জলকীয়া আমাৰ প্ৰতিদিনৰ খাদ্যত ব্যৱহাৰ হোৱা এক অন্যতম উপাদান ৷ আমি প্ৰায় ব্যঞ্জনত নিমখ, হালধিৰ লগতে জলকীয়া ব্যৱহাৰ কৰো ৷ বহু লোকে আকৌ জলকীয়া নহ’লে খাদ্য খাবই নোৱাৰে ৷
আমি সকলোৱে জানো যে, বহুপ্ৰকাৰৰ জলকীয়া আছে আৰু সকলো জলকীয়াৰে গুণাগুণ বেলেগ ৷ মাহজাতীয় শস্য বা পাচলিত মানুহে সোৱাদৰ বাবে বেছিভাগ ৰঙা জলকীয়া ব্যৱহাৰ কৰে আৰু সেউজীয়া জলকীয়া চালাড বা চাটনিত ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও, ক'লা জালুক আৰু বগা ঘূৰণীয়া জালুকো বেলেগ ধৰণে ব্যৱহাৰ কৰা হয় ।
আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি, জলকীয়াৰ বহুতো লাভালাভ আছে ৷ পাচন তন্ত্ৰ, পুষ্টি আৰু আন বহুতো স্বাস্থ্যজনিত লাভালাভৰ বাবে জলকীয়া অত্যন্ত প্ৰয়োজনীয় । কিন্তু বিশেষজ্ঞসকলে সদায় আহাৰত জলকীয়াৰ নিৰ্ধাৰিত পৰিমাণত ব্যৱহাৰ কৰিবলৈহে পৰামৰ্শ দিয়ে । দৰাচলতে, খাদ্যত অত্যধিক জলকীয়া খোৱা বা দৈনিক অধিক মচলাযুক্ত খাদ্য খোৱাৰ অভ্যাসৰ ফলত কেৱল পাচন তন্ত্ৰ বা পাকস্থলীতে সমস্যা নহয় আন বহুতো কম বা অধিক গুৰুতৰ সমস্যা আৰু ৰোগ হ'ব পাৰে ।
অত্যধিক জলকীয়া খোৱাৰ অসুবিধা
নতুন দিল্লীৰ ডায়েটিচিয়ান আৰু পুষ্টিবিদ ডাঃ দিব্যা শৰ্মাই কয় যে, জলকীয়া অত্যধিক খালে পেটৰ তাপ বৃদ্ধি হয় । ইয়াৰ ফলত পাকস্থলী ফুলা আৰু অন্যান্য সমস্যা হ'ব পাৰে, বিশেষকৈ পাচন তন্ত্ৰৰ সৈতে সম্পৰ্কিত অংগসমূহত । এনে পৰিস্থিতিত, হজমৰ সমস্যা আৰু গেষ্ট্ৰিক সমস্যা যেনে গেষ্ট্ৰোইচোফেজিয়েল ৰিফ্লাক্স ৰোগ, এচিডিটি আৰু আহাৰত পাকস্থলীৰ সংক্ৰমণকে ধৰি বহুতো সমস্যাৰ আশংকাও বৃদ্ধি হয় । যাৰ ফলত পেটৰ বিষ, পেটৰ জ্বলা-পোৰা, কোষ্ঠকাঠিন্য, ডায়েৰিয়া, ওকালি অহা, বমি আৰু কেতিয়াবা মুৰৰ বিষ আৰু বুকুৰ জ্বলা-পোৰা হয় ।
একে সময়তে, অত্যধিক আৰু নিয়মীয়াকৈ মচলাযুক্ত খাদ্যই পাকস্থলীৰ আলচাৰৰ আশংকা বৃদ্ধি কৰিব পাৰে । ই এক গুৰুতৰ সমস্যা আৰু কেতিয়াবা ৰোগীৰ বাবে এক মাৰাত্মক অৱস্থাৰ সৃষ্টি কৰিব পাৰে । অত্যধিক পৰিমাণৰ জলকীয়া, মচলাযুক্ত আহাৰ খোৱাৰ ফলত পাকস্থলী বা পাচন তন্ত্ৰৰ সমস্যাৰ বাহিৰে আন বহুতো সমস্যা হ'ব পাৰে ৷
- ছাল সম্পৰ্কীয় সমস্যা বৃদ্ধি হয় ৷
- কম টোপনি বা নিদ্ৰাহীনতাৰ দৰে সমস্যা হ’ব পাৰে ৷
- অধিক মচলাযুক্ত খাদ্যৰ ফলত মুখ আৰু ডিঙিত আলচাৰ হ'ব পাৰে ।