অসম

assam

ETV Bharat / entertainment

ৰাজেন্দ্ৰ গুপ্তা-হিমানী শিৱপুৰীৰ বলিষ্ঠ অভিনয়েৰে ৩১ সংখ্যক ৰাষ্ট্ৰীয় ৰংঘৰ নাট উৎসৱৰ সামৰণি - RANGGHAR NATIONAL DRAMA FESTIVAL

৩১ সংখ্যক ৰাষ্ট্ৰীয় ৰংঘৰ নাট উৎসৱৰ অন্তিম দিনা দুখন নাট প্ৰদৰ্শন । চাৰি দিনত ৭খন নাট মঞ্চস্থ ।

RANGHAR DRAMA FESTIVAL
৩১ সংখ্যক ৰাষ্ট্ৰীয় ৰংঘৰ নাট উৎসৱ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 29, 2024, 5:37 PM IST

বৰপেটা:সামৰণি পৰিল ৰংঘৰ ৰাষ্ট্ৰীয় নাট উৎসৱৰ । ৰংঘৰ, বৰপেটাৰ উদ্যোগত যোৱা ২৫ ডিচেম্বৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ৩১ সংখ্যক ৰাষ্ট্ৰীয় ৰংঘৰ নাট উৎসৱৰ শনিবাৰে শেষ নিশা 'জিনা ইছিকাঁ নাম হ্যেয়' আৰু 'দ্য জু ষ্টোৰী' শীৰ্ষক নাট দুখন প্ৰদৰ্শন কৰা হয় ।

শনিবাৰে নিশা এক্ট 24 মুম্বাইৰ প্রযোজনাত সুৰেশ ভৰদ্বাজৰ পৰিচালনাৰে 'জিনা ইছিকাঁ নাম হ্যেয়' নামৰ নাটখনত বলিউডৰ বলিষ্ঠ অভিনেতা ৰাজেন্দ্ৰ গুপ্তা আৰু অভিনেত্ৰী হিমানী শিৱপুৰীৰ বলিষ্ঠ অভিনয়ে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে । 'দু ইউ টাৰ্মিনেল ছমাৰচল্ট' শীৰ্ষক মূল ৰাছিয়ান নাটখনৰ আধাৰত ৰাকেশ বেদাৰ হিন্দী অভিযোজনা 'জিনা ইছিকাঁ নাম হ্যেয়' নাটখনে ৭৫ মিনিট সময় ধৰি দৰ্শকক আকৃষ্ট কৰি ৰাখিবলৈ সক্ষম হয় ।

৩১ সংখ্যক ৰাষ্ট্ৰীয় ৰংঘৰ নাট উৎসৱ (ETV Bharat Assam)

নাটখন মঞ্চস্থ হোৱাৰ পিচতে নাটখনৰ পৰিচালক, অভিনেতা আৰু কলা-কুশলীসকলক ৰংঘৰৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয় । ইয়াৰ পিচতে পঞ্চকোচি নতুন দিল্লীৰ প্ৰযোজনাত আৰু উৎপল ঝা'ৰ অভিযোজনা আৰু পৰিচালনাত 'দ্য জু ষ্টোৰী' শীৰ্ষক নাটখন মঞ্চস্থ কৰা হয় । এডৱাৰ্ড এলবী'ৰ একে নামৰ নাটখনৰ আধাৰত ৰচিত 'দ্য জু ষ্টোৰী'ত সুমন বৈদ্য আৰু পৰাগ শৰ্মাৰ বলিষ্ঠ অভিনয়েৰে সমৃদ্ধ নাটখনে দৰ্শকক আকৃষ্ট কৰি ৰাখে ।

উল্লেখ্য যে অসমৰ পৰা গৈ দিল্লীত নাটকৰ সৈতে জৰিত হৈ থকা পৰাগ শৰ্মাৰ সৈতে অভিনয় কৰা সুমন বৈদ্য অসমৰ নগাঁৱৰ জীয়ৰী তথা এনএচডিয়ান দক্ষিণা শৰ্মাক বিবাহ কৰোৱাৰ সূত্ৰে অসমৰ জোঁৱাই । ৰংঘৰৰ তৰফৰ পৰা নাটখনৰ শিল্পী, কলা-কুশলীসকলক জনোৱা সম্বৰ্দ্ধনাৰ উত্তৰত সুমন বৈদ্যই অসমৰ সৈতে থকা গভীৰ সম্পৰ্কৰ কথা প্ৰকাশ কৰাৰ লগতে সমাগত আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱত অসমৰ ১১ খন নাট নিৰ্বাচিত হোৱাৰ খবৰে ৰাষ্ট্ৰীয় পৰ্যায়ত এক অভিলেখ সৃষ্টি কৰাৰ কথা উল্লেখ কৰে ৷

ৰংঘৰ, বৰপেটাৰ এই ৰাষ্ট্ৰীয় নাট উৎসৱে সমগ্ৰ ভাৰততে নাটকৰ এক বৃহৎ অনুষ্ঠান হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা বুলিও দিল্লী আৰু মুম্বাইৰ পৰা অহা শিল্পীসকলে কয় । উল্লেখ্য যে এইবেলি 'মিলন মন্দিৰ' শতবৰ্ষ বিশেষ ৰাষ্ট্ৰীয় ৰংঘৰ নাট উৎসৱত দিল্লী, কলকাতা আৰু মুম্বাইৰ লগতে অসমৰ কেইবাটাও নাট্যগোষ্ঠীয়ে নাট পৰিবেশন কৰে । ইতিমধ্যে যোৱা বুধবাৰ, বৃহস্পতিবাৰ আৰু শুকুৰবাৰে নিশা কলকাতাৰ কল্পন, তিলজালা, গুৱাহাটীৰ বা', নগাঁৱৰ অভিমুখ আৰু দেৰগাঁৱৰ নাট্যচর্চা কেন্দ্ৰই নাট মঞ্চস্থ কৰে । এইবেলি চাৰিও দিনত মুঠ ৭খন নাট মঞ্চস্থ কৰা হয় ।

লগতে পঢ়ক:বৰপেটাৰ জিলা পুথিভঁৰালত ৩১ সংখ্যক ৰাষ্ট্ৰীয় ৰংঘৰ নাট উৎসৱ - RANGGHAR NATYA UTSAV IN BARPETA

কহিনুৰত আৰু দেখিবলৈ পোৱা নাযাব ‘টাইটানিক’ - KOHINOOR MOBILE THEATER TITANIC

ABOUT THE AUTHOR

...view details