ETV Bharat / state

যিকোনো সমস্যাৰ বাবে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব ডিজিপিক; কেনেকৈ ? - DGP IN CHARGE HARMEET SINGH

ৰাজ্যৰ আৰক্ষীৰ সঞ্চালকপ্ৰধানক সাক্ষাতৰ বাবে ৱাটছএপ নম্বৰ আৰু ই-মেইল আই ডি মুকলি ।

DGP In charge Harmeet Singh
ৰাজ্যৰ আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমীত সিং (Facebook@AssamPolice)
author img

By ETV Bharat Assamese Team

Published : Feb 4, 2025, 5:10 PM IST

গুৱাহাটী : অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালকপ্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰিছে হৰমীত সিঙে । জি পি সিঙৰ উত্তৰসুৰী হিচাপে ৰাজ্যৰ আৰক্ষী বিভাগৰ এই গুৰুদায়িত্ব যোৱা ২৯ জানুৱাৰীত গ্ৰহণ কৰে হৰমীত সিঙে । দায়িত্বভাৰ গ্ৰহণ কৰিয়ে ভাৰপ্ৰাপ্ত ডিজিপিয়ে ৰাজ্যৰ আৰক্ষী বিভাগক অধিক সক্ষম আৰু সষ্টম কৰি তোলাৰ কথা ঘোষণা কৰে । লগতে অসম আৰক্ষীক জনসাধাৰণৰ অধিক ওচৰ চপাই অনাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ।

তাৰেই অংশ হিচাপে আৰক্ষী সঞ্চালকপ্ৰধানক সাক্ষাতৰ বাবে মুকলি কৰিলে ৱাটছএপ নম্বৰ আৰু ই-মেইল আই ডি । আৰক্ষী সঞ্চালকপ্ৰধান হৰমীত সিঙক সাক্ষাৎৰ বাবে 6026903488 ৱাটছএপ নম্বৰ অথবা dgpassam.appointment@gmail.com ই-মেইল আই ডিলৈ বাৰ্তা প্ৰেৰণ কৰিব পাৰিব । এই কথা সামাজিক মাধ্যমযোগে অসম আৰক্ষীয়ে প্ৰকাশ কৰিছে ।

অসম আৰক্ষীয়ে এই সন্দৰ্ভত উল্লেখ কৰিছে, "আপুনি যদি আৰক্ষী সঞ্চালকপ্ৰধান হৰমীত সিঙক সাক্ষাৎ কৰিব বিচাৰে, তেন্তে ৱাটছএপ নম্বৰ 6026903488 বা ই-মেইল আই ডি dgpassam.appointment@gmail.com লৈ বার্তা প্ৰেৰণ কৰক ।"

উল্লেখ্য যে, চি আৰ পি এফৰ সঞ্চালকপ্ৰধানৰূপে পূৰ্বৰ ডিজিপি জি পি সিঙে দায়িত্ব লাভ কৰাৰ পাছতে ৰাজ্যৰ গৃহ বিভাগে ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধানৰ দায়িত্ব অৰ্পণ কৰে অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান হৰমীত সিঙক । ১৯৯২ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া হৈছে হৰমীত সিং । হৰমীত সিঙে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তৰ দৰে গুৰুত্বপূৰ্ণ পদৰ লগতে মঙলদৈৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, বোকাখাতৰ এছ ডি পি অ', অসমৰ ৰাজ্যপালৰ এ ডি চি আৰু নগাঁৱৰ আৰক্ষী অধীক্ষকৰূপেও তেওঁ কাৰ্যনিৰ্বাহ কৰি আহিছে ।

১৯৯২ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰা হৰমীত সিঙে ১৯৯৮ চনলৈকে অসমত কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ ১৯৯৮ চনৰ পৰা ২০১৭ চনলৈকে ডেপুটেচনত ভাৰত চৰকাৰৰ বিভিন্ন পদবীতো সেৱা আগবঢ়াইছিল ।

লগতে পঢ়ক :অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান হিচাপে দায়িত্ব ল'লে হৰমীত সিঙে - DG OF ASSAM POLICE
লগতে পঢ়ক :অসমৰ তোলনীয়া সন্তান হিচাপে মনত ৰাখিব: বিদায়ী সঞ্চালক প্ৰধান জি পি সিং - GP SINGH FAREWELL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.