন চিঠি:আপোনাৰ ব্যস্ত জীৱনৰ পৰা কেইটামান মুহূৰ্ত উলিয়াই আপোনাৰ মাৰ প্ৰতি আপোনাৰ প্ৰেম প্ৰকাশ কৰা এখন চিঠি বা কবিতা লিখক । পুৰণি দিনৰ সেই স্মৃতিবোৰৰ বিষয়ে লিখক যি সময়ত আপুনি আপোনাৰ মাতৃৰ সৈতে সুন্দৰ সময় অতিবাহিত কৰিছিল ৷
মুভি নাইট:আপোনাৰ ঘৰত এটা নিখুঁত মুভি নাইটৰ ব্যৱস্থা কৰক স্নেক, আৰু আপোনাৰ মাৰ প্ৰিয় চিনেমাৰ সৈতে । অলৰ পপকৰ্ণ পপিং কৰি একেলগে এটা ভাল আৰু শান্তিপূৰ্ণ সন্ধিয়া উপভোগ কৰক ।
ঘৰতে বনোৱা খাদ্য:মাতৃ দিৱসত আপুনি আপোনাৰ মৰমৰ মাতৃৰ বাবে ঘৰতে তেওঁৰ বাবে বিশেষভাৱে খাদ্য প্ৰস্তুত কৰিব পাৰে ৷ তেওঁৰ পচন্দৰ যিকোনো খাদ্য তৈয়াৰ কৰক আৰু একেলগে উপভোগ কৰক ৷ ইয়াৰ ভিতৰত মিঠা খাদ্য ৰাখিবলৈ নাপাহৰিব ৷
অনলাইন উপহাৰ:বৰ্তমান বহু সন্তানেই কৰ্মব্যস্ততাৰ বাবে নিজৰ পিতৃ-মাতৃৰ পৰা আঁতৰত থাকিবলগীয়া হয় এনে ক্ষেত্ৰত আপুনি অনলাইনযোগে আপোনাৰ মাতৃৰ বাবে igp, Fnpৰ দৰে ৱেবচাইটৰ দ্বাৰাও উপহাৰ দি সুখী কৰিব পাৰে ৷
লগতে পঢ়ক:বাৰে বাৰে উশাহ ফুলাৰ সমস্যা আছে নেকি ? খাবলৈ আৰম্ভ কৰক এই খাদ্য - Shortness Of Breath