গুৱাহাটী : ১৭ জানুৱাৰীত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি 'গোলাই চোৰ’ । Zeng Entertainment আৰু অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ বেনাৰত নিৰ্মাণ কৰা হৈছে ছবিখন । শুকুৰবাৰে মহানগৰীৰ পাঞ্জাবাৰীস্থিত আইদেউ ছবিগৃহত মুকলি কৰা হয় ছবিখনৰ ট্ৰেইলাৰৰ লগতে দুটাকৈ গীত । মুক্তি দিয়া গীত দুটা হ’ল 'জিনচিলি মিনচিলি পিনচিলি' আৰু 'টিলিংঘপ' ৷
'জিনচিলি মিনচিলি পিনচিলি' শীৰ্ষক গীতটিৰ ৰচনা, সুৰ আৰু কণ্ঠ বনী দেউৰীৰ ৷ আনহাতে মুকলি হোৱা 'টিলিংঘপ' শীৰ্ষক আনটো গীতত কণ্ঠদান কৰিছে হিমাংশু প্ৰসাদ দাসৰ লগতে কেইবাগৰাকী শিল্পীয়ে । 'গোলাই চোৰ' ছবিখনৰ কাহিনী আৰু পৰিচালনা ৰক্তিম কমল বৰুৱাৰ ।
‘গোলাই চোৰ’ৰ ট্ৰেইলাৰ আৰু গীত মুকলি (ETV Bharat Assam) কিছুদিন পূৰ্বে সামাজিক মাধ্যমত মুকলি কৰা হৈছিল ছবিখনৰ এটা টিজাৰ । শুকুৰবাৰৰ এই ট্ৰেইলাৰ আৰু গীত মুকলি অনুষ্ঠানত উপস্থিত থাকে ছবিখনৰ অভিনেতা-অভিনেত্ৰীৰ লগতে বহু কলা-কুশলী । ছবিখন ২০২৫ ৰ আটাইতকৈ ডাঙৰ ব্লকবাষ্টাৰ হ’ব বুলি আশাবাদী ছবিখনৰ পৰিচালক ৰক্তিম কমল বৰুৱা । সকলো দৰ্শককে ছবিখন আঁকোৱালি ল’বলৈ আহ্বান ছবিখনৰ জড়িত প্ৰতিজন শিল্পীৰে ।
ছবিখনত অভিনয় কৰিছে হিমাংশু গগৈ, কেনী বসুমতাৰী, টনী বসুমতাৰী, হিমাংশু প্ৰসাদ দাস, মৃন্ময় শইকীয়া, বনী দেউৰী, বনদ্বীপ শৰ্মা, বেদব্ৰত বৰা, সপ্তৰ্ষি গগৈ, নৱজ্যোতি নাথ মৈত্ৰী দাস, বলীন বৰা, জয়ন্ত ভাগৱতী, জয়ন্ত দাস, প্ৰতিভা চৌধুৰীকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ সংগীত হৈছে পৰাশৰ কাশ্যপৰ, দৃশ্যগ্ৰহণ কৰিছে প্ৰয়াস শৰ্মা তামুলীয়ে আৰু ছাউণ্ড ডিজাইন অমৃত প্ৰীতমৰ ।
উল্লেখ্য যে, ২০২৫ চনত মুক্তি লাভ কৰিবলগীয়া প্রথমখন অসমীয়া ছবি হৈছে ‘গোলাই চোৰ’ । এই ছবিখনক দৰ্শকে আঁকোৱালি ল’ব বুলি আশাবাদী ছবিখনৰ পৰিচালক তথা কলা-কুশলীসকল ৷