অসম

assam

ETV Bharat / entertainment

অনুৰাগীসকলক নিজৰ এক আধৰুৱা সপোনৰ কথা জনালে জুবিনে, কিয় বাস্তৱ নহ‘ল সেই সপোন !

"মোৰ এখন কলেজ খুলিবলৈ ইচ্ছা আছিল, কিন্ত সময় নাপাওঁ । মই এতিয়াও পঢ়ি আছো ৷" ছাত্ৰ-ছাত্ৰীৰ সন্মুখত স্বীকাৰোক্তি জুবিনৰ ৷

By ETV Bharat Entertainment Team

Published : 7 hours ago

singer zubeen garg attends a freshers programme in nalbari
নৱাগত আদৰণী সভাত জুবিন (ETV Bharat Assam)

নলবাৰী : জুবিন গাৰ্গ অসমৰ এনে এক ব্যক্তিত্ব, যি প্ৰায়েই অনাহক বিতৰ্কত সোমাই সমালোচনাৰ সন্মুখীন হয় যদিও জনপ্ৰিয়তাৰ শীৰ্ষত ৷ অসমৰ সাম্প্ৰতিক সময়ৰ শিল্পী কলা-কুশলীসকলৰ মাজত জুবিন সদায়েই জনপ্ৰিয়তাৰ শীৰ্ষত বুলি ক’লেও হয়তো ভুল কোৱা নহ’ব ৷ জুবিন বুলিলেই মনলৈ আহে ‘‘এতিয়া হিয়া মোৰ বৰষে তোমালে’’, ‘‘মায়া মায়া মাথোঁ মায়া’’, ‘‘মাজুলীৰ এজনী ছোৱালী’’ ইত্যাদি গানবোৰ ৷ জুবিন এটাই নহয়, কেবাটাও প্ৰজন্মৰ শ্ৰোতাৰ মাজত সমানেই প্ৰিয় ৷ ক’ত জুবিনৰ অনুষ্ঠান উপভোগ কৰিলেও মন নোযোৱাকৈ নাথাকে তেওঁৰ অনুষ্ঠানলৈ নাযাবলৈ ৷

শেহতীয়াকৈ জুবিন উপস্থিত হয় এখন নৱাগত আদৰণী সভাত ৷ স্বাভাৱিকতে প্ৰিয় শিল্পীগৰাকীক কাষতে পাই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দেখিবলৈ পোৱা গ’ল অবৰ্ণনীয় উছাহ ৷ আৰু এইখন নৱাগত সভাত অনুৰাগীসকলক পাই জুবিনেও ৰাজহুৱা কৰিলে বহু মনৰ কথা ৷

"মোৰ এখন কলেজ খুলিবলৈ ইচ্ছা আছিল, কিন্তু মই সময় নাপাওঁ । USTM এ মোক ডক্টৰেট সন্মান প্ৰদান কৰিছে । মই গ্ৰেজুৱেশ্যনো কৰা নাই ৷’’ নলবাৰীত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে শিক্ষাৰ্থীৰ আগত এইদৰে ৰাখিলে দীঘলীয়া ভাষণ ।

নৱাগত আদৰণী সভাত জুবিন (ETV Bharat Assam)

নলবাৰীৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ নৱাগত আদৰণি সভাত উপস্থিত হৈ শিক্ষাৰ্থীসকলক সৎ কামৰ প্ৰতি আগ্ৰহী হ’বলৈ আহ্বান জনালে জুবিন গাৰ্গে । "মোৰো ইচ্ছা আছিল এখন কলেজ খুলিবলৈ । কিন্তু মই সময় নাপাওঁ । গীত গাব লাগে, মিউজিক কৰিব লাগে, শ্ব’ কৰিব লাগে, চিনেমা কৰিব লাগে । যাৰ বাবে মই সময় নাপাওঁ । নলবাৰীৰ এইখন নিউক্লিয়াছ একাডেমী যিয়েই প্ৰতিষ্ঠা কৰিছে মই তেওঁলোকৰ লগত আছো । USTM ও এটা সময়ত সৰু আছিল, আজি বৃহৎ এখন বিশ্ববিদ্যালয় । নলবাৰীৰ নিউক্লিয়াছ একাডেমীখনো আগলৈ ডাঙৰ হওক ৷" এই ভাষ্য জুবিন গাৰ্গৰ ।

লগতে তেওঁ কয়, "মোৰ বহুত পঢ়িবলগীয়া আছে আৰু অকল তোমালোকৰেই নহয় । মই এতিয়াও পঢ়ি থাকো ৷" সকলোকে ভালকৈ পঢ়ি আগুৱাই যাবলৈ আহ্বান জুবিনৰ ।

লগতে পঢ়ক :এতিয়াৰ পৰা খাৰঘুলি হ’ব জুবিনৰ স্থায়ী ঠিকনা

ABOUT THE AUTHOR

...view details