ETV Bharat / state

শিক্ষাসেতুৰ পৰা আঁতৰিল অশৰীৰী শিক্ষাৰ্থী : বছৰি ব্যয় হোৱা ২০০ কোটি টকাৰ হিচাপ কোনে দিব ! - SHIKSHA SETU PORTAL

শিক্ষাসেতুৰ পৰা আঁতৰিল লাখ লাখ অশৰীৰী শিক্ষাৰ্থী ৷ ২০২৩-২৪ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদনত এই কথা প্ৰকাশ ৷

Shiksha Setu portal
শিক্ষামন্ত্ৰী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 16 hours ago

গুৱাহাটী : ৰাজ্যৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধনৰ বাবে শিক্ষা বিভাগে গ্ৰহণ কৰা পদক্ষেপৰ পাছতে কেতবোৰ দিশ উন্মোচিত হৈছিল । বিশেষকৈ শিক্ষাসেতু এপ প্ৰৱৰ্তন হোৱাৰ পাছতে বহু অনিয়ম পোহৰলৈ আহিছিল । লক্ষণীয় বিষয় যে চৰকাৰী শিক্ষানুষ্ঠানসমূহত বহুসংখ্যক ভুবা শিক্ষাৰ্থী থকাৰ দীৰ্ঘদিনীয়া অভিযোগৰ তথ্যভিত্তিক সত্যতা 'শিক্ষাসেতু' এপৰ যোগেদি প্ৰমাণিত হৈছিল ।

অসমৰ চৰকাৰী বিদ্যালয়সমূহত লাখ লাখ অস্তিত্বহীন শিক্ষাৰ্থী থকাৰ কথাটো ধৰা পেলাইছিল শিক্ষাসেতু এপে । এই অস্তিত্বহীন তথা অশৰীৰী শিক্ষাৰ্থীৰ নামত ইমানদিনে চলি আহিছিল কোটি কোটি টকাৰ লুণ্ঠন ।

  • শিক্ষাসেতুৰ পৰা আঁতৰিল ৪ লাখ অশৰীৰী শিক্ষাৰ্থী :

শিক্ষাসেতু এপৰ যোগেদি লাভ কৰা তথ্যৰ ভিত্তিত বিদ্যালয় শিক্ষা বিভাগে প্ৰায় ৪ লাখ অশৰীৰী শিক্ষার্থীৰ নাম অৱশেষত শিক্ষাসেতু পটেলৰ পৰা আঁতৰাই দিলে । সমগ্ৰ শিক্ষা অসমে শেহতীয়াকৈ প্ৰকাশ কৰা ২০২৩-২৪ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে । প্ৰতিবেদনখনত শিক্ষাসেতু পটেলৰ এয়া এক সফলতা বুলি দাবী কৰা হৈছে ।

Four lakh non physical students have been removed from shiksha setu portal
শিক্ষাসেতু (ETV Bharat)

তদুপৰি গুণোৎসৱ অনুষ্ঠিত কৰাৰ ফলত বিদ্যালয়সমূহৰ দুৰ্বল আন্তঃগাঁথনিৰ বিষয়ে শিক্ষা বিভাগ তথা সমগ্ৰ শিক্ষাই অৱগত হোৱাৰ পাছতো যোৱা বৰ্ষটোত কিমান শিক্ষানুষ্ঠানৰ অতিৰিক্ত শ্ৰেণী কোঠা, ছোৱালীৰ টয়লেট আদি নির্মাণ, মেৰামতি কৰা হ'ল তাৰো খতিয়ান প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে ।

  • গুণোৎসৱৰ পূৰ্বে প্ৰকাশ সমগ্ৰ শিক্ষাৰ বাৰ্ষিক প্ৰতিবেদন :

উল্লেখ্য যে অহা ৬ জানুৱাৰীৰ পৰা ৮ জানুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব । গুণোৎসৱ অনুষ্ঠিত হোৱাৰ পূৰ্বে সমগ্ৰ শিক্ষাই প্ৰকাশ কৰা বাৰ্ষিক প্ৰতিবেদন অনুসৰি চাৰি লাখ শিক্ষাৰ্থীৰ নাম শিক্ষাসেতু এপৰ পৰা আঁতৰোৱাৰ পাছত বৰ্তমানে ৰাজ্যৰ ৪৩,৮৩৯ খন বিদ্যালয়ত ৪৭,৮৭,৮৫৭ গৰাকী ছাত্ৰ-ছাত্ৰী আছে । সেইদৰে ২,১০,৬০২ গৰাকী শিক্ষক আৰু ১৯,৬৩২ গৰাকী কৰ্মচাৰীক শিক্ষাসেতুত অন্তর্ভুক্ত কৰা হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

  • প্ৰতিবেদনৰ আন কেতবোৰ দিশ :

প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে সমগ্ৰ শিক্ষাই চৰকাৰী বিদ্যালয়সমূহৰ ক্ষেত্ৰত অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতি আৰু ছুটীৰ বিষয়ে শিক্ষকলৈ এছ এম এছ প্ৰেৰণ কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব । ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহে কৰা এই ব্যৱস্থাত সমগ্ৰ শিক্ষাই ভৱিষ্যতে প্ৰৱৰ্তন কৰিব । শিক্ষাসেতু পৰ্টেলৰ দ্বাৰা শিক্ষকসকলৰ সেৱাৰ ৰেকৰ্ড ডিজিটেল পদ্ধতিত ধৰি ৰখাৰ সুবিধা কৰিব ।

প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে যে শিক্ষাসেতু পৰ্টেল প্ৰযোজ্য কৰাৰ পাছত বিদ্যালয়সমূহৰ দ্বাৰা ইউনিফৰ্ম আৰু বিনামূলীয়া পাঠ্যপুথিৰ আৱশ্যকতাৰ তথ্য আগতীয়াকৈ সমগ্ৰ শিক্ষা বা বিদ্যালয় শিক্ষা বিভাগে অৱগত হৈছে । শিক্ষা ব্যৱস্থাৰ কাৰ্যক্ষমতা বৃদ্ধি, উৎকৃষ্ট শিক্ষাদানৰ ক্ষেত্ৰত শিক্ষাসেতু পৰ্টেল এক মাপকাঠী হিচাপে পৰিগণিত হোৱাৰ কথাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

শিক্ষাসেতুৰ পৰা আঁতৰিল লাখ লাখ অশৰীৰী শিক্ষাৰ্থী (ETV Bharat)

ইফালে গুণোৎসৱ অনুষ্ঠিত কৰাৰ পাছত বিদ্যালয়সমূহৰ আন্তঃগাঁথনিত থকা দুৰ্বলতাৰ দিশসমূহ বিভাগ বা সমগ্ৰ শিক্ষা অৱগত হৈছে । যাৰ ফলত ২০২৩-২৪ বৰ্ষত উচ্চ প্ৰাথমিকৰ পৰা হাইস্কুললৈ উন্নীতকৰণৰ বাবে অনুমোদন জনোৱা ১৭খন বিদ্যালয়ৰ ভিতৰত ৬খনৰ উন্নীতকৰণ সম্পূৰ্ণ হ'ল ।

হাইস্কুলৰ পৰা উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণ কৰিবলৈ ২৭খন বিদ্যালয়ক অনুমোদন দিয়া হৈছিল আৰু ইয়াৰে এখন বিদ্যালয় ইতিমধ্যে উন্নীতকৰণ সম্পন্ন হৈছে । একেটা বৰ্ষতে নতুনকৈ উচ্চ প্ৰাথমিকৰ পৰা হাইস্কুললৈ ৬খন বিদ্যালয় আৰু হাইস্কুলৰ পৰা উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণৰ বাবে সমগ্ৰ শিক্ষাই অনুমোদন জনাইছে ।

শিক্ষাসেতু এপ প্ৰৱৰ্তন (ETV Bharat)

প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে যে যোৱা বিত্তীয় বৰ্ষটোত ৩৬৮২টা অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে অনুমোদন জনোৱা হৈছিল আৰু ২৫০৭ টা অতিৰিক্ত শ্ৰেণীকোঠা ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে । প্ৰতিবেদনত ৰাজ্যৰ ৯৫খন বিদ্যালয়ত সৌৰ শক্তি সংযোগ কৰা হৈছে ।

নতুনকৈ অতিৰিক্ত শ্ৰেণী কোঠা, ল'ৰা আৰু ছোৱালীৰ টয়লেট, খোৱাপানীৰ ব্যৱস্থা, সৌৰ শক্তি সংযোগ, মেৰামতিৰ বাবে মুঠ ২৪৬.৫১ কোটি টকা অনুমোদন জনোৱাৰ কথা সমগ্ৰ শিক্ষাই প্ৰতিবেদনখনত উল্লেখ কৰিছে ।

  • অশৰীৰী শিক্ষাৰ্থীৰ নামত হোৱা কেলেংকাৰিৰ তদন্ত দাবী যুৱ কংগ্ৰেছৰ :

শিক্ষা সেতু প’ৰ্টেলৰ দ্বাৰা চিনাক্ত হোৱা চাৰি লাখ ভুৱা শিক্ষাৰ্থীৰ নামত বছৰি ২০০ কোটি টকাৰ বিয়াগোম কেলেংকাৰি হোৱাৰ অভিযোগ প্ৰদেশ যুৱ কংগ্ৰেছৰ । ২০২৩-২৪ বৰ্ষৰ সমগ্ৰ শিক্ষা অসমৰ প্ৰতিবেদনত ভুবা শিক্ষাৰ্থীৰ প্ৰসংগটো অহাৰ পাছতে সৰৱ হৈ পৰিছে প্ৰদেশ যুৱ কংগ্ৰেছ ।

এই সন্দৰ্ভত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি তথা মিডিয়া বিভাগৰ অধ্যক্ষ ৰাকেশ চক্ৰৱৰ্তীয়ে কয়, "চৰকাৰে নিজেই উদঙাইছে যে ৪ লাখ ভুৱা শিক্ষার্থী তেওঁলোকে শিক্ষা সেতু প'ৰ্টেলৰ জৰিয়তে চিনাক্ত কৰিছে। এতিয়া প্ৰশ্নটো হ'ল যে এই ৪ লাখ শিক্ষার্থীৰ বছৰি ইউনিফর্ম, মধ্যাহ্ন ভোজন, পাঠ্যপুথি আদিৰ নামত প্ৰায় ২০০ কোটি টকা ব্যয় হৈছিল । এই ৪ লাখ ভুৱা শিক্ষার্থী কিমান বছৰৰ পৰা আছিল আৰু বছৰি প্ৰায় এই ২০০ কোটি টকা কোনে উদৰস্থ কৰিছিল ।’’ তেওঁ কয় ৷

চক্ৰৱৰ্তীয়ে কয়, ‘‘কোনোবা বিদ্যালয়ৰ প্ৰধান শিক্ষক বা পৰিচালনা সমিতিয়ে আত্মসাৎ কৰিছিল নে পোনে পোনে দিছপুৰৰ পৰাই মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী আৰু বিষয়াসকলৰ পৃষ্ঠপোষকতাত এই ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈছিল । কাৰণ আজিৰ দিনত অসমত কোনো মন্ত্ৰীৰ কোনো বিষয়তে নিজা কর্তৃত্ব নাই । সকলো মুখ্যমন্ত্ৰীৰ নিৰ্দেশতেই হয় ।’’

‘‘আনহাতে ডাঃ ৰণোজ পেগুৰ দৰে এগৰাকী শিক্ষিত ব্যক্তিৰ হাতত শিক্ষা বিভাগ এনেদৰে ধ্বংস হৈ যাব বুলি অসমবাসী ৰাইজে কোনোকালেই কল্পনা কৰা নাছিল । বিগত ৭ বছৰত প্ৰায় ৮০৬৬ খন চৰকাৰীখণ্ডৰ বিদ্যালয় চৰকাৰে বন্ধ কৰি দিছে, ৬২৮৯ টা শিক্ষকৰ পদ ৰাজ্যত আজিও খালী হৈ আছে । সকলো চৰকাৰী খণ্ডৰ বিদ্যালয়, প্ৰতিষ্ঠান ধ্বংস কৰি কেৱল নিজৰ নিজৰ সম্পত্তি বৃদ্ধিত ব্যস্ত মুখ্যমন্ত্ৰী তথা মন্ত্ৰীসকল ।" তেওঁ কয় ৷

তেওঁ লগতে কয়, "ভুৱা শিক্ষাৰ্থীৰ নামত বছৰি হোৱা ২০০ কোটি টকাৰ বৃহৎ কেলেংকাৰিৰ তদন্ত যদি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে কৰা নহয় আৰু সমগ্ৰ তথ্য যদি ৰাজহুৱা কৰা নহয় তেন্তে যুৱ কংগ্ৰেছে ৰাজ্যত ইয়াৰ বিৰুদ্ধে বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব ।"

লগতে পঢ়ক : ৰাজ্যত ৫ লাখৰো অধিক অদৃশ্য শিক্ষাৰ্থীৰ নামত ব্যয় বুজন পৰিমাণৰ পুঁজি - Shiksha Setu Axom

লগতে পঢ়ক : ইণ্টাৰনেট নাই যদি দৰমহা পাব: কিছু শিক্ষকক শিক্ষা বিভাগৰ সকাহ - SHIKSHA SETU AXOM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.