চিটাৰা ডেস্ক, ১৯ ফেব্ৰুৱাৰী: বলীউডৰ জনপ্ৰিয় অভিনেতা বৰুণ ধৱনে অনুৰাগীক দিলে এটা ভাল খবৰ ৷ অতি সোনকালেই পিতৃ হ’ব বৰুণ ধৱন । হয়, ১৮ ফেব্ৰুৱাৰী অৰ্থাৎ দেওবাৰে এই ভাল খবৰটো শ্বেয়াৰ কৰিছে খোদ বৰুণে । অভিনেতাগৰাকীয়ে তেওঁৰ পত্নী নাতাশা দলালৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে, য’ত নাতাশাই বেবী বাম্প প্ৰদৰ্শন কৰা দেখা গৈছে । বৰুণে এই খবৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পিচতে এতিয়া অনুৰাগী, তেওঁৰ সহ অভিনেতা আৰু আন বলীউডৰ বহু তাৰকাই তেওঁক অভিনন্দন জনাইছে ।
উল্লেখ্য যে, বৰুণ ধৱন আৰু নাতাশা দলালৰ বিয়া হৈছিল ২০২১ চনত যদিও দুয়ো বহু বছৰ প্ৰেমৰ সম্পৰ্কত আছিল ৷ এতিয়া অৱশেষত দুয়োগৰাকী পিতৃ-মাতৃ হ’বলৈ ওলাইছে ।
ইফালে বৰুণ ধৱনে শ্বেয়াৰ কৰা ফটোখনত নাতাশা দলালৰ বেবী বাম্পত বৰুণক চুমা খাই খোৱা দেখা গৈছে । ছবিখন শ্বেয়াৰ কৰি বৰুণে কেপচনত লিখিছে, ‘‘আমি গৰ্ভৱতী আৰু আপোনালোকৰ মৰম আৰু প্ৰাৰ্থনাৰ প্ৰয়োজন ।’’ ইয়াৰ লগতে বৰুণে লিখিছে মাই ফেমিলি মাই ষ্ট্ৰেংথ হেচটেগ ।
চেলিব্ৰিটিসকলে জনালে অভিনন্দন