কৰ্কট ৰোগৰ দৰে ভয়াৱহ ৰোগত আক্ৰান্ত ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে এটি ডাঙৰ সকাহৰ খবৰ ৷ ট্ৰাষ্টুজুমেব ডেৰাক্সটেকেনকে ধৰি তিনিটা প্ৰধান কেন্সাৰ প্ৰতিৰোধী ঔষধৰ মূল্য বহু পৰিমাণে হ্ৰাস কৰা হৈছে, যাৰ ফলত এতিয়া এই ঔষধসমূহ গ্ৰহণ কৰাটো সহজ হৈ পৰিব ৷ পূৰ্বে এই ঔষধসমূহৰ মূল্য বেছি আছিল যদিও বৰ্তমান এই ঔষধসমূহৰ মূল্যৰ পৰিমান হ্ৰাস কৰি চৰকাৰে সকাহ প্ৰদান কৰিছে ৷ এই পদক্ষেপে তগধুৰ চিকিৎসা ব্যয়ৰ বোজাৰ সন্মুখীন হোৱা লাখ লাখ ৰোগীৰ বাবে আশাৰ নতুন ৰেঙণি কঢ়িয়াই আনিছে ৷
চৰকাৰৰ নিৰ্দেশ অনুসৰি ট্ৰাষ্টুজুমেব ডেৰাক্সটেকেন, অচিমেৰটিনিব, ডাৰভালুমেবৰ (Trastuzumab Deruxtecan, Osimertinib, Durvalumab)দৰে তিনিটা গুৰুত্বপূৰ্ণ কেন্সাৰ প্ৰতিৰোধী ঔষধৰ মূল্য যথেষ্ট হ্ৰাস পাইছে ৷ স্তন কেন্সাৰ, হাওঁফাওঁৰ কৰ্কট ৰোগ আৰু অন্যান্য প্ৰকাৰৰ কৰ্কট ৰোগৰ চিকিৎসাত এই ঔষধ ব্যৱহাৰ কৰা হয় ৷
শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই তিনিবিধ ঔষধৰ ওপৰত থকা বেচিক কাষ্টম ড্যুটি (বিচিডি) শূন্যলৈ হ্ৰাস কৰাৰ লগতে জিএছটিৰ হাৰ ১২%ৰ পৰা ৫%লৈ হ্ৰাস কৰিছে ৷ ইয়াৰ বাবে কোম্পানীসমূহক ঔষধৰ সৰ্বোচ্চ খুচুৰা মূল্য (MRP) হ্ৰাস কৰি ইয়াৰ সুবিধাসমূহ ৰোগীসকলৰ মাজলৈ আগবঢ়াবলৈ নিৰ্দেশ দিয়া হৈছিল ৷
কৰ্কট ৰোগৰঔষধৰ মূল্য হ্ৰাস
চৰকাৰৰ এই নিৰ্দেশ পালন কৰি কোম্পানীসমূহে ঔষধৰ দাম সলনি কৰিছে ৷ উদাহৰণস্বৰূপে, এষ্ট্ৰাজেনেকা ফাৰ্মা ইণ্ডিয়া লিমিটেডে নিজৰ বহু প্ৰস্তুতিৰ দাম হ্ৰাস কৰাৰ বাতৰি প্ৰকাশ কৰিছে ৷ কোম্পানীটোৱে কয় যে যেতিয়া বজাৰত কম কাষ্টম ডিউটিৰ নতুন ষ্টক বিক্ৰীৰ বাবে আহিব তেতিয়া সংশোধিত মূল্য প্ৰযোজ্য হ’ব ৷