অসম

assam

কিশোৰৰ ক্ষেত্ৰত দেখা দিয়া গাইনেকোমাষ্টিয়া ৰোগ দৰাচলতে হয় কি ? - Gynecomastia Disease

By ETV Bharat Health Team

Published : Aug 28, 2024, 4:49 PM IST

Gynecomastia Disease: বহু ল’ৰাৰ ক্ষেত্ৰত এনে হয় হঠাৎ ছোৱালীৰ দৰে তেওঁলোকৰ স্তন অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ আৰম্ভ কৰে । এনেক্ষেত্ৰত স্তন বৃদ্ধিৰ কাৰণ কেৱল মেদবহুলতা নহ’বও পাৰে । এই ৰোগক ‘গাইনেকোমাষ্টিয়া’ বুলি কোৱা হয় । আহক আজি এই ৰোগৰ বিষয়ে বিতংভাৱে জানিবলৈ চেষ্টা কৰোঁ-

Gynecomastia condition among teenagers, what it is, cause, diagnosis and treatment
কিশোৰৰ ক্ষেত্ৰত দেখা দিয়া গাইনেকোমাষ্টিয়া ৰোগ দৰাচলতে হয় কি ? (ETV Bharat)

পুৰুষৰ স্তনৰ অস্বাভাৱিক বৃদ্ধিক ‘গাইনেকোমাষ্টিয়া’ বুলি কোৱা হয় ৷ বহুতে হয়তো পূৰ্বে কেতিয়াও এই ৰোগৰ কথা শুনা নাই ৷ বৰ্তমানৰ পৰিৱৰ্তিত জীৱনশৈলী আৰু দুৰ্বল খাদ্যাভ্যাসৰ বাবে অধিক সংখ্যক কিশোৰ-কিশোৰী গাইনেকোমেষ্টিয়া ৰোগত আক্ৰান্ত হ’বলৈ ধৰিছে ৷ কিন্তু বহু পুৰুষে ইয়াৰ চিকিৎসা কৰিবলৈ লাজ কৰে ৷ যিটো ভৱিষ্যতে মাৰাত্মক হ’ব পাৰে ৷ গাইনেকোমাষ্টিয়া হৈছে গাইনো অৰ্থাৎ মহিলা, মাষ্টিয়া অৰ্থাৎ স্তন ৷ ছোৱালীৰ দৰে ল’ৰাৰ স্তন বৃদ্ধি হোৱাটোক গাইনেকোমাষ্টিয়া বুলি কোৱা হয় ৷ কেৱল চহৰীয়া ল’ৰা-ছোৱালীৰ ক্ষেত্ৰতে নহয় গাঁৱৰ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰতো এই সমস্যা হোৱা দেখা যায় ৷

গাইনেকোমাষ্টিয়া কি ?

ডাঃ অক্ষয় কুমাৰ ৰাউত, "গাইনেকোমাষ্টিয়া এনে এক ৰোগ, য'ত পুৰুষৰ স্তনৰ কলাৰ অস্বাভাৱিক বৃদ্ধি হয় ৷" ই এটা বা দুয়োটা স্তনত দেখা দিব পাৰে ৷ কিন্তু এনে বহু কিশোৰ আছে যিয়ে এই সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ দ্বিধাবোধ কৰে আৰু ইয়াৰ চিকিৎসাত অৱহেলা কৰে ৷ কিন্তু এই ৰোগ হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয় ৷ যিকোনো বয়সৰ লোকৰ ক্ষেত্ৰত গাইনেকোমাষ্টিয়া হ’ব পাৰে ৷ কিন্তু বিশেষকৈ কিশোৰ-কিশোৰীসকলৰ মাজত ই অতি সাধাৰণ ৷"

কিমান বয়সত গাইনেকোমাষ্টিয়া হয়

গাইনেকোমাষ্টিয়াত কিশোৰ অৱস্থাত স্তনৰ পৰিৱৰ্তন হয় ৷ সাধাৰণতে এই ৰোগৰ কৈশোৰ কালত অধিক হোৱা দেখা যায় ৷ য’ত ১২ৰ পৰা ১৮ বছৰ বয়সৰ ল’ৰাৰ স্তনৰ আকাৰ বৃদ্ধি পায় ৷ ইয়াৰ বৈশিষ্ট্য হৈছে স্তনৰ অংশৰ আকৃতি ফুলি উঠা ৷ কিন্তু বিশেষজ্ঞই কয় যে স্তন বৃদ্ধিৰ এই সমস্যা ৬ মাহৰ পৰা ১ বছৰৰ ভিতৰত ঔষধৰ দ্বাৰা নিৰাময় কৰিব পাৰি ৷ অন্যথা অস্ত্ৰোপচাৰ কৰি ঠিক কৰিব পৰা যায় ৷’- এই মন্তব্য ডাঃ অক্ষয় কুমাৰ ৰাউতৰ ৷

গাইনেকোমাষ্টিয়াৰ কাৰণ

ডাঃ অক্ষয় কুমাৰ ৰাউতে কয়, যেতিয়া শিশুটিয়ে যৌৱনকাল পাৰ কৰে তেতিয়া তেওঁৰ শৰীৰত হ’ৰম’নৰ পৰিৱৰ্তন ঘটে ৷ যদি শিশুটি মেদবহুলতাত ভুগিছে, তেন্তে এনে পৰিৱৰ্তন হোৱা দেখা যায় ৷ মেদবহুলতা সৃষ্টিকাৰী খাদ্য যেনে জাংক ফুড, হোটেল বা ৰেষ্টুৰেণ্টৰ মছলাযুক্ত খাদ্য, খেলা-ধূলা, শাৰীৰিক কাৰ্য-কলাপৰ অভাৱত গাইনেকোমাষ্টিয়াৰ সম্ভাৱনা বৃদ্ধি পায় ৷ এই ৰোগৰ প্ৰধান কাৰণ হৈছে মেদবহুলতা আৰু ফাষ্টফুড ৷

অত্যধিকভাৱে বহু ধৰণৰ ড্ৰাগছ সেৱন কৰা কিশোৰ-কিশোৰী ৷ যকৃতৰ সমস্যা হয় ৷ যিসকল লোকৰ অণ্ডকোষত কোনো ৰোগ হৈছে বা বেছিকৈ এন্টাচিড সেৱন কৰা লোকো এই ৰোগত আক্ৰান্ত হয় ৷ ইয়াৰ বাহিৰেও বহু কাৰণত গাইনেকোমাষ্টিয়া হয় বুলিও বিশেষজ্ঞই জানিবলৈ দিয়ে৷ বহু ক্ষেত্ৰত জন্মৰ পৰাই গাইনেকোমাষ্টিয়া থাকে ৷ বিশেষকৈ কৈশোৰ কালত ইয়াক দেখা যায় ৷

গাইনেকোমেষ্টিয়াৰ চিকিৎসা

স্তন বৃদ্ধি আৰম্ভ হোৱাৰ ৬ মাহৰ পৰা ১ বছৰৰ ভিতৰত হ’লে ইয়াৰ চিকিৎসা কৰিব পৰা যায় ৷ অন্যথা দীৰ্ঘকালীনভাৱে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয় ৷ অৱশ্যে চিকিৎসকৰ মতে, কিশোৰগৰাকীয়ে এই সমস্যাৰ পিচত স্বাভাৱিক কিশোৰৰ দৰে জীয়াই থাকিব পাৰিব বুলি আত্মবিশ্বাস ৰখাটোৱেই হৈছে ইয়াৰ প্ৰথম চিকিৎসা ৷ ইয়াৰ পিচত গাইনেকোমাষ্টিয়াৰ চিকিৎসা ঔষধৰ দ্বাৰা কৰা হয় ৷

বিশেষকৈ ছমাহৰ পৰা এবছৰৰ ভিতৰত যদি এই ৰোগ ধৰা পৰে তেন্তে ঔষধৰ দ্বাৰা ইয়াক নিৰাময় কৰিব পৰা যায় অন্যথা অধিক সময় পাৰ হ’লে অস্ত্ৰোপচাৰ চিকিৎসা সহায় ল’বলগীয়া হয় ৷ লিপ’ছাকচনৰ জৰিয়তে সৰু সৰু ছিদ্ৰ কৰি গাইনেকোমাষ্টিয়া আঁতৰোৱা হয় ৷ মাত্ৰ ১ৰ পৰা ২ ঘণ্টাৰ অস্ত্ৰোপচাৰ ৷ যাৰ ফলত বুকুখন চেপেটা হৈ পৰে ৷ অস্ত্ৰোপচাৰৰ পিচত পৰিধান কৰিবলৈ এখন কাপোৰ দিয়া হয় যিটো মাহৰ পিচত মাহ ধৰি পিন্ধিব লাগে ৷ ডাঃ অক্ষয় কুমাৰ ৰাউতে কয় যে, " ইয়াৰ পিচত বুকুখন সাধাৰণ ল'ৰাৰ দৰেই হৈ পৰে ৷"

লগতে পঢ়ক:সাৱধান! হাৰ্ট এটেক অহাৰ পূৰ্বে দেখা দিয়ে এই লক্ষণ - Heart Attack

ABOUT THE AUTHOR

...view details