ETV Bharat / state

জাতিটোৰ সংকটৰ সময়ত থিয় দিয়াৰ পণেৰে টাইপাৰ নতুন কেন্দ্ৰীয় সমিতি গঠন - NEW CENTRAL COMMITTEE OF TAYPA

ঐতিহাসিক চৰাইদেউৰ ভজো মাজপথাৰত অনুষ্ঠিত টাইপাৰ কেন্দ্ৰীয় অধিৱেশনত গঠন টাইপাৰ নতুন কেন্দ্ৰীয় সমিতি । জাতিটোৰ প্ৰতিটো সংকটৰ সময়ত থিয় দিয়াৰ পণ নতুন সমিতিৰ ।

Formation of new Central Committee of TAYPA at Central Session in Charaideo
টাইপাৰ নতুন কেন্দ্ৰীয় সমিতি গঠন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 5, 2025, 1:14 PM IST

ডিব্ৰুগড়: আহোম জনগোষ্ঠীৰ এটা গুৰুত্বপূৰ্ণ সংগঠন হ'ল টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপা । আহোম জনগোষ্ঠীক জনজাতিকৰণৰ লগতে জনগোষ্ঠীটোৰ উত্তৰণৰ বাবে কাম কৰি আহিছে সংগঠনটোৱে । আহোম জনগোষ্ঠীটোৰ ৰাইজৰ অধিকাৰক লৈ সংগ্ৰামী ধাৰা অব্যাহত ৰখা টাই আহোম যুৱ পৰিষদে সামগ্ৰিকভাৱে অসমৰ প্ৰতিটো সমস্যা সমাধানৰ বাব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

১৯৯৫ চনৰ ১৬ জুলাইত প্ৰতিষ্ঠা লাভ কৰা বলিষ্ঠ সংগ্ৰামী সংগঠনটোৱে ৩০ টা বছৰ অতিক্ৰম কৰিলে । যোৱা ৩ জানুৱাৰীৰ পৰা টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় অধিৱেশন ঐতিহাসিক চৰাইদেউৰ ভজো মাজপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ।

টাইপাৰ নতুন কেন্দ্ৰীয় সমিতি গঠন (ETV Bharat Assam)

অধিৱেশনস্থলীত গ্ৰন্থমেলা, বাণিজ্য মেলা, জনগোষ্ঠীয় খাদ্য মেলা আৰু বিভিন্ন প্ৰদৰ্শনী অনুষ্ঠিত হৈছে । ইয়াৰ মাজতে শনিবাৰে অনুষ্ঠিত হয় কেন্দ্ৰীয় অধিৱেশনস্থলীতে সংগঠনটোৰ গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা । দ্বিতীয় দিনাৰ মূল কাৰ্যসূচী হিচাপে পুৱতি নিশা লৈকে অনুষ্ঠিত হয় প্ৰতিনিধি সভা ।

  • ৫১ জনীয়া নতুন সমিতি গঠন:

সোণাৰিৰ ভজো মাজপথাৰত অনুষ্ঠিত হোৱা টাইপাৰ কেন্দ্ৰীয় চৰাইদেউ অধিৱেশন শনিবাৰে নিশা অনুষ্ঠিত হৈছিল । এই প্ৰতিনিধি সভাতেই সংগঠনৰ নেতৃত্ব ল'বলগা নতুন নেতৃত্ব বাচনি কৰে । ৰাজ্যখনৰ জিলা আৰু মহকুমা ধৰি মুঠ ১৭ খন সমিতিৰ প্ৰতিনিধিয়ে এই প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰিছিল ।

কেইবা ঘন্টা ধৰি হোৱা প্ৰতিনিধি সভাতেই পুনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰে বিজয় ৰাজকোঁৱৰক (চৰাইদেউ),কাৰ্যকৰী সভাপতি ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই (মৰাণ),যুটীয়া সম্পাদক মনোৰঞ্জন গগৈ (শদিয়া) আৰু গুণকান্ত গগৈ ( কামৰূপ) ।প্ৰতিনিধি সভাই সংগঠনটোক নেতৃত্ব দিবলৈ ৫১ জনীয়া নতুন সমিতি গঠন কৰে । জাতিটোৰ প্ৰতিটো সংকটৰ সময়ত থিয় দিয়াৰ পণ টাইপাৰ নৱ-নিৰ্বাচিত সভাপতি বিজয় ৰাজকোঁৱৰৰ ।

  • চাওলুং চুকাফাৰ আদৰ্শৰে আগবঢ়ি যোৱাৰ সংকল্প:

প্ৰতিনিধি সভাই পুনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰাৰ পাছত নিশা অধিৱেশনত উপস্থিত থকা ৰাইজক সম্বোধন কৰে সভাপতি বিজয় ৰাজকোঁৱৰে । নতুন সভাপতি গৰাকীয়ে কয়, "চাওলুং চুকাফাই যি সপোন দেখিছিল সেই সপোনক বাস্তৱৰ কৰাৰ আমি ক্ষুদ্ৰতম প্ৰয়াস কৰিছো । টাই আহোম যুৱ পৰিষদে চাওলুং চুকাফাৰ আদৰ্শৰে আগবঢ়ি গৈ আছো । এই অসমত সৃষ্টি হোৱা সাম্প্ৰাদায়িক শক্তিক শক্তিশালী ভাৱে প্ৰত্যাহ্বান জনাম ।"

তেওঁ লগতে কয়, "চাওলুং চুকাফাৰ দেশত বিভেদকামী কথা হ'ব নোৱাৰিব । জনগোষ্ঠীটোৰ বহু দাবী আৰু অভাৱ অভিযোগ বুকুত বান্ধি আমি আগবাঢ়ি গৈ আছো । অসমৰ প্ৰতিটো বিপদত টাই আহোম যুৱ পৰিষদে মাত মাতি আহিছে আৰু মাত মাতি থাকিব ।"

লগতে পঢ়ক: ৩০ বছৰীয়া সংগ্ৰামী ইতিহাসেৰে টাইপাৰ কেন্দ্ৰীয় অধিৱেশন আৰম্ভ - TAYPA CENTRAL SESSION

খিলঞ্জীয়াৰ সুৰক্ষা-স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত ২১টা সংগঠনৰ গৰ্জন - protest against smart mete - PROTEST AGAINST SMART METE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.