অসম

assam

ETV Bharat / health

বজাৰৰ ৰঙক যাব পাহৰি যেতিয়া আপুনি নিজেই প্ৰস্তুত কৰিব এই প্ৰাকৃতিক ৰং - Homemade Holi colors - HOMEMADE HOLI COLORS

Homemade Holi colors: সদায় কোৱা হয় যে ৰঙত থকা ৰাসায়নিক পদাৰ্থ আমাৰ ছাল আৰু চুলিৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে ৷ সেয়েহে প্ৰাকৃতিক ৰঙেৰে হোলী খেলা উচিত ৷ সেয়ে তলত উল্লেখিত এইসমূহ উপায়েৰে আপুনিও ঘৰতে ফুল আৰু শাক-পাচলিৰ পৰা প্ৰাকৃতিক হোলীৰ ৰং তৈয়াৰ কৰিব পাৰে ৷

Homemade Holi colors can be made not only from flowers but also from vegetables
বজাৰৰ ৰঙক যাব পাহৰি যেতিয়া আপুনি নিজেই প্ৰস্তুত কৰিব এই প্ৰাকৃতিক ৰং

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 4:06 PM IST

ৰং অবিহনে হোলী উৎসৱ জানো সম্পূৰ্ণ ? ৰঙৰ উৎসৱ ফাকুৱাৰ আগমণৰ লগে লগে বজাৰসমূহ ভৰি পৰে নানান ৰঙেৰে ৷ কিন্তু এই ৰং আপোনাৰ ছালৰ বাবে কিমান গ্ৰহণযোগ্য ? বজাৰত উপলব্ধ ৰঙত থকা ৰাসায়নিক পদাৰ্থই মানুহৰ ছাল আৰু চুলিৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে বুলিও কোৱা হয় ৷ ইয়াৰ ফলত ছালৰ লগত জড়িত সমস্যা যেনে ৰঙা পৰা, খজুৱতি, ফুলা আৰু... ছাল শুকান হোৱাৰ দৰে সমস্যা হ’ব পাৰে আৰু চুলিও শুকান হ’ব পাৰে ৷ এনে পৰিস্থিতিত হোলী খেলাৰ আগতে ছাল আৰু চুলি সুৰক্ষিত কৰাটো অতি প্ৰয়োজনীয় ৷ কিন্তু প্ৰাকৃতিক ৰঙেৰে হোলী খেলাটোৱেই উত্তম হ’ব ৷

বজাৰৰ ৰঙক যাব পাহৰি যেতিয়া আপুনি নিজেই প্ৰস্তুত কৰিব এই প্ৰাকৃতিক ৰং

আপুনি ঘৰতে ফুল আৰু আনকি শাক-পাচলিৰ পৰাও প্ৰাকৃতিক ৰং বনাব পাৰে ৷ ইয়াৰ ফলত আপোনাৰ কোনো ক্ষতি নহ'ব ৷ লগতে ৰং আঁতৰোৱাত কোনো সমস্যা নহ'ব ৷ ঘৰতে ৰং কেনেকৈ বনাব পাৰি জানো আহক-

গোলাপ ফুলৰ পৰা ৰং

মিক্সাৰত শুকান গোলাপৰ পাহি মিহিকৈ পিহি লওক ৷ ইয়াৰ পিছত এটা বাটিত গোলাপ ফুলৰ পেষ্ট,চন্দন আৰু শুকান আটা ভালদৰে মিহলাই লওক ৷ গোলাপী ৰং হোলী খেলিবলৈ সাজু হয় ৷

হালধিৰ পৰা হালধীয়া ৰং

হালধিক ছালৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় ৷ গতিকে এই হোলীত ছালৰ যত্ন ল'বলৈ ইয়াৰ পৰা ৰং বনাব নালাগে কিয় ৷ ইয়াৰ বাবে হালধি এটুকুৰা লৈ তাত চৰণীয়া আটা মিহলাই লওক ৷ এইদৰে আপুনি হালধীয়া ৰং বনাব পাৰে ৷

বজাৰৰ ৰঙক যাব পাহৰি যেতিয়া আপুনি নিজেই প্ৰস্তুত কৰিব এই প্ৰাকৃতিক ৰং

পালেঙৰ পৰা সেউজীয়া ৰং

হোলী খেলাৰ বাবে সেউজীয়া ৰং বনাবলৈ পালেং আৰু ধনীয়াৰ পাত শুকুৱাই মিক্সাৰত পিহিব লাগে ৷ ইচ্ছা থাকিলে নিম পাতো ব্যৱহাৰ কৰিব পাৰে ৷ এনেদৰে জৈৱিক সেউজীয়া ৰং আপুনি অতি সহজে প্ৰস্তুত কৰিব পাৰে ৷

নাৰ্জি ফুলৰ পৰা কমলা ৰং

ঘৰতে কমলাৰ ৰং বনাবলৈ শুকান নাৰ্জি ফুল মিক্সাৰত পিচি লওক ৷ ইচ্ছা থাকিলে কমলাৰ বাকলি ৰ’দত শুকুৱাই তাৰ পিচত পিহিও কমলা ৰং বনাব পাৰে ৷

বিটৰ পৰা ৰঙা ৰং

বেছিভাগ মানুহেই ৰঙা ৰং বৰ ভাল পায় ৷ এনে পৰিস্থিতিত ঘৰতে ৰঙা ৰং বনাবলৈ বিট ভালদৰে ধুই শুকুৱাই লোৱাৰ পিছত পিহি তাৰ পৰা ৰং বনাব পাৰে ৷

লগতে পঢ়ক:হৰম’নে আমাৰ শৰীৰত কেনেদৰে কাম কৰে ? ইয়াৰ অভাৱ বা অতিৰিক্ততা হ’ব পাৰে ক্ষতিকাৰক

ABOUT THE AUTHOR

...view details