চিটাৰা ডেস্ক, 17 এপ্ৰিল :বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰাই শহতীয়াকৈ মুক্তি প্ৰাপ্ত ছবি অমৰ সিং চমকিলাৰ সফলতাৰ পিচতে ছবিখনৰ লগত জড়িত বিভিন্ন পোষ্টেৰে তেওঁৰ অনুৰাগীসকলক ধন্যবাদ জ্ঞাপন কৰিছে ৷ ছবিখনত দিলজিৎ আৰু পৰিণীতিয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷ ছবিখন মুক্তিৰ পিচতে দৰ্শকৰ লগতে চলচ্চিত্ৰ উদ্যোগৰ বহু লোকে প্ৰশংসা কৰিছে ।
শেহতীয়াকৈ, পৰিণীতিয়ে প্ৰকাশ কৰিছিল যে এটা সময় আছিল যেতিয়া চলচ্চিত্ৰ উদ্যোগত তেওঁৰ সহ-অভিনেতাসকলে তেওঁক ছবিখনৰ এই চৰিত্ৰটো গ্ৰহণ নকৰিবলৈ সতৰ্ক কৰি দিছিল । শেহতীয়া এক সাক্ষাৎকাৰত পৰিণীতিয়ে কৈছিল যে তেওঁৰ সহ-তাৰকাসকলে তেওঁক কৈছিল, 'এই ছবিখন নকৰিব, আপুনি আপোনাৰ কেৰিয়াৰ সমাপ্ত কৰিব পাৰে ৷'
পৰিণীতিয়ে পঞ্জাৱী লোকগায়ক অমৰ সিং চমকিলাৰ পত্নী আৰু গায়িকা সংগী অমৰজোত কৌৰৰ চৰিত্ৰত অভিনয় কৰিবলৈ ১৬ কিলোগ্ৰাম ওজন বৃদ্ধি কৰিছিল । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে এটা সাক্ষাৎকাৰত কৈছিল, 'মোৰ মনত আছে যে মোৰ কিছুমান সহ-তাৰকাই কৈছিল যে মই এই ছবিখন কৰিবলৈ কিয় সন্মতি প্ৰকাশ কৰিছিলো ? এইখন ছবিয়ে মোৰ কেৰিয়াৰ ধ্বংস কৰি দিব পাৰে ৷ কিন্তু মই কাৰো কথাই নুশুনিলো, মোৰ মনে মোক ক'লে, নহয়, মই এখন ছবি কৰিম ।'
পৰিণীতিয়ে লগতে কয় যে, ইমতিয়াজ আলীৰ চলচ্চিত্ৰখনত অভিনয় কৰাটো তেওঁৰ বাবে এক সপোন সঁচা হোৱাৰ দৰে আছিল ৷ তেওঁ চমকিলাৰ দৃশ্য়গ্ৰহণৰ সময়ত ভালেকেইটা কামৰ সুযোগ হেৰুৱাব লগা হৈছিল ৷ তেওঁৰ ওজন বঢ়া দেখি বহুতো লোকে অনুমান কৰিছিল যে, তেওঁ গৰ্ভৱতী হৈছে, তেওঁৰ বটক্স হৈছিল ৷ তেওঁৰ বিষয়ে ভিন্নধৰণৰ উৰাবাতৰিও বিয়পিছিল ৷
লগতে পঢ়ক:বিশেষ পোষ্টাৰযোগে অমৰ সিং চমকিলালৈ শ্ৰদ্ধাঞ্জলি আমুলৰ - Amar Singh Chamkila