তেজপুৰ : অসমৰ প্ৰথম অসমীয়া আধুনিক গীতটিয়ে শতিকা গৰকিলে । কিন্তু এই প্ৰথম অসমীয়া আধুনিক গীতটিৰ বিষয়ে আপুনি জানেনে ? এই গীতটি কোনে, কেতিয়া সৃষ্টি কৰিছিল ?
সেয়া আছিল ১৯২৪ চনৰ কথা । অসম সাহিত্য সভাত পৰিবেশন হৈছিল এই গীতটো । গীতটো হৈছে অসমীয়া সাংস্কৃতিক জগতৰ মহীৰূহ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনা আৰু সুৰাৰোপিত ‘‘(কোনে) গছে গছে পাতি দিলে ফুলেৰে শৰাই (ৰাম ৰাম)’’ ।
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই গীতটো প্ৰথম পৰিৱেশন কৰা হৈছিল অসম সাহিত্য সভাত আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই এই গীতটো প্ৰথম আধুনিক গীত বুলি স্বীকৃতি প্ৰদান কৰিছিল । গীতটোৱে যোৱা ২০২৪ চনত ১০০ বছৰ সম্পূৰ্ণ কৰাৰ বাবে এইবাৰ তেজপুৰৰ ৰূপকোঁৱৰৰ 'পকী'ৰ জ্যোতি ভাৰতীত গীতটো পৰিৱেশন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
মুঠ ১০০ গৰাকী শিল্পীৰ দ্বাৰা এই গীতটো কণ্ঠ আৰু নৃত্যৰে পৰিৱেশন কৰা হ'ব । শুকুৰবাৰে শিল্পী দিৱসৰ দিনা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জ্যেষ্ঠ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই এই গীতটোৰ ১০০ বছৰীয়া জয়ন্তী উদযাপনৰ বিষয়ে ঘোষণা কৰে ।
বিধায়ক পৃথ্বিৰাজ ৰাভাই স্মৃতিচাৰণ কৰি কয়, "ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ শিল্পী সত্তাই সমগ্ৰ অসমীয়া জাতিক চিৰকালৰ বাবে উদ্বুদ্ধ কৰি ৰাখিছে । অসমৰ প্ৰথমগৰাকী আধুনিক গীতৰ স্ৰষ্টা আৰু প্ৰথমগৰাকী চলচ্চিত্ৰ নিৰ্মাণকাৰী জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰি গৈছে ।"
পৃথ্বিৰাজ ৰাভাই লগতে কয়, "শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই আৰু গীতটিৰ প্ৰতি শ্ৰদ্ধা জনাই ১০০ বছৰ সম্পূৰ্ণ কৰাৰ বাবে ১০০ গৰাকী শিল্পীৰ নৃত্য প্ৰদৰ্শন আৰু ১০০ গৰাকী কণ্ঠশিল্পীৰ দ্বাৰা প্ৰদৰ্শন কৰা হ'ব পকীত । ইয়াৰ বাবে আমি প্ৰয়োজনীয় ব্যৱস্থা হাতত লৈছো । অতি কম সময়ৰ ভিতৰতে ইয়াৰ সমূহীয়া পৰিবেশন কৰা হ'ব ।"
উল্লেখ্য যে, গীতটোৰ স্বৰলিপি আৰু জ্যোতিপ্ৰসাদে লিখা সকলো গীত এই পকীত সংৰক্ষণ কৰি ৰখা হৈছে ।