ETV Bharat / health

শীতকালত খেজুৰ খোৱাৰ উপকাৰিতা জানেনে ? - WINTER SUPERFOODS

খেজুৰ এবিধ পুষ্টিকৰ আৰু শক্তিবৰ্ধক ফল, কিন্তু ইয়াক শীতকালত খালে আমি কেনে ধৰণৰ উপকাৰিতা লাভ কৰিব পাৰো আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক-

The Advantages of Incorporating Dates into Your Winter Diet
শীতকালত খেজুৰ খোৱাৰ উপকাৰিতা জানেনে ? (ETV Bharat)
author img

By ETV Bharat Health Team

Published : 14 hours ago

শীতকালত এনেবোৰ বস্তু খাদ্যত অন্তৰ্ভুক্ত কৰা হয় যিয়ে আপোনাৰ শৰীৰক ভিতৰৰ পৰা উষ্ণতা প্ৰদান কৰে আৰু আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখে । লগতে ঋতুভিত্তিক ৰোগবোৰ আপোনাৰ পৰা আঁতৰত থাকে । এনে পৰিস্থিতিত খেজুৰ সেৱনে শৰীৰক শক্তি প্ৰদান কৰাই নহয় আন বহুতো স্বাস্থ্য উপকাৰিতাও প্ৰদান কৰে ।

নতুন দিল্লীৰ খাদ্য আৰু পুষ্টি বিশেষজ্ঞ ডাঃ দিব্য শৰ্মাই কয় যে নিয়মীয়াকৈ খেজুৰ সেৱন কৰিলে শৰীৰৰ বহু দিশত উপকাৰ হ’ব পাৰে ৷ ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ, পটাছিয়াম আৰু মেগনেছিয়াম থাকে, যিয়ে হাড় মজবুত কৰা, ৰক্তচাপ নিয়ন্ত্ৰণ কৰা আৰু হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে ৷ খেজুৰত প্ৰাকৃতিক চেনি থাকে যিয়ে তৎক্ষণাত শক্তি প্ৰদান কৰে, সেয়েহে ই খেলুৱৈ আৰু ব্যায়ামকাৰীৰ বাবে বিশেষভাৱে উপকাৰী ৷ ইয়াত পোৱা এমিনো এচিড আৰু প্ৰটিনে পেশী শক্তিশালী কৰাত সহায় কৰে ৷

খেজুৰ খোৱাৰ স্বাস্থ্য উপকাৰিতা-

হাড় মজবুত কৰি ৰাখে

শীতকালত শৰীৰক অধিক শক্তিৰ প্ৰয়োজন হয়, এনে পৰিস্থিতিত খেজুৰে এই প্ৰয়োজনীয়তা পূৰণ কৰে । শীতকালত যেতিয়া হাড়ৰ বিষ হয়, তেতিয়া খেজুৰ খোৱাটো উপকাৰী কাৰণ ইয়াত কেলচিয়াম, ফছফৰাছ, মেগনেছিয়াম আদি পুষ্টিকৰ উপাদান থাকে ।

হজম শক্তি উন্নত কৰে

মানুহে প্ৰায়ে শীতকালত হজম শক্তি সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হয়, এনে পৰিস্থিতিত খেজুৰত থকা আঁহে হজম শক্তি সুস্থ কৰি ৰখাত সহায় কৰে । একে সময়তে খেজুৰত ভাল পৰিমাণৰ পটাছিয়াম আৰু মেগনেছিয়াম থাকে, যি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও উপকাৰী ।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

এই শুকান ফলত ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । খেজুৰত ভিটামিন বি ৫ আৰু ভিটামিন চি থাকে, যিয়ে ছালখনক সুস্থ কৰি ৰখাত সহায় কৰে । ইয়াৰ উপৰিও ই চুলিৰ বৃদ্ধিত সহায় কৰে ।

অৱসাদ দূৰ কৰে

খেজুৰত ভিটামিন বি ৬ থাকে, ই মানসিক শান্তি আৰু সতেজতা প্ৰদান কৰে, বিশেষকৈ শীতকালত যেতিয়া ক্লান্তি আৰু হতাশাৰ সমস্যা অধিক অনুভৱ হয় । খেজুৰত অধিক পৰিমাণৰ আঁহ থাকে, যাৰ ফলত পেটটো দীৰ্ঘ সময়লৈকে ভৰি থাকে, গতিকে ওজন বৃদ্ধিৰ কোনো ভয় নাথাকে ।

সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য সম্পৰ্কীয় তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।

লগতে পঢ়ক: ভাত শৰীৰৰ বাবে কিমান প্ৰয়োজনীয় ? বিশেষজ্ঞৰ পৰাই জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.