চিটাৰা ডেস্ক, 30 মে’ : যোৰা নালাগিল বলীউড আৰু টলীউড ! আধৰুৱা হৈ ৰ’ল তেলুগু চলচ্চিত্ৰ নিৰ্মাতাৰ বলীউডৰ অভিনেতাক লৈ ছবি নিৰ্মাণৰ সপোন ৷ সহযোগিতাৰ বাবে আগবাঢ়িছিল যদিও এই সহযোগিতা সম্পূৰ্ণ কৰিব নোৱাৰিলে প্ৰশান্ত বাৰ্মা আৰু ৰণবীৰ সিঙে ৷ বন্ধ হৈ গ’ল ৰণবীৰ সিঙৰ 300 কোটি টকীয়া বাজেটৰ ছবি !
বলীউড অভিনেতা ৰণবীৰ সিঙৰ তেলুগু চলচ্চিত্ৰ নিৰ্মাতা প্ৰশান্ত বাৰ্মাৰ সৈতে ৰাক্ষস শীৰ্ষক ছবিখন বৰ্তমান স্থগিত ৰখা হৈছে । এই সিদ্ধান্তৰ আঁৰৰ কাৰণ ব্যাখ্যা কৰি নিৰ্মাতাই এক বিবৃতি প্ৰকাশ কৰে । বিবৃতিটোৰ মতে, ইয়াৰ প্ৰধান কাৰণ হ’ল ৰণবীৰ আৰু প্ৰশান্তৰ মাজত সৃষ্টিশীল পাৰ্থক্য, যাৰ বাবে তেওঁলোকৰ মাজত সৌহাৰ্দ্যপূৰ্ণ বিচ্ছেদ ঘটে । বিচ্ছেদ ঘটা স্বত্বেও দুয়োজনে ইজনে সিজনৰ প্ৰতিভাৰ প্ৰশংসা কৰে আৰু ভৱিষ্যতে সহযোগিতা কৰাৰ আশা প্ৰকাশ কৰে ।
বিবৃতিটোত উল্লেখ আছে যে বৰ্তমানৰ সময়খিনি প্ৰকল্পটোৰ বাবে উপযুক্ত নহয় ৷ প্ৰকল্পটোত জড়িত দুয়োপক্ষৰে উদ্দেশ্য সৰ্বোত্তম আছিল, কিন্তু কেতিয়াবা পৰিকল্পনা অনুসৰি কামবোৰ হৈ নুঠে । এই বিপৰ্যয়ৰ মাজতো ৰণবীৰ আৰু প্ৰশান্তই ইজনে সিজনৰ প্ৰতিভাৰ প্ৰশংসা কৰাৰ লগতে ভৱিষ্যতে সহযোগিতাৰ আশা প্ৰকাশ কৰে । ৰণবীৰে প্ৰশান্তক প্ৰশংসা কৰি তেওঁক “বিশেষ প্ৰতিভা” বুলি অভিহিত কৰি কয় যে তেওঁলোকে সহযোগিতাৰ পিচত একেলগে কাম কৰাৰ ধাৰণাটো অন্বেষণ কৰিছিল, ভৱিষ্যতে এটা প্ৰকল্পত পুনৰ একত্ৰিত হোৱাৰ আশাত ।