অসম

assam

ETV Bharat / health

গাখীৰৰ সৈতে মিহলাই খাওক কেশৰ: উপকাৰিতা জানি হৈ পৰিব আচৰিত - Saffron Milk - SAFFRON MILK

Saffron milk: হালধীয়া ৰং আৰু নিজৰ অদ্ভুত সোৱাদৰ বাবে পৰিচিত কেশৰক আয়ুৰ্বেদত যুগ যুগ ধৰি এক গুৰুত্বপূৰ্ণ বনৌষধি হিচাপে ব্যৱহাৰ কৰি অহা হৈছে । কিন্তু আপুনি জনেনে যে এই বহুমূলীয়া মছলাবিধ গাখীৰৰ লগত মিহলাই খালে আমাৰ স্বাস্থ্যই কেনেধৰণৰ উপকাৰিতা পাব পাৰে । আজি এই বিষয়ে জানো আহক-

Amazing benefits of drinking milk with saffron, you will be surprised to know
গাখীৰৰ সৈতে মিহলাই খাওক কেশৰ: উপকাৰিতা জানি হৈ পৰিব আচৰিত (CANVA)

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 9:21 PM IST

আয়ুৰ্বেদত কেশৰক যুগ যুগ ধৰি বিভিন্ন ঔষধ প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰি অহা হৈছে ৷ বহুতে ইয়াক গাখীৰৰ লগত মিহলাই খাই ভাল পায় ৷ কিন্তু আপুনি জানেনে ইয়াৰ দ্বাৰা আমাৰ স্বাস্থ্যই বহু উপকাৰিতা লাভ কৰে ৷ তেন্তে পলম নকৰি আজি ইয়াৰ উপকাৰিতাসমূহৰ বিষয়ে জানো আহক-

কেশৰ মিহলোৱা গাখীৰৰ উপকাৰিতা

হজম শক্তি উন্নত কৰে- কেশৰ গাখীৰে পাচনতন্ত্ৰ শক্তিশালী কৰে আৰু বদহজম, কোষ্ঠকাঠিন্য আৰু পেটৰ অন্যান্য সমস্যাৰ পৰা সকাহ দিয়ে ৷

মানসিক চাপ দূৰ কৰে- কেশৰত থকা ক্ৰ’চিন নামৰ যৌগ এটাই মানসিক চাপ কমোৱাত আৰু মেজাজ উন্নত কৰাত সহায় কৰে ৷

ছালৰ বাবে উপকাৰী–কেশৰে ছালখন চিকচিকিয়া আৰু কোমল কৰি তোলাত সহায় কৰে ৷ ব্ৰণ, দাগ আৰু বলিৰেখা কমোৱাতো ই ফলপ্ৰসূ ৷

চকুৰ বাবে উপকাৰী- কেশৰে দৃষ্টিশক্তি উন্নত কৰাত সহায় কৰে আৰু চকুৰ ছানি পৰাৰ দৰে সমস্যাৰ পৰা ৰক্ষা কৰে ৷

হৃদৰোগ–কেশৰ হৃদস্বাস্থ্যৰ বাবেও উপকাৰী ৷ ই ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে আৰু হৃদযন্ত্ৰক শক্তিশালী কৰে ৷

ইমিউনিটি বুষ্টাৰ– কেশৰে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু শৰীৰক সংক্ৰমণৰ পৰা ৰক্ষা কৰে ৷

টোপনি উন্নত কৰে-কেশৰ গাখীৰৰ সৈতে মিহলাই খালে ভাল টোপনি অহাত সহায় কৰে আৰু অনিদ্ৰাৰ পৰা সকাহ দিয়ে ৷

কেশৰ গাখীৰ কেনেকৈ বনাব ?

কেশৰ গাখীৰ বনোৱাটো অতি সহজ ৷ কেইটামান কেশৰৰ সূতা গৰম গাখীৰত ৰাতিটো তিয়াই পুৱা পান কৰিব পাৰে ৷ ইচ্ছা কৰিলে তাত অলপ মৌও দিব পাৰে ৷

সাৱধানতা

  • গৰ্ভৱতী মহিলা আৰু দুগ্ধপান কৰাই থকা মহিলাসকলে কেশৰ খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী ৷
  • অতিমাত্ৰা কেশৰ সেৱন কৰিলে ছালত দাগ পৰিব পাৰে ৷
  • যদি আপোনাৰ কোনো ধৰণৰ এলাৰ্জী আছে তেন্তে কেশৰ খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক ৷

অন্য গুৰুত্বপূৰ্ণ তথ্য

  • কেশৰ যথেষ্ট ব্যয়বহুল, গতিকে ইয়াক কম পৰিমাণেহে ব্যৱহাৰ কৰক ৷
  • কেশৰ সদায় বায়ু সোমাব নোৱৰা পাত্ৰত বন্ধ কৰি ৰাখিব লাগে ৷
  • কেশৰ মোহাৰিও ব্যৱহাৰ কৰিব পাৰি ৷
লগতে পঢ়ক:Saffron Milk Benefits: দৈনিক কেশৰযুক্ত গাখীৰ খাওক, স্বাস্থ্যৰ বাবে এই ৫টা উপকাৰিতা পাওক

ABOUT THE AUTHOR

...view details