চিটাৰা ডেস্ক, 4 এপ্ৰিল :বলীউড ডিভা দীপিকা পাডুকন আজিৰ দিনত শীৰ্ষস্থানৰ অভিনেত্ৰী বুলি ক’লেও ভুল কোৱা নহ’ব ৷ কিছুমান বিশেষ ছবিত অভিনেত্ৰী হিচাপে দীপিকাই বহু অসাধাৰণ অভিনয় কৰিছে । তেওঁৰ অন্যতম ব্যতিক্ৰমী স্মৰণীয় অভিনয় বুলি উল্লেখ কৰিব পাৰি ২০১৫ চনৰ সঞ্জয় লীলা ভাঞ্চালীৰ ছবি বাজিৰাও মস্তানীৰ কথা, য’ত তেওঁ মস্তানীৰ চৰিত্ৰত অভিনয় কৰিছিল ।
অভিনেত্ৰীগৰাকীয়ে একাধিকবাৰ ভাৰতবাসীক গৌৰৱান্বিত কৰিছে আৰু এতিয়া বিশ্বব্যাপী স্বীকৃতিৰ থকা একাডেমী অৱ্ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সেছে দিৱানী মস্তানী গানটোৰ পৰা তেওঁৰ এটা ক্লিপ শ্বেয়াৰ কৰিছে ৷ দ্য একাডেমীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত পোষ্ট কৰা ভিডিঅ’টোত দীপিকা পাডুকনে নৃত্য কৰি আছে ৷
2015 চনৰ তেওঁৰ হিট ছবি বাজীৰাও মস্তানীৰ দিৱানী-মস্তানী শীৰ্ষক গীতটোত দীপিকাই নৃত্য কৰি থকা অংশটো শ্বেয়াৰ কৰিছে দ্য একাডেমীয়ে ৷ বাজীৰাও মস্তানীত তেওঁৰ স্বামী ৰণবীৰ সিং আৰু প্ৰিয়ংকা চোপ্ৰায়ো অভিনয় কৰিছিল ৷ আনহাতে দিৱানী-মস্তানী শীৰ্ষক গীতটিত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰেয়া ঘোষালে ৷
ভিডিঅ’টো শ্বেয়াৰ কৰি অস্কাৰৰ অফিচিয়েল ৱেবছাইটটোৱে কেপচনত লিখিছে, "দীপিকা পাডুকনে 'বাজীৰাও মস্তানী' বোলছবিখনৰ 'দিৱানী মস্তানী' (শ্ৰেয়া ঘোষালৰ দ্বাৰা গোৱা) গানটোত নৃত্য কৰিছে । সঞ্জয় লীলা ভাঞ্চালীৰ দ্বাৰা পৰিচালিত । ৰণবীৰ সিং, দীপিকা পাডুকন আৰু প্ৰিয়ংকা চোপ্ৰা জোনাছ অভিনীত ।"