বৰ্তমান ব্যস্ততাৰে ভৰা এই জীৱনশৈলীত সকলোৰে জীৱনবোৰ খেলি-মেলি হৈ পৰিছে ৷ প্ৰতিটো কাম কম সময়ত কৰাটোৱে যেন এক প্ৰত্যাহ্বান ৷ ইয়াৰ মাজতে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো সম্ভৱপৰ হৈ নুঠে ৷ যাৰ ফলত আমি স্বাস্থ্যৰ সৈতে জড়িত বিভিন্ন সমস্যাৰ সৈতে যুঁজিবলগীয়া হয় ৷ তাৰে ভিতৰত এক সমস্যা হৈছে চুলি সৰা সমস্যা ৷
উল্লেখ্য যে, পুৰুষ-মহিলা দুয়োজনেই নিজৰ চুলিখিনিৰ প্ৰতি অতি সচেতন ৷ দুয়োজনে নিজৰ সৌন্দৰ্য অটুট ৰাখিবলৈ দীঘল আৰু ঘন চুলি বিচাৰে ৷ কিন্তু এই ইচ্ছা পূৰণ কৰিবলৈ সক্ষম হয় মাত্ৰ দুই-এজনে ৷ সাধাৰণতে দেখা যায় যে, কম বয়সতে চুলি সৰাটো যেন এক ডাঙৰ সমস্যালৈ পৰিণত হৈছে ৷
আজিৰ দিনত বহুলোকে এই সমস্যাত ভোগা দেখা যায় ৷ চুলি সৰা বন্ধ কৰিবলৈ এনে লোকে যৎপৰোনাস্তি চেষ্টা কৰে ৷ সকলো ধৰণৰ চেম্পু আৰু তেল ব্যৱহাৰ কৰে ৷ তেতিয়াও চুলি সৰা বন্ধ নহয় ৷ চিকিৎসকৰ লগতো যোগাযোগ কৰে ৷ কিন্তু আপুনি জানেনে যে, আমাৰ খাদ্যাভ্যাস, বৃদ্ধি পোৱা প্ৰদূষণ আৰু পৰিৱৰ্তনশীল জীৱনশৈলীৰ বাবেই এই সমস্যা দিনক দিনে আৰু বৃদ্ধি পাবলৈ ধৰিছে ৷ শিশু হওক, মহিলা বা পুৰুষ হওক, ইয়াৰ পৰা কেনেকৈ মুক্তি পাব পাৰি, সেই বিষয়ে সকলোৱে চিন্তা-চৰ্চা অব্যাহত ৰাখিছে ৷ তেন্তে এই সমস্যা বৃদ্ধি হোৱাৰ আগতেই জানি লওক ইয়াৰ পৰা পৰিত্ৰাণ লাভ কৰাৰ উপায়সমূহ-
ঘৰুৱা উপায়ে সহায় কৰিব
চুলি সৰা বন্ধ কৰিবলৈ প্ৰথমে ক্ষতিকাৰক চেম্পু আৰু তেল পৰিহাৰ কৰিব লাগিব ৷ আজিকালি বজাৰত বহুতো চুলিৰ সৌন্দৰ্য বৃদ্ধি কৰা বুলি দাবী কৰা চেম্পু আৰু তেল উপলব্ধ, যিয়ে নিশ্চয়তা দিয়ে যে ইয়াক ব্যৱহাৰ কৰিলে আপুনি ইয়াৰ পৰা উপকাৰিতা লাভ কৰিব ৷ কিন্তু প্ৰকৃততে আপুনি সদায় ইয়াৰ পৰা হতাশ হ’বলগীয়া হয় ৷
এনে ক্ষেত্ৰত আমি প্ৰাকৃতিক উপাদান যেনে আমলখি, খাৰ, ঔ টেঙা, শিকাকাই, জবা ফুল ইত্যাদি বহুধৰণৰ সামগ্ৰীৰে উপকৃত হ’ব পাৰো ৷ প্ৰাকৃতিক উপাদানৰ সহায়ত সদায় চুলিক সুস্থ কৰি ৰাখিব পাৰি ৷ সেয়ে আপুনি হয়তো লক্ষ্য কৰিছে যে আমাতকৈ আমাৰ ককা- আইতা, মাৰ চুলি অধিক মজবুত আৰু চিকচিকীয়া হৈ থাকে ৷ কাৰণ তেওঁলোকে কেতিয়াও কেমিকেলযুক্ত সামগ্ৰী ব্যৱহাৰ কৰা নাছিল ৷
সুষম খাদ্য
চুলি সুস্থ আৰু ঘন কৰি ৰাখিবলৈ অতি প্ৰয়োজনীয় বস্তু হ’ল সুষম খাদ্য ৷ আপুনি যিকোনো প্ৰকাৰে নিশ্চিত কৰিব লাগিব যে, আপুনি যি খাদ্য খাইছে, তাত প্ৰ’টিনৰ পৰিমাণ বেছি ৷ ভিটামিনৰ ওপৰতো ধ্যান দিয়াতো প্ৰয়োজন ৷ যেনে কেৰাটিন, ভিটামিন বি-৭, আইৰণ আৰু জিংক ৷ এই সকলোবোৰ পদাৰ্থই চুলিক সুস্থ কৰি ৰখাত অতি ফলপ্ৰসূ ৷ এইবোৰৰ লগতে চুলিৰ ঘনত্ব বৃদ্ধি আৰু শক্তিৰ বাবে নিয়মিতভাৱে আইৰণ আৰু জিংক সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগে ৷
মূৰটো মালিচ কৰিব লাগে