অসম

assam

ETV Bharat / health

উচ্চহাৰত প্ৰ’টিন গ্ৰহণে সৃষ্টি কৰিব পাৰে কিডনী পাথৰৰ দৰে গুৰুতৰ সমস্যা - Protien can be harmful - PROTIEN CAN BE HARMFUL

To Much Protein Can Harm Your Body: তেজত অক্সিজেনৰ সঞ্চালন, ওজন হ্ৰাসৰ লগতে শৰীৰৰ শ্ৰীবৃদ্ধিৰ ক্ষেত্ৰত প্ৰ’টিনে এক দৰকাৰী ভূমিকা পালন কৰে ৷ কিন্তু মাত্ৰাধিক প্ৰ’টিনৰ ব্যৱহাৰে শৰীৰৰ হানি-বিঘিনি ঘটাবও পাৰে ৷ শৰীৰত প্ৰ’টিনৰ ভূমিকা সম্পৰ্কে যুগুত কৰা এই প্ৰতিবেদনত কি কি সন্নিৱিষ্ট আছে, চাওক বিতংভাৱে ৷

how much protein need
প্ৰ’টিন গ্ৰহণৰ নিয়ম (IANS)

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 4:18 PM IST

বিশেষ প্ৰতিবেদন. 11 জুন : আমি সকলোৱে জানো যে প্ৰ'টিন আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ । তেজত অক্সিজেনৰ সঞ্চালন, ওজন হ্ৰাস, পেশীৰ গঠন বা বৃদ্ধি সেই সকলোবোৰৰ বাবেই শৰীৰত প্ৰ'টিনৰ নিতান্তই প্ৰয়োজন । এইবোৰ কাৰণৰ বাবেই বিগত কিছুসময়ত মাত্ৰাধিক ব্যৱহাৰৰ বাবে শৰীৰত প্ৰ'টিনজনিত ৰোগৰ মাত্ৰা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:ভাগৰুৱা অনুভৱ কৰা বা ভোক নলগা যেন অনুভৱ হয় নেকি ? হ’ব পাৰে লিভাৰ চিৰ’ছিছৰ লক্ষণ - Liver Cirrhosis

সাধাৰণতে হাই প্ৰ'টিনৰ বাবে বহুলোকে দৈনন্দিন খাদ্য তালিকাত থকা প্ৰ'টিনৰ উপৰিও আন কেতবোৰ পৰিপূৰক খাদ্য গ্ৰহণ কৰে ৷ অৱশ্যে উচ্চ পৰিমাণত প্ৰ'টিন গ্ৰহণ কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক ৷ যাৰ বাবে এক সঠিক মাত্ৰাত প্ৰ'টিন গ্ৰহণ কৰাটো প্ৰয়োজন ।

মূল কথাটো হৈছে কেনেধৰণে প্ৰ’টিন গ্ৰহণ কৰিলে শৰীৰত ৰোগৰ সৃষ্টি নহৈ স্বাস্থ্য ভালে থাকিব ?

প্ৰ’টিনৰ উৎস কি:

শৰীৰত প্ৰ’টিনৰ সঠিক মাত্ৰা থকাতো প্ৰয়োজন ৷ শৰীৰক সঠিক মাত্ৰাত প্ৰ’টিন যোগান ধৰিবলৈ সঠিকভাৱে প্ৰ’টিনৰ উৎসসমূহৰ বিষয়ে জনাটো নিতান্তই আৱশ্যক ৷ নিৰামিষভোজী, আমিষভোজী নাইবা ভেগান ডায়েট পালন কৰি থকা লোকসকলেও উচ্চহাৰত গ্ৰহণ কৰে প্ৰ’টিন ৷

লগতে পঢ়ক:দেশৰ কোনখন ৰাজ্যত সৰ্বাধিক আমিষ আহাৰ গ্ৰহণ কৰে জানেনে ? - Non vegetarian food

পিছে এজন পুৰুষক প্ৰতিদিনে 56 গ্ৰাম আৰু এগৰাকী মহিলাক প্ৰতিদিনে 46 গ্ৰাম প্ৰ’টিনৰ আৱশ্যক ৷ যদি এই মাত্ৰাতকৈ উচ্চহাৰত কোনো লোকে প্ৰ’টিন ব্যৱহাৰ কৰে, তেন্তে ই সৰ্বনাশ মাতি অনাতো একপ্ৰকাৰ নিশ্চিত ৷

উচ্চহাৰত প্ৰ’টিন গ্ৰহণে কিডনীত সৃষ্টি কৰিব পাৰে পাথৰ:

যদিহে কোনো ব্যক্তিয়ে নিতৌ উচ্চহাৰত প্ৰ’টিন গ্ৰহণ কৰে, তেন্তে ব্যক্তিগৰাকীৰ শৰীৰত কিডনীৰ পাথৰৰ দৰে গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ ইয়াৰ পৰিৱৰ্তে সঠিক মাত্ৰাত প্ৰ’টিন গ্ৰহণ কৰাতো প্ৰয়োজনীয় ৷ যাতে মাত্ৰাধিক পৰিমাণে প্ৰ’টিনৰ পৰিপূৰকসমূহ গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব পাৰি ৷

হজমশক্তিত প্ৰভাৱ পৰাৰ সম্ভাৱনা:

উচ্চহাৰত গ্ৰহণ কৰা প্ৰ’টিনে শৰীৰৰ ক্ষতিসাধন কৰিব পাৰে ৷ যদিহে কোনো লোকে দৈনন্দিন মাত্ৰাত অধিক পৰিমাণে প্ৰ’টিন গ্ৰহণ কৰে, তেন্তে ব্যক্তিগৰাকীৰ শৰীৰৰ প্ৰতি ভাবুকি সৃষ্টি হ’ব পাৰে ৷ যাৰ ফলত সমগ্ৰ হজমশক্তিত প্ৰভাৱ পৰাৰ সম্ভাৱনা অধিক হোৱা দেখা যায় ৷ ইয়াৰ ফলতে পাচনতন্দ্ৰত গুৰুতৰ ৰোগ সৃষ্টি হ’বও পাৰে ৷

(বিশেষ দ্ৰষ্টব্য : এয়া মাথো সাধাৰণ তথ্যহে ৷ এয়া কোনো চিকিৎসা বা ঔষধৰ বিকল্প নহয় ৷ অধিক তথ্যৰ বাবে সদায় চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷)

ABOUT THE AUTHOR

...view details