বৰ্তমান সময়ত বজাৰত বিভিন্ন ধৰণৰ শিশুৰ বাবে খাদ্যৰ বিকল্প পোৱা যায় ৷ এই খাদ্যৰ ব্ৰেণ্ডবোৰে বিজ্ঞাপনৰ জৰিয়তে গ্ৰাহকক এনেকৈ আকৰ্ষিত কৰিছে যে, সকলোৱে নিজৰ সন্তানৰ বাবে সেইসমূহ উপযুক্ত বুলি ভাবি লৈ খুওৱাবলৈ আৰম্ভ কৰে ৷ কিন্তু প্ৰকৃততে বহুদিন ভালে ৰাখিবলৈ এই খাদ্যত যি পদাৰ্থ ব্যৱহাৰ কৰা হয়, সেয়া শিশুৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে ৷ সেয়েহে, আপুনি আপোনাৰ সন্তানৰ সুস্বাস্থ্যৰ কথা ভাবি ঘৰতেই তেওঁলোকৰ বাবে চেৰেলেক তৈয়াৰ কৰিব পাৰে ৷ যিসমূহ আপুনি ৬ মাহতকৈ ডাঙৰ সন্তানক খুবাৱ পাৰে ৷ ঘৰত কিদৰে চেৰেলেক তৈয়াৰ কৰিব পাৰি, আজি জানো আহক-
চেৰেলেক বনাবলৈ প্ৰয়োজনীয় সামগ্ৰীসমূহ
- চাউল - ১ কাপ
- মগু দাইল - ২ চামুচ
- মচুৰ দাইল - ২ চামুচ
- ৰহৰ দাইল - ২ চামুচ
- কাঠবাদাম - ৭টা
- বুটৰ দাইল - ২ চামুচ
- পানী - ২ কাপ
- ঘেঁহু - ১ কাপ
- মাখানা- ২ কাপ
প্ৰস্তুত পদ্ধতি
প্ৰথমে চাউলখিনি পৰিস্কাৰ পানীৰে ভালদৰে ধুই লৈ এখন কাপোৰত থৈ অলপ শুকাবলৈ দিব ৷ একেদৰে গোটেইখিনি দাইল, ঘেঁহু আৰু কাঠবাদাম ধুই সেইখিনিও কাপোৰ এখনত উলিয়াই লৈ অলপ শুকাবলৈ দিব ৷ ইয়াৰ পাছত প্ৰথমে চাউলখিনি কেৰাহীত মুগাবৰণীয়া হোৱাকৈ অলপ ভাজি ল’ব ৷ চাউলখিনি ভজা হ’লে দাইল ঘেঁহু আৰু কাঠবাদামখিনিও একেদৰে ভাজি ল’ব ৷ এই দুয়োখিনি উপকৰণ ঠাণ্ডা হোৱাৰ পাছত মিক্সিত পিছি গুৰি কৰিব ৷ এই গুৰিখিনি ভালদৰে চালি লৈ কাঁচৰ পাত্ৰত ভৰাই থ'ব ৷ সন্তানক খুওৱাৰ সময়ত পাউডাৰ আৰু পানী এটা পেনত মিহলি কৰি তাত কেইটুকুৰামান মিচিৰি দি কম জুইত ভালদৰে ৰান্ধিব ৷ এনেদৰেই আপোনাৰ ঘৰতে তৈয়াৰ কৰা স্বাস্থ্যসন্মত চেৰেলেক সাজু কৰিব পাৰে ৷
লগতে পঢ়ক:Child Care: শিশুৰ জন্মৰ ৬ মাহৰ পিছত কেনেধৰণৰ খাদ্য খুৱাব লাগে ? শিশুৰোগ বিশেষজ্ঞ ডাঃ চামিউল এ. হুছেইনৰ পৰা জানি লওক