গুৱাহাটী : অসমৰ সাংস্কৃতিক দিশটো আগবঢ়াই নিয়াৰ মানসেৰে ওলাই আহিছে বহুজন ৷ যুৱ-প্ৰজন্মৰ বহুতেই নতুন আৰু কিছু আঁচুতীয়া বিষয়বস্তুৰে ভিন্ন ধাৰাৰ ছবি নিৰ্মাণ কৰিবলৈ লৈছে ৷ এই পৰিচালকসকলৰ ভিতৰত প্ৰশংসিত এগৰাকী যুৱ পৰিচালক হৈছে চিন্ময় বাৰ্মা ।
নৰকাসুৰ, যখিনী, অহল্যা, তেজৰ টুকুৰা, ঘোঁৰা পাক আদি নামেৰে তেওঁ নিৰ্মাণ কৰিছে ছবি ৷ এই ছবিসমূহত অসমৰ সংস্কৃতিৰ প্ৰতিফলন ঘটোৱা হৈছে ৷ উল্লেখিত আটাইকেইখনেই চুটি ছবি ৷ এই চুটি ছবিসমূহৰ দ্বাৰা ইতিমধ্যে তেওঁ তেওঁৰ দক্ষতা আৰু ব্যতিক্ৰমী চিন্তাক ৰাইজৰ মাজত প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে ।
ব্যতিক্ৰমী চিন্তাধাৰাৰে অসমৰ সাংস্কৃতিক দিশটো আগুৱাই নিয়া যুৱ পৰিচালক চিন্ময় বাৰ্মাৰ পৰিচালনাৰে শীঘ্ৰেই আহি আছে তেওঁৰ আন এখন চুটি ছবি ‘খিৰিকী’ । শেহতীয়াকৈ সামাজিক মাধ্যমযোগে মুক্তি দিয়া হৈছে ‘খিৰিকী’ চুটি ছবিখনৰ ট্ৰেইলাৰ । পৰিচালক চিন্ময় বাৰ্মাই জনোৱা অনুসৰি ‘খিৰিকী’ চুটি ছবিখনৰ বিষয়বস্তুটো নাৰীকেন্দ্ৰিক । নাৰীৰ আভ্যন্তৰীণ সৌন্দৰ্যক কেন্দ্ৰ কৰি নিৰ্মিত চুটি ছবিখনত দৰ্শকে দেখিবলৈ পাব নাৰীৰ নান্দনিকতাৰ বিশ্লেষণ ।
দৰাচলতে নাৰীৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্যক মানুহে কিদৰে চাই সেয়া সকলোৰে দৃষ্টিকোণৰ পৰা বেলেগ বেলেগ ধৰণৰ হয় । কোনোবাই হয়তো ঈৰ্ষাৰে চাব পাৰে, কোনোবাই আকৌ প্ৰেম বা অন্যধৰণেও চাব পাৰে । এগৰাকী নাৰীৰ সামগ্ৰিক সৌন্দৰ্য আৰু তাক চাব বিচৰাজনৰ অনুভূতিখিনি বাখ্যা কৰা হৈছে চুটি ছবিখনত ।
উল্লেখ্য যে, কলা আৰু ড্ৰামা সংযুক্ত চুটিছবিখনত নাথাকিব কোনো সংলাপ । এটি কবিতাৰ জৰিয়তে ইয়াৰ কাহিনীভাগ ৰাইজৰ মাজলৈ উলিয়াই অনা হ'ব । মুখৰ ভাৱ-ভংগীৰ জৰিয়তে বহিঃপ্ৰকাশ হ'বলগীয়া চুটি ছবিখনৰ কাহিনী কৰণ কুমাৰ দাসৰ । আনহাতে চিন্ময় বাৰ্মা, নয়ন সোণোৱাল, দ্বীপজ্যোতি তালুকদাৰ আৰু ধ্ৰুপদ জ্যোতি দাসৰ প্ৰযোজনাৰে নিৰ্মাণ কৰা হৈছে চুটি ছবিখন ।
ছবিখনৰ ৰচনা কৰণ কুমাৰ দাস আৰু চিন্ময় বাৰ্মাৰ । সহঃ পৰিচালকৰ দায়িত্বত আছে কৃষ্টিনা চৌধুৰী । ছবিখনত অভিনয় কৰিছে জুমন ডেকা আৰু কৰণ কুমাৰ দাসে । দৃশ্যগ্ৰহণ নিৰ্দেশনা কৰিছে মনোজ বনিয়াই l সহঃ দৃশ্যগ্ৰহণকাৰী হিচাপে আছে অনুভৱ ডেকা আৰু কামৰান হুছেইন । সম্পাদনা কৰিছে ক্ৰমে উপম মাপু, দ্বীপ বৰা আৰু সীমান্ত ডেকাই । নেপথ্য সংগীত বিদ্যুৎ বিকাশ বৰুৱাৰ ।