সুস্থ হৈ থাকিবলৈ মানুহে প্ৰায়ে স্বাস্থ্যসন্মত ব্যায়াম আৰু খাদ্যাভ্যাস মানি চলে ৷ ব্যস্ত দৈনন্দিন জীৱনত মানুহৰ নিজৰ বাবে সময়ো নাথাকে ৷ এনে পৰিস্থিতিত এতিয়া নিজকে ফিট আৰু সুস্থ কৰি ৰাখিবলৈ মানুহে এনে কিছুমান ব্যায়াম নিজৰ ৰুটিনত অন্তৰ্ভুক্ত কৰে, যাৰ ফলত কম সময়ত তেওঁলোকৰ অধিক সোনকালে সুফল লাভ কৰে ৷ ইয়াৰে ভিতৰত খোজকঢ়াটো অন্যতম, যিটো বহু লোকৰ জীৱনশৈলীৰ এটা অংশ ৷ খোজ কাঢ়িলে স্বাস্থ্যৰ বাবে বহুতো উপকাৰিতা সাধন হয় ৷
এনে পৰিস্থিতিত আজিৰ এই প্ৰতিবেদনত আমি আপোনালোকক পুৱা সোনকালে উঠি খোজকঢ়াৰ কিছু উপকাৰিতাৰ বিষয়ে উল্লেখ কৰিম ৷ পুৱাৰ খোজকঢ়া বা মৰ্ণিং ৱাকৰ কিছু উপকাৰিতা জানো আহক-
পুৱা সোনকালে উঠি খোজ কাঢ়িলে বহু গুৰুতৰ ৰোগৰ সম্ভাৱনা কম কৰিব পৰা যায় ৷ পুৱা সোনকালে উঠি খোজ কাঢ়িলে টাইপ ২ ডায়েবেটিছ, মেদবহুলতা, হৃদৰোগ, উচ্চ ৰক্তচাপ আৰু কিছুমান প্ৰকাৰৰ কেন্সাৰ আদি গুৰুতৰ ৰোগ প্ৰতিৰোধ কৰাত সহায়ক হয় ৷
লগতে পঢ়ক:যদি সুস্থ হৈ থাকিব বিচাৰে তেন্তে কোনে কিমান দূৰ খোজ কঢ়াটো উচিত ? - WALKING ACCORDING TO AGE
হাড় আৰু গাঁঠি শক্তিশালী কৰা
বয়স বৃদ্ধিৰ লগে লগে আমাৰ হাড়ৰ ঘনত্বও কমিবলৈ আৰম্ভ কৰে, যাৰ বাবে হাড়বোৰ দুৰ্বল হৈ পৰে ৷ এনে পৰিস্থিতিত স্বাস্থ্যসন্মত খাদ্যৰ সৈতে খোজকঢ়াৰ অভ্যাসে আমাৰ হাড় শক্তিশালী কৰাত সহায় কৰিব পাৰে আৰু অষ্টিঅ’পৰ’ছিছৰ সম্ভাৱনা দূৰ কৰিব পাৰে ৷
ওজন হ্ৰাস কৰাত সহায়ক