চিটাৰা ডেস্ক, 28 মে’ :ৰশ্মিকা মান্দন্নাই মুক্তি পাবলগীয়া তেলুগু চলচ্চিত্ৰ গাম গাম গণেশৰ মুক্তিৰ পূৰ্বৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ এই ছবিখনত বিজয় দেৱেৰাকোণ্ডাৰ ভাতৃ আনন্দ দেৱেৰাকোণ্ডাই অভিনয় কৰিছে ৷ এইখন এখন একশ্যন কমেডি ছবি । ২৭ মে'ত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ৰশ্মিকাই ব্যস্ত সময়সূচীৰ পৰা সময় উলিয়াই অংশ লয় ৷
আনন্দৰ আহিবলগীয়া চলচ্চিত্ৰখনৰ প্ৰতি সমৰ্থন দেখুৱাই অভিনেত্ৰীগৰাকীয়ে । এই অনুষ্ঠানটোত আনন্দে ঘোষকৰ চৰিত্ৰত অভিনয় কৰি তেওঁৰ কৌতুকপূৰ্ণ ধেমালিৰে পৰিৱেশটো মনোগ্ৰাহী কৰি তোলে ৷ নিজৰ ককায়েকৰ সৈতে প্ৰেমৰ বাতৰিৰে চৰ্চাত থকা ৰশ্মিকাক প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰি তোলে তেওঁ ।
যেতিয়া আনন্দে ৰশ্মিকাক তেওঁৰ প্ৰিয় অভিনেতাৰ কথা সোধে, ৰশ্মিকা তেতিয়া লাজত ৰঙা-চিঙা পৰি যায় ৷ প্ৰথমাৱস্থাত ৰশ্মিকাই প্ৰশ্নটো এৰাই চলি আনন্দক ঘৰৰ মানুহ বুলি উল্লেখ কৰি তেনে পৰিস্থিতিত নেপেলাবলৈ অনুৰোধ কৰে ৷ কিন্তু আনন্দে এৰি নিদিয়ে ৷ দৰ্শকৰ পৰা অহা ‘ৰাউদি বয়’ শুনি শুনি অৱশেষত ৰশ্মিকাই নিজৰ মনৰ ভাৱ ব্যক্ত কৰে ৷ বিজয় দেৱেৰাকোণ্ডা যি অনুৰাগীসকলৰ মাজত ‘ৰাউদি বয়’ বুলিয়ে জনাজাত, তেওঁৰেই নাম ল’লে ৰশ্মিকাই ৷ তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে উৰাবাতৰি কিছু সময়ৰ ধৰি প্ৰচাৰ হৈ আছে, অৱশ্যে দুয়োজনে কেতিয়াও এই বিষয়ে নিশ্চিত কৰা নাই ।