অসম

assam

ETV Bharat / health

শৰীৰত যদি আছে এই ৰোগ তেন্তে কেতিয়াও নাখাব আনাৰস অন্যথা.... - PINEAPPLE AND ACID REFLUX

আনাৰস এবিধ অতি সোৱাদযুক্ত ফল, কিন্তু জোখতকৈ ইয়াক বেছিকৈ খালে শৰীৰৰ বাবে সমস্যাৰ সৃষ্টি হ’ব পাৰে-

Does pineapple have any side effects?
শৰীৰত যদি আছে এই ৰোগ তেন্তে কেতিয়াও নাখাব আনাৰস অন্যথা.... (ETV Bharat)

By ETV Bharat Health Team

Published : Nov 9, 2024, 5:19 PM IST

আনাৰস আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী সেই বিষয়ে নতুনকৈ কোৱাৰ হয়তো কোনো প্ৰয়োজন নাই, বহুতৰে প্ৰিয় এই ফলবিধ ইয়াৰ উৎকৃষ্ট মিঠা সোৱাদ আৰু পুষ্টিৰ বাবে জনাজাত ৷ এই ফলবিধে কেৱল সতেজতা প্ৰদান কৰাই নহয়, ইয়াক ভিটামিন চি আৰু খনিজ পদাৰ্থৰ সমৃদ্ধ উৎস বুলিও গণ্য কৰা হয় ৷

বিশেষজ্ঞৰ মতে, আনাৰস খালে স্বাস্থ্যৰ বাবে বহু উপকাৰিতা হয় যদিও আমাৰ শৰীৰত এই স্বাস্থ্যজনিত সমস্যা থাকে তেন্তে ইয়াক খোৱাটো উচিত নহয়, অন্যথা সমস্যা আৰু অধিক বৃদ্ধি পাব পাৰে ৷

এই ৰোগত আনাৰস খাব নালাগে

১/ চিলিয়াক ৰোগ

চিলিয়াক ৰোগ (Celiac Disease) থকা লোকৰ বাবে আনাৰস খোৱাটো বিশেষ এটা ভাল নহয়, গ্লুটেনৰ (Gluten Reaction) প্ৰতি ইয়াৰ প্ৰতিক্ৰিয়া হ’ব পাৰে ৷ আনাৰসত প্ৰাকৃতিকভাৱে পোৱা এনজাইম ব্ৰ’মেলিন থাকে, যিয়ে চিলিয়াক ৰোগৰ অৱস্থা আৰু বেয়া কৰি তুলিব পাৰে ৷ চিলিয়াক ৰোগীয়ে যদি আনাৰস খায় তেন্তে পেট ফুলা, বিষ আৰু আন বহুতো সমস্যাত ভুগিব পাৰে ৷

২/ গেষ্ট্ৰাইটিছ বা এচিডিটিৰ সমস্যা

গেষ্ট্ৰাইটিছ বা এচিডিটিৰ সমস্যা থকা লোকৰ বাবেও আনাৰস ক্ষতিকাৰক হ’ব পাৰে ৷ ইয়াক খালে সমস্যা আৰু অধিক বৃদ্ধি পাব পাৰে ৷ বিশেষকৈ ৰাতি এই ফল খোৱাটো পৰিহাৰ কৰাটো উচিত ৷

৩/ বৃক্কৰ ৰোগ

ভিটামিন চি গ্ৰহণৰ সৰ্বোচ্চ সীমা দৈনিক প্ৰায় ২০০ মিলিগ্ৰাম ৷ অত্যধিক পৰিমাণৰ ভিটামিন চি সেৱন কৰিলে বৃক্কৰ সমস্যা থকা লোকৰ ক্ষতি হ’ব পাৰে ৷ গতিকে যদি আপুনি আপোনাৰ বৃক্কক ক্ষতিৰ পৰা ৰক্ষা কৰিব বিচাৰে তেন্তে ইয়াক খোৱাটো সীমিত কৰক ৷

৪/ ডায়েবেটিছ

আনাৰসত প্ৰাকৃতিক চেনি আৰু কেলৰি বেছি থাকে, যদি কোনো ডায়েবেটিছ ৰোগীয়ে ইয়াক গ্ৰহণ কৰে তেন্তে ৰক্ত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পাব আৰু তেতিয়া আপোনাৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটিব পাৰে ৷ ডায়েবেটিছ ৰোগীয়ে আনাৰসৰ সলনি আন ফল-মূল খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে ৷

https://www.sciencedirect.com/topics/pharmacology-toxicology-and-pharmaceutical-science/pineapple

https://pmc.ncbi.nlm.nih.gov/articles/PMC8028712/

লগতে পঢ়ক:বাকলি গুচাই খায় নেকি এই ফল ? তেন্তে আজিয়েই ত্যাগ কৰক এই ভুল

ABOUT THE AUTHOR

...view details