অসম

assam

ETV Bharat / entertainment

পাব্লিচিটি ষ্টান্টৰ বাবেই মৃত্যুৰ নাটক ৰচিলে পুনমে

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 12:39 PM IST

Updated : Feb 10, 2024, 9:10 AM IST

Publicity stunt Poonam Pandey is alive
পাব্লিচিটি ষ্টান্টৰ বাবেই মৃত্যুৰ নাটক ৰচিলে পুনমে

12:35 February 03

পাব্লিচিটি ষ্টান্টৰ বাবেই মৃত্যুৰ নাটক ৰচিলে পুনমে

চিটাৰা ডেস্ক, 3 ফেব্ৰুৱাৰী: বিতৰ্কিত অভিনেত্ৰী তথা মডেল পুনম পাণ্ডেৰ দেহাৱসানে শুকুৰাবৰৰ দিনটোত বিশেষ চৰ্চা লাভ কৰিছিল । জনাই দিও যে ২ ফেব্ৰুৱাৰীত পুনম পাণ্ডেৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে এটি শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ দিয়া হৈছিল ।

কিন্তু পুনমৰ আকস্মিক মৃত্যুৰ খবৰে সকলোকে স্তম্ভিত কৰি তুলিছিল যদিও আপোনালোকক জনাই দিও যে অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ আছিল ভুৱা । হয় এতিয়াও জীয়াই আছে অভিনেত্ৰী পুনম পাণ্ডে ৷ কিছু মুহূৰ্তৰ পূৰ্বে সামাজিক মাধ্যমযোগে চাৰ্ভাইকেল কেন্সাৰৰ বাবে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে অভিনেত্ৰীগৰাকীয়ে এনে পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে ৷

চাৰ্ভাইকেল কেন্সাৰত মৃত্যু হোৱাৰ খবৰ বিয়পি পৰাৰ পিছতে মডেল অভিনেতা পুনম পাণ্ডেই এটি ভিডিঅ’ৰ জৰিয়তে কয় যে ‘মই এতিয়াও, জীয়াই আছো’। ইনষ্টাগ্ৰামলৈ গৈ ঘোষণা কৰে যে তেওঁ সুকলমে আছে আৰু এই পদক্ষেপ তেওঁ চাৰ্ভাইকেল কেন্সাৰৰ বিষয়ে সজাগতা বিয়পোৱাৰ উদ্দেশ্যে কৰিছিল, যিয়ে বহু মহিলাৰ প্ৰাণ কাঢ়িছে ।

তেওঁ ভিডিঅ'টোৰ জৰিয়তে কয়, "মই জীয়াই আছো ।' মোৰ চাৰ্ভাইকেল কেন্সাৰত মৃত্যু হোৱা নাছিল । দুৰ্ভাগ্যজনকভাৱে চাৰ্ভাইকেল কেন্সাৰৰ বাবে হাজাৰ হাজাৰ মহিলাই নিজৰ প্ৰাণ হেৰুৱাইছে ৷ ইয়াৰ কাৰণ তেওঁলোকে একো কৰিব নোৱাৰাৰ বাবে নহয় বৰঞ্চ তেওঁলোকে ইয়াৰ বাবে কি কৰিব লাগে সেই বিষয়ে সঠিক জ্ঞান নাছিলে ৷"

মই আপোনালোকক ক’বলৈ আহিছো যে, আন কেন্সাৰৰ তুলনাত চাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধযোগ্য । “আপুনি মাত্ৰ নিজৰ স্বাস্থ্য পৰীক্ষা কৰি থাকিব লাগিব আৰু আপুনি এইচ পি ভি ভেকচিন ল’ব লাগিব ।”

উল্লেখ্য যে, ২ ফেব্ৰুৱাৰী শুকুৰবাৰে পুনম পাণ্ডেৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰা এটা পোষ্টৰ জৰিয়তে পুনম পাণ্ডেৰ ‘মৃত্যুৰ’ খবৰ ঘোষণ কৰা হৈছিল । এই পোষ্টটোত লিখা হৈছিল- “আজি পুৱা আমাৰ বাবে অতি কষ্টদায়ক আছিল । আমি আপোনালোকক জনাবলৈ পাই অতি দুক্ষিত যে আমি আমাৰ মৰমৰ পুনমক চাৰ্ভাইকেল কেন্সাৰৰ বাবে আমি হেৰুৱাইছো । “এই দুখৰ সময়ত আমি গোপনীয়তাৰ অনুৰোধ জনাইছো ।”

লগতে পঢ়ক:পুনম পাণ্ডে আৰু নাই, কেনেকৈ মৃত্যু হৈছে পুনমৰ ?

Last Updated : Feb 10, 2024, 9:10 AM IST

ABOUT THE AUTHOR

...view details