গুৱাহাটী : ১৭ জানুৱাৰীত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি ‘গোলাই চোৰ’। Zeng Entertainment আৰু অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ বেনাৰত নিৰ্মাণ কৰা হৈছে এই নতুন ছবিখন । দেওবাৰে মহানগৰীৰ পাঞ্জাবাৰীস্থিত আইদেউ ছবিগৃহত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ শ্ব’। প্ৰিমিয়াৰ শ্ব’ত উপস্থিত থাকে অসমীয়া সাংস্কৃতিক জগতৰ লগত জড়িত বহুকেইজন বিশিষ্ট ব্যক্তিৰ লগতে ছবিখনৰ সমূহ কলা-কুশলী। ‘গোলাই চোৰ’ ছবিখনৰ কাহিনী আৰু পৰিচালনা ৰক্তিম কমল বৰুৱাৰ ।
ছবিখন সন্দৰ্ভত মন্তব্য কৰি পৰিচালক তথা অভিনেতা কেনী বসুমতাৰীয়ে কয়, "ছবিখনত দৰ্শকে নতুন সোৱাদ এটা পাব বুলি মই ভাবো । ছবিখনৰ কাহিনী ১৯৪৫ চনত ব্ৰিটিছৰাজৰ সময়ত আৰম্ভ হৈ ৮০ চনলৈ আহে । ছবিখনৰ শ্বুটিং মাজুলীত কৰা হৈছে। এগৰাকী চোৰ নেতৃত্বত এখন টোল খোলা হয় আৰু এই টোললৈ অহা চোৰৰ দলটো অতি মৰমিয়াল । ৰাইজে সঁহাৰি জনালে ছবিখন চলিব ।"
চোৰৰ লগতে অৱশ্যে ডকাইত এজনো দৰ্শকে দেখিবলৈ পাব ৷ পৰিচালক তথা অভিনেতা হিমাংশু প্ৰসাদ দাসে এই কথা প্ৰকাশ কৰে ৷ ছবিখন সন্দৰ্ভত তেওঁ কয়, "ছবিখনৰ মুক্তিৰ দিনটো এটা বিশেষ দিন । ১৭ জানুৱাৰী, শিল্পী দিৱসত ছবিখন মুক্তি পাব । ছবিখনৰ এটা চৰিত্ৰত মই অভিনয় কৰিছো । ছবিখনত বহুত চোৰ আছে, কিন্তু তাৰ মাজতে এজন ডকাইতো আছে আৰু সেই ডকাইতৰ চৰিত্ৰটোত মই অভিনয় কৰিছো ।" দাসে ছবি প্ৰচাৰৰ ক্ষেত্ৰত অসম চৰকাৰৰ হস্তক্ষেপৰ কথাও উল্লেখ কৰে ৷
উল্লেখ্য যে, গোলাই চোৰ এখন পিৰিয়ডিক হাস্যমধুৰ ছবি । যোৰহাটৰ এটা অঞ্চলৰ এটা সঁচা ঘটনাৰ আলম লৈ এই ছবিখনৰ কাহিনীভাগ নিৰ্মাণ কৰা হৈছে, আনহাতে বাকী কিছু অংশ কাল্পনিক । ছবিখনত চুৰি বিদ্যালয়ত পাঠ গ্ৰহণ কৰাৰ লগতে চোৰৰ বিদ্যা গ্ৰহণ কৰাৰ চোৰ কেইজনে কেনে কৌশল অৱলম্বন কৰি চোৰ কৰে, লগতে কি পৰিস্থিতিত এই শিক্ষা গ্ৰহণ কৰিবলগীয়া হয় সেয়া দেখুওৱা হৈছে ।
এই ছবিখনত অভিনয় কৰিছে হিমাংশু গগৈ, কেনী বসুমতাৰী, টনী বসুমতাৰী, হিমাংশু প্ৰসাদ দাস, মৃন্ময় শইকীয়া, বনী দেউৰী, বনদ্বীপ শৰ্মা, বেদব্ৰত বৰা, সপ্তৰ্ষি গগৈ, নৱজ্যাতি নাথ মৈত্ৰী দাস, বলীন বৰা, জয়ন্ত ভাগৱতী, জয়ন্ত দাস, প্ৰতিভা চৌধুৰীকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ সংগীত পৰাশৰ কাশ্যপৰ, দৃশ্যগ্ৰহণ কৰিছে প্ৰয়াস শৰ্মা তামুলীয়ে আৰু ছাউণ্ড ডিজাইন অমৃত প্ৰীতমৰ ।
উল্লেখ্য যে, ২০২৫ চনত মুক্তি লাভ কৰিবলগীয়া প্রথমখন অসমীয়া ছবি হৈছে ‘গোলাই চোৰ’ । ছবিখনক দৰ্শকে আঁকোৱালি ল’ব বুলি আশাবাদী ছবিখনৰ পৰিচালক তথা কলা-কুশলী ।
লগতে পঢ়ক : ‘গোলাই চোৰ’ৰ গোলাই চুৰি বিদ্যা শিকিবলৈ স্কুললৈ আহে শিক্ষাৰ্থী !