অসম

assam

ETV Bharat / health

ভালদৰে হাত নুধুলে বিয়পিব পাৰে এই ৰোগ: জানি লওক আমি কেতিয়া আৰু কিমান সময়লৈকে হাত ধোৱা উচিত ?

প্ৰতি বছৰে ১৫ অক্টোবৰত বিশ্বব্যাপী হাত ধোৱা দিৱস পালন কৰা হয় । হাত দুখন পৰিষ্কাৰ কৰি নাৰাখিলে বহুধৰণৰ ৰোগ তথা সংক্ৰমণে দেখা দিব পাৰে ৷

By ETV Bharat Health Team

Published : Oct 15, 2024, 5:25 PM IST

Global Handwashing Day 2024
ভালদৰে হাত নুধুলে বিয়পিব পাৰে এই ৰোগ: জানি লওক আমি কেতিয়া আৰু কিমান সময়লৈকে হাত ধোৱা উচিত ? (ETV Bharat)

ভালদৰে হাত ধোৱা আৰু পৰিষ্কাৰ কৰি ৰখাটো পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশত প্ৰথম পদক্ষেপ বুলি গণ্য কৰা হয় ৷ হাত ধোৱাৰ দ্বাৰা আপুনি নিজকে পৰিষ্কাৰ কৰি ৰখাই নহয় বৰঞ্চ শৰীৰক বহুতো বিপদজনক ৰোগৰ পৰা আঁতৰাই ৰাখিব পাৰে ৷ হাত ধুলে আপুনি কেৱল নিজকে নহয়, আন মানুহকো ৰোগ আৰু সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে ৷ এই কাৰণেই শিশুসকলক ঘৰতে হওক বা স্কুলতেই হওক সকলো ঠাইতে হাত ধুবলৈ আৰু মৌলিক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভ্যাস কৰিবলৈ শিকোৱা হয় ৷

কিন্তু আমাক কিয় বাৰে বাৰে হাত দুখন পৰিষ্কাৰ কৰি ৰখাৰ কথা কোৱা হয় জানেনে ? ইয়াৰ আঁৰত বহু কাৰণ আছে ৷ এই কথা কোৱা হয় কাৰণ হাতত বহুতো সৰু সৰু বীজাণু লুকাই থাকে যিবোৰ পোনে পোনে আমাৰ শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব পাৰে ৷ ইয়াৰ কাৰণে শৰীৰত ডাঙৰ ডাঙৰ ৰোগৰ বাসস্থান হ’ব পাৰে ৷ বিশেষকৈ বজাৰৰ পৰা, জনবহুল ঠাইৰ পৰা বা পাৰ্টিৰ পৰা আহিলে আমাৰ হাত দুখনে বহুখিনি বীজাণু লগত লৈ আহে ৷ ইয়াৰ ফলত শৰীৰ অসুস্থ হোৱা আৰু সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায় ৷

ভালদৰে হাত নুধুলে বিয়পিব পাৰে এই ৰোগ: জানি লওক আমি কেতিয়া আৰু কিমান সময়লৈকে হাত ধোৱা উচিত ? (ETV Bharat)

ক’ৰ’না কালত মানুহে হাত ধোৱা আৰু ইয়াৰ গুৰুত্বৰ বিষয়ে ভালদৰে বুজি উঠিছে ৷ কিন্তু কৰ’নাৰ ভয়াৱহতা কমি অহাৰ লগে লগে মানুহে পুনৰ অসাৱধান হ’বলৈ আৰম্ভ কৰিছে ৷ এক গৱেষণাৰ মতে, যদি সকলোৱে সঠিকভাৱে হাত পৰিষ্কাৰ কৰে তেন্তে প্ৰতি বছৰে ১০ লাখ লোকৰ জীৱন ৰক্ষা কৰিব পৰা যাব ৷

হাত নোধোৱাৰ বাবে হ’ব পাৰে এই ৰোগ

পেটৰ ৰোগ-সঠিকভাৱে হাত নোধোৱাৰ ফলত পেটৰ লগত জড়িত বহুতো ৰোগৰ সম্ভাৱনা বাঢ়ি যায় ৷ বিশেষকৈ আপোনাৰ অন্ত্ৰৰ সমস্যা হ’ব পাৰে ৷ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি অৱহেলাৰ বাবে ডায়েৰিয়া, কলেৰা বা টাইফয়েডৰ দৰে ৰোগো দেখা দিয়ে ৷ এটা গৱেষণাৰ পৰা দেখা গৈছে যে চাবোনেৰে হাত ধোৱাৰ ফলত ১০ টাৰ ভিতৰত ৪ টা ডায়েৰিয়া ৰোগ প্ৰতিৰোধ কৰিব পৰা যায় ৷

ভালদৰে হাত নুধুলে বিয়পিব পাৰে এই ৰোগ: জানি লওক আমি কেতিয়া আৰু কিমান সময়লৈকে হাত ধোৱা উচিত ? (ETV Bharat)

চৰ্দি আৰু কাহ-হাত নুধুলে চৰ্দি আৰু কাহৰ দৰে সংক্ৰমণে দেখা দিব পাৰে ৷ যদি কোনো ব্যক্তিয়ে তেওঁৰ মুখ আৰু নাক স্পৰ্শ কৰিছে আৰু তাৰ পিচত আন কাৰোবাক স্পৰ্শ কৰিছে বা একেখন হাতেৰে যিকোনো বস্তু স্পৰ্শ কৰিছে, তেন্তে আপোনাৰ সংক্ৰমণৰ সম্ভাৱনাও বৃদ্ধি পায় ৷ ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল হৈ পৰিব পাৰে ৷

চকুৰ লগত জড়িত সমস্যা- চকুত লেতেৰা হাত লগালে বহু ধৰণৰ ৰোগ হ’ব পাৰে ৷ এনে বহু গৱেষণা ওলাইছে য’ত দেখা গৈছে যে সুদূৰপ্ৰসাৰী চকুৰ ৰোগৰ পৰা হাত সাৰিবলৈ হ’লে হাতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় ৷ বিশেষকৈ চকুৰ পৰা পানী ওলোৱা, চকু ৰঙা পৰা আৰু দৃষ্টিহীনতাৰ সৃষ্টি কৰা ট্ৰেক’মা আদি সংক্ৰমণ হাত নোধোৱাৰ বাবে বিয়পিব পাৰে ৷

ভালদৰে হাত নুধুলে বিয়পিব পাৰে এই ৰোগ: জানি লওক আমি কেতিয়া আৰু কিমান সময়লৈকে হাত ধোৱা উচিত ? (ETV Bharat)

ছালৰ লগত জড়িত সংক্ৰমণ–যদি আপোনাৰ কোনো ধৰণৰ ঘা, আঘাত বা সংক্ৰমণ হয়, তেন্তে ষ্টেফাইলোককাছ বেক্টেৰিয়াই ইয়াক গুৰুতৰ কৰি তুলিব পাৰে ৷ এই বেক্টেৰিয়াবোৰ প্ৰায়ে ছাল আৰু নাকত পোৱা যায় ৷ যিবোৰ মুকলি ঘাঁত মিহলি হ’লে সংক্ৰমণ হ’ব পাৰে ৷ সেয়ে হাত দুখন পৰিষ্কাৰ কৰি ৰখাটো অতি প্ৰয়োজনীয় ৷

হাত কিমান সঘনাই ধুব লাগে ?

  • ৰন্ধাৰ পূৰ্বে
  • খাদ্য খোৱাৰ আগত আৰু পিচত
  • জীৱ-জন্তু স্পৰ্শ কৰাৰ লগে লগে
  • কাহ আৰু হাঁচিৰ পিচত
  • বাহিৰৰ পৰা অহাৰ পিচত
  • খেলা-ধূলাৰ পিচত
  • কাৰোবাৰ লগত হাত মিলোৱাৰ পিচত
  • বাথৰুম ব্যৱহাৰ কৰাৰ পিচত
  • ভ্ৰমণৰ পৰা উভতি অহাৰ পিচত

কিমান সময় হাত ধুব লাগে ?

ভালদৰে হাত নুধুলে বিয়পিব পাৰে এই ৰোগ: জানি লওক আমি কেতিয়া আৰু কিমান সময়লৈকে হাত ধোৱা উচিত ? (ETV Bharat)

সদায় চাবোনেৰে হাত দুখন ভালদৰে পৰিষ্কাৰ কৰিব লাগে ৷ চাবোনটো আঙুলিৰ মাজত আৰু চাৰিওফালে ভালদৰে ঘঁহিব লাগে ৷ কমেও ৩০ ছেকেণ্ডৰ বাবে হাত দুখন ধুব লাগে ৷

লগতে পঢ়ক:ফল-মূল আৰু শাক-পাচলি নোধোৱাকৈ ব্যৱহাৰ কৰে নেকি ? - Fruits and Vegetables Cleaning Tips

ABOUT THE AUTHOR

...view details