অসম

assam

ETV Bharat / health

পুনৰ মানৱ শৰীৰত বাৰ্ড ফ্লুৰ সংক্ৰমণ - BIRD FLU - BIRD FLU

Bird Flu Virus : দেশৰ ভিন্ন প্ৰান্তত বৃদ্ধি হৈছে বাৰ্ড ফ্লুৰ ঘটনা ৷ বিশ্ব স্বাস্থ্য সংস্থাই পশ্চিম বংগত বাৰ্ড ফ্লুৰ সংক্ৰমণ হোৱাৰ এটা ঘটনা নিশ্চিত কৰিছে । 2019 চনৰ পিচত ভাৰতত দ্বিতীয়বাৰৰ বাবে কোনো লোক বাৰ্ড ফ্লুত আক্ৰান্ত হৈছে ৷ আপুনি কেনেদৰে প্ৰতিৰোধ কৰিব বাৰ্ড ফ্লু ?

BIRD FLU
বৃদ্ধি হৈছে বাৰ্ড ফ্লুৰ ঘটনা (ETV BHARAT ASSAM)

By ETV Bharat Health Team

Published : Jun 14, 2024, 9:08 AM IST

দ্বিতীয়বাৰৰ বাবে এগৰাকী মানুহৰ দেহত ধৰা পৰিছে বাৰ্ড ফ্লুৰ ভাইৰাছৰ অৱস্থিতি । বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতৰ পশ্চিম বংগত H5N1 ভাইৰাছ (বাৰ্ড ফ্লু)ৰ এটা ঘটনা নিশ্চিত কৰিছে । এটা চাৰি বছৰীয়া শিশু H5N1 ভাইৰাছত আক্ৰান্ত হৈছে ৷ তথ্য অনুসৰি, প্ৰথমবাৰৰ বাবে 2019 চনত ভাৰতত এই H5N1 ভাইৰাছ মানৱ শৰীৰত পোৱা গৈছিল ৷

বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে যে শিশুটোক ফেব্ৰুৱাৰীত শ্বাসতন্ত্ৰৰ ৰোগ আৰু তীব্ৰ জ্বৰৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । শিশুটোৱে প্ৰায় তিনি মাহ ধৰি চিকিৎসাধীন হৈ আছিল ৷ তাৰ পিচতেই শিশুটিৰ শৰীৰত H5N1 ভাইৰাছ কৰিছিল ৷

শিশুটোৰ কি হৈছিল :

বাৰ্ড ফ্লুত আক্ৰান্ত হোৱা শিশুটোৰ লক্ষণ হৈছে, এই চাৰি বছৰীয়া শিশুটোৱে পেটৰ বিষৰ বিষয়ে অভিযোগ কৰিছিল । শিশুটোৰ এই ভাইৰাছৰ সংক্ৰমণৰ কাৰণ হৈছে শিশুটোৰ ঘৰৰ লগতে আশে পাশে কুকুৰা চৰাই পোহাৰ লগত ফাৰ্ম আছিল ৷

লগতে পঢ়ক:Bird flu virus: H3N8 বাৰ্ড ফ্লু কেনেকৈ মানুহৰ শৰীৰত কেনেকৈ বিয়পে ? এই লক্ষণসমূহৰ পৰা সাৱধান

বাৰ্ড ফ্লু কি :

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই বাৰ্ড ফ্লু সংক্ৰমণক এভিয়ান ইনফ্লুৱেঞ্জা প্ৰকাৰ এ ভাইৰাছৰ দ্বাৰা হোৱা সংক্ৰমণ বুলি ব্যাখ্যা কৰিছে । সাধাৰণতে, ই বন্য জলজ চৰাই, ঘৰুৱা কুকুৰা, আৰু অন্যান্য চৰাইক প্ৰভাৱিত কৰে ৷ অৱশ্যে, মানুহৰ ক্ষেত্ৰতো বাৰ্ড ফ্লু সংক্ৰমণ হ'ব পাৰে ৷ এনে ধৰণৰ ঘটনা পূৰ্বতেও এটা পোহৰলৈ আহিছে ৷

মানুহৰ ক্ষেত্ৰত বাৰ্ড ফ্লু কেনেদৰে হয় ?

এই ভাইৰাছৰ সংক্ৰমণ সাধাৰণতে চৰাই বা আন জন্তুৰ (পশুধন) সংস্পৰ্শলৈ অহা লোকৰ ক্ষেত্ৰত হয় ৷

বাৰ্ড ফ্লুৰ লক্ষণ কি ?

বাৰ্ড ফ্লুৰ ৰোগীসকলৰ চকুৰ সংক্ৰমণ আৰু শ্বাস-প্ৰশ্বাসৰ সমস্য়াই দেখা দিয়ে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই জনাইছে যে ইয়াৰ গুৰুতৰ লক্ষণবোৰৰ ভিতৰত অন্যতম হৈছে নিউমোনিয়া ৷ ই স্বাস্থ্যৰ বাবে মাৰাত্মক হ'ব পাৰে ।

বাৰ্ড ফ্লু সংক্ৰমণৰ প্ৰতিকাৰ :

এই ভাইৰাছৰ প্ৰতিৰোধৰ বাবে সংক্ৰমিত চৰাই আৰু জন্তুৰ সৈতে দীৰ্ঘম্যাদী সংস্পৰ্শত নাহিব । ইয়াৰ উপৰিও, স্বাস্থ্য সংস্থাই কম ৰন্ধা খাদ্য নাখাবলৈও পৰামৰ্শ দিছে । বিশেষকৈ কুকুৰা পালন কৰা লোকসকলে খাদ্যসমূহ ভালদৰে ৰান্ধি খাওক ৷

ইয়াৰে কিছু সামগ্ৰীৰ ভিতৰত আছে পেষ্টুৰাইজ গাখীৰ বা কেঁচা গাখীৰৰ পৰা তৈয়াৰ কৰা সামগ্ৰী, যেনে পনীৰ । এতিয়ালৈকে অন্ধ্ৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু কেৰালাৰ কেইবাখনো জিলাত চৰাই আৰু জন্তুৰ শৰীৰত বাৰ্ড ফ্লুৰ ঘটনা সংঘটিত হৈছে ৷

লগতে পঢ়ক:Bird flu infection in human body : প্ৰথমবাৰৰ বাবে মানুহৰ দেহত বাৰ্ড ফ্লু

ABOUT THE AUTHOR

...view details