অসম

assam

অধিক বাদাম খালে আপোনাৰ ওজন বৃদ্ধি হ’ব পাৰে নেকি ?

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 2:01 PM IST

Peanuts Side Effects: বাদাম খাই কোনেনো ভাল নাপায়, সেয়া সন্ধিয়াৰ সময়তে হওক বা ভ্ৰমণৰ সময়ত লঘু খাদ্য হিচাপে হওক ইয়াক আমি খাবলৈ ভালপাও, কিন্তু ইয়াৰ সঠিক পৰিমাণ জনাটো গুৰুত্বপূৰ্ণ অন্য ই আমাৰ স্বাস্থ্যৰ উপকাৰৰ পৰিবৰ্তে ক্ষতি কৰিব পাৰে ।

Does eating too many peanuts increase weight? Know what limit is right for you
অধিক বাদাম খালে আপোনাৰ ওজন বৃদ্ধি হ’ব পাৰে নেকি ?

সাধাৰণতে বাদামক স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়, কাৰণ ইয়াত পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে পোৱা যায়, ইয়াক খালে তেওঁৰ শৰীৰত মেগনেছিয়াম, ফছফৰাছ, পটাছিয়াম, জিংক, কেলচিয়াম, ছডিয়াম আদি পোৱা যাব ৷ অৱশ্যে আপুনি নিশ্চয় সচেতন যে বাদামত চৰ্বিও থাকে, কাৰণ ইয়াৰ পৰা খাব পৰা তেল নিষ্কাশন কৰা হয় ৷

এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে, অত্যধিক বাদাম খালে কিয় ওজন বৃদ্ধি হয় ? এই বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আহক-

উচ্চ কেলৰি

বাদাম এনে এবিধ শুকান ফল য’ত অধিক পৰিমাণৰ কেলৰি থাকে, যদি আপুনি ইয়াক অত্যধিক পৰিমাণে গ্ৰহণ কৰে তেন্তে কেলৰি আপোনাৰ দৈনিক সীমাৰ বাহিৰলৈ যাব পাৰে ৷ যাৰ বাবে ওজন বৃদ্ধিৰ আশংকা থাকে ৷ যদি আপোনাৰ ওজন পূৰ্বৰ তুলনাত বেছি হয়, তেন্তে বিশেষজ্ঞৰ পৰামৰ্শৰ পিছতহে খাব পাৰে ৷

ওজন বৃদ্ধিৰ কাৰণ হোৱা অন্যান্য কাৰক

বাদামত প্ৰচুৰ পৰিমাণে মনোচেকাৰাইড আৰু পলিচেকাৰাইড থাকে যিয়ে ওজন বৃদ্ধিত সহায় কৰে ৷ ইয়াৰ ফলত কেৱল পেট আৰু কঁকালৰ চৰ্বি বৃদ্ধি হোৱাই নহয়, ইয়াৰ অত্যধিক সেৱনে আপোনাৰ স্বাস্থ্যও নষ্ট কৰিব পাৰে ৷

পৰিমাণৰ প্ৰতি গুৰুত্ব দিয়ক

বাদাম খোৱাটো উচিত কিন্তু ইয়াৰ অত্যধিক সেৱনে আপোনাৰ সমস্যা অধিক বৃদ্ধি কৰিব পাৰে ৷ সকলোৰে শৰীৰৰ প্ৰয়োজন বেলেগ বেলেগ ৷ সাধাৰণতে দৈনিক এমুঠি বা সৰু এবাটি বাদাম খালে কোনো সমস্যা নহয় ৷ ইয়াতকৈ বেছিকৈ খাব বিচাৰিলে প্ৰথমে চিকিৎসক বা খাদ্য বিশেষজ্ঞৰ পৰামৰ্শ লওক ৷ যদি আপুনি পৰিমাণটো সুষম পৰিমাণত ৰাখে তেন্তে ই উপকাৰী হ’ব ৷ সেয়ে খাদ্য খোৱাৰ সময়ত সাৱধান হ’ব লাগে ৷

লগতে পঢ়ক:শীতকাল শেষ হোৱালৈকে দৈনিক খাওক বিট আৰু পাওক অনেক উপকাৰিতা

ABOUT THE AUTHOR

...view details