অসম

assam

ETV Bharat / entertainment

গোলাঘাটৰ গ'ল্ড ছবিগৃহত কিহৰ প্ৰতিবাদ ?

New Assamese Flim : গোলাঘাটৰ গ'ল্ড ছবিগৃহত সুন্দৰপুৰ কেঅছৰ কলা-কুশলী । ৰাইজক অনুৰোধ জনালে ছবিখন উপভোগ কৰিবলৈ ।

By ETV Bharat Entertainment Team

Published : 12 hours ago

Upcoming Assamese film sundarpur chaos promotion at Gold Cinema in Golaghat
গোলাঘাটৰ গ'ল্ড ছবিগৃহত সুন্দৰপুৰ কেঅছৰ কলা-কুশলী (ETV Bharat Assam)

গোলাঘাট :সত্ৰৰ মাটিত বিদেশীৰ আগমন নচলিব, সত্ৰৰ শত্ৰক আমি নিচিনো, আমাৰ মাটি আমাৰ সত্ৰ, আমাৰ মাটি আমাৰ অধিকাৰ আদি প্লে কাৰ্ড লৈ গোলাঘাটৰ Gold Cinema হলত এদল যুৱক-যুৱতী । আচলতে এইয়া কোনোধৰণৰ প্ৰতিবাদী কাৰ্যসূচী নহয় এইয়া অসমীয়া চলচ্চিত্ৰত সন্নিবিষ্ট কৰা বৰ্তমান সময়ত চলি ঘটনাৰাজীৰ ওপৰত নিৰ্মাণ কৰা এখন অসমীয়া বোলছবি । ছবিখনৰ নাম সুন্দৰপুৰ কেঅছ ।

অসমৰ সত্ৰৰ ভূমি বেদখল, বিদেশী সমস্যাৰ আধাৰত নিৰ্মাণ কৰা হৈছে আহিবলগীয়া অসমীয়া ছবিখন । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজীৰ পৰা আৰম্ভ কৰি সত্ৰৰ ওপৰত বিশেষভাৱে প্ৰাধান্য প্ৰদান কৰা ছবিখনত বৰ্তমান ৰাজ্যখনৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বিষয়বস্তু উপস্থাপন কৰাৰ কথা উল্লেখ কৰে সুন্দৰপুৰ কেঅছ ছবিখনৰ লগত জড়িত শিল্পীসকলে ।

গোলাঘাটৰ গ'ল্ড ছবিগৃহত সুন্দৰপুৰ কেঅছৰ কলা-কুশলী (ETV Bharat Assam)

অসমৰ কেইবাগৰাকীও জনপ্ৰিয় অভিনেতাই অভিনয় কৰিছে সুন্দৰপুৰ কেঅছত । অহা ২৫ অক্টোবৰত মুক্তি পাবলগীয়া ছবিখনৰ প্ৰচাৰৰ বাবে গোলাঘাটত উপস্থিত হৈ ছবিখনৰ শিল্পীসকলে সকলোকে ছবিখন চাবলৈ অনুৰোধ জনাই কয় যে বিশেষকৈ ছবিখনত সত্ৰৰ ভূমি বেদখলৰ পৰা আৰম্ভ কৰি সত্ৰৰ সমস্যাসমূহ উপস্থাপন কৰা হৈছে ।

এই সন্দৰ্ভত ছবিখনৰ পৰিচালক ঝুলন কৃষ্ণ মহন্তই কয়, "ইয়াৰ উপৰিও আমি সকলোৱে এতিয়া কিংকৰ অচলতে কিংকৰ এজন অসমীয়া ডেকা লৰা যাৰ চিন্তাধাৰাত অসমীয়া সপোন দেখে অসমীয়াত কথা পাতে কিন্তু বৰ্তমান তাৰ এটা সমস্যা হৈছে বিদেশী সমস্যাৰ বাবে জৰ্জৰিত এজন অসমীয়া । সেই ল'ৰাজন সত্ৰত ডাঙৰ দীঘল হৈছে কিন্তু সত্ৰৰ পৰা ওলাই যেতিয়া গুৱাহাটী মহানগৰখনত বেলেগ এখন অসম দেখা পায় ।"

তেওঁ লগতে কয়, "৬০০ বছৰ পূৰ্বে শ্ৰীমন্ত শঙ্কৰদেৱে বৰ অসমৰ কথা চিন্তা কৰিছিল কিন্তু ব্যক্তিগত বা হওঁক বা ৰাজনৈতিক অধিকাৰ বা সাংস্কৃতিক দিশতে হওঁক বৰ্তমান আমি হতাশাগ্ৰস্ত যেনেকৈ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰতিষ্ঠা কৰি যোৱা সত্ৰৰ মাটি বেদখল হ'ল কিন্তু সেই ভূমি উদ্ধাৰৰ ক্ষেত্ৰত কেৱল আলোচনা কৰা হয় । গতিকে এই বোলছবিখনৰ জৰিয়তে আমি উঠি অহা যুৱ প্ৰজন্মই কি ভূমিকা পালন কৰিব পাৰো এই বিষয় বস্তুসমূহ দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে ।"

আনহাতে ছবি খনত অভিনয় কৰা বনী দেউৰীয়ে কয়, "মই এই বোলছবিখনত মিকিৰ চৰিত্ৰত অভিনয় কৰিছো আৰু মুখ্য অভিনয় কৰা কিংকৰে গুৱাহাটী ঘৰলৈ আহে আৰু ছবিখনত যদিও মই এজন ভাল ছাত্ৰ হোৱাৰ লগতে পাৰ্টী কৰি ভালপাওঁ । লগতে এই ছবিখনত বলিউড জনপ্ৰিয় সংগীত শিল্পী চান, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী পাপন, গায়ত্ৰী মহন্তই গীত পৰিৱেশন কৰিছে । গতিকে বহু সুন্দৰ এখন চিনেমা নিৰ্মাণ কৰা হৈছে আৰু ২৫ অক্টোবৰৰ পৰা সকলোকে উপভোগ কৰিব বুলি আশা ৰাখিলো ।"

উল্লেখযোগ্য যে অসমত অসমীয়া বোলছবি জগতলৈ ইতিমধ্যে কেইবাখনো বোলছবি অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ ছবি গৃহত প্ৰদৰ্শন হোৱাৰ উপৰিও বিদেশতো সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । উঠি অহা যুৱ প্ৰজন্মই নতুন চিন্তাধাৰাৰে বোলছবিয়ে এতিয়া বিশেষ সমাদৰ লাভ কৰিবলৈ সমৰ্থ হৈছে ।

লগতে পঢ়ক:সুন্দৰপুৰ কেঅছৰ কাহিনীয়ে জ্বলন্ত সমস্যা সমাধানত যোগাব পাৰিবনে অৰিহণা ?

এক স্পৰ্শকাতৰ কিন্তু প্ৰাসংগিক বিষয়ক লৈ ছবিগৃহলৈ আহি আছে সুন্দৰপুৰ কেঅছ, আপুনি চাবলৈ সাজু নে ?

ABOUT THE AUTHOR

...view details