ETV Bharat / health

হঠাৎ কিয় চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হ’ল বিনোদ কাম্বলীক, কি ৰোগত ভুগিছে কাম্বলী ? - VINOD KAMBLI

শেহতীয়াকৈ ভাৰতীয় প্রাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলীক স্বাস্থ্যজনিত সমস্যাৰ বাবে থানেৰ হাস্পতালত ভৰ্তি কৰোৱা হয় । কিন্তু কি ৰোগত ভুগিছে বিনোদ কাম্বলী ? সবিশেষ জানি লওক-

Shocking Health Update: Vinod Kambli Has Brain Clots, Says Doctor
হঠাৎ কিয় চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হ’ল বিনোদ কাম্বলীক, কি ৰোগত ভুগিছে কাম্বলী ? (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Dec 24, 2024, 11:22 AM IST

ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলীৰ শনিবাৰে নিশা স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁক থানেৰ আকৃতি হাস্পতালত ভৰ্তি কৰোৱা হয় । সংবাদ সংস্থা আইএনএছৰ খবৰ অনুসৰি শনিবাৰে নিশা হঠাৎ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে, তাৰ পিচত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় । বৰ্তমান ৫২ বছৰীয়া কাম্বলীৰ অৱস্থা সুস্থিৰ বুলি জানিবলৈ দিয়া হৈছে যদিও এতিয়াও তেওঁ সম্পূৰ্ণৰূপে বিপদমুক্ত হোৱা নাই । খবৰ অনুসৰি বিগত কেইবছৰমানৰ পৰা বিনোদ কাম্বলীয়ে বহু স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈ আহিছে । ইয়াৰ প্ৰধান সমস্যা ৰক্ত সঞ্চালন আৰু তেজ জমা হোৱাৰ সৈতে জড়িত ।

শেহতীয়া এক সাক্ষাৎকাৰত কাম্বলীয়ে তেওঁৰ স্বাস্থ্যৰ বিষয়ে মুকলিকৈ ব্যক্ত কৰে । তেওঁ কয় যে, তেওঁৰ প্ৰস্ৰাৱৰ সংক্ৰমণ (urine infection) সম্পৰ্কীয় সমস্যা আছে যাৰ বাবে এতিয়ালৈকে তেওঁক তিনিবাৰ চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছে । কাম্বলীয়ে লগতে শ্বেয়াৰ কৰে যে, হঠাৎ তেওঁৰ মূৰ ঘূৰণি হৈ অচেতন হৈ পৰে ।

তেজ জমা হোৱাৰ সমস্যা মানে কি ?

কাম্বলীৰ স্বাস্থ্যজনিত সমস্যাৰ ভিতৰত আটাইতকৈ প্ৰমুখ্য বিষয়টো হ’ল মগজুত তেজ জমা হোৱা । চিকিৎসাৰ ভাষাত ইয়াক ‘ব্লাড ক্লটিং’ বুলি কোৱা হয় । যেতিয়া মগজুলৈ তেজৰ সোঁতত বা ৰক্ত সঞ্চালনত বাধা আহি পৰে তেতিয়া তেজৰ গোট গঠন হয়, যাৰ ফলত ষ্ট্ৰোক, মূৰ ঘূৰোৱা বা অজ্ঞান হোৱাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে । ইয়াৰ আঁৰত কেইবাটাও কাৰণ থাকিব পাৰে যাৰ ভিতৰত আছে-

  1. হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ: ২০১৩ চনত কাম্বলীয়ে দুটাকৈ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰিছিল, যাৰ ফলত তেওঁৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়াত প্ৰভাৱ পৰিব পাৰে ।
  2. উচ্চ ৰক্তচাপ: উচ্চ ৰক্তচাপে ৰক্ত জমা হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে ।
  3. জীৱনশৈলী সম্পৰ্কীয় সমস্যা: অনিয়মিত খাদ্যাভ্যাস, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ আৰু বয়স বৃদ্ধিয়ে এই সমস্যাৰ সম্ভাৱনা বৃদ্ধি কৰে ।

চিকিৎসকৰ পৰামৰ্শ

চিকিৎসকে কয় যে, নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা, সুষম খাদ্য আৰু ঔষধ সেৱন তেজ জমা হোৱাৰ সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ অতি প্ৰয়োজনীয় । বিশেষকৈ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰা লোকসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি এই ক্ষেত্ৰত লক্ষ্য ৰাখিব লাগে ।

কাম্বলীয়ে কি কয় ?

বাওঁহাতৰ বেটছমেনগৰাকীয়ে ছ’চিয়েল মিডিয়াত নিজৰ স্বাস্থ্যজনিত সমস্যাৰ বিষয়ে মুকলিকৈ কয় । তেওঁ কয়, "মোৰ প্ৰস্ৰাৱৰ লগত জড়িত সমস্যা হৈছে । মোৰ পুত্ৰ জেছুচ ক্রিষ্টিয়ানো কাম্বলীয়ে মোৰ স্বাস্থ্যৰ যতন ল’বলৈ আহিছিল আৰু মোৰ কন্যা আৰু পত্নীয়েও মোক সহায় কৰিছিল । মোৰ অৱস্থা ইমানেই বেয়াৰ পিনে গতি কৰিছিল যে, চিকিৎসকে মোক লগে লগে চিকিৎসালয়ত ভৰ্তি হ’বলৈ পৰামৰ্শ দিছিল ।"

শচীন তেণ্ডুলকাৰে আগবঢ়ালে সহায়

স্বাস্থ্য আৰু আৰ্থিক সমস্যাৰ সময়ত শৈশৱৰ বন্ধু শচীন তেণ্ডুলকাৰে তেওঁক সহায় কৰা বুলিও প্ৰকাশ কৰে । কাম্বলীয়ে কয়, "শচীনে মোক আৰ্থিকভাৱে সহায় কৰিলে আৰু মই তেওঁৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম ।"

লগতে পঢ়ক: বিনোদ কাম্বলীৰ স্বাস্থ্যৰ অৱনতি, থানে চিকিৎসালত চিকিৎসাধীন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.