চিটাৰা ডেস্ক, 26 জুন : বলীউডৰ তাৰকা দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে বৰ্তমান প্ৰথম সন্তানৰ আশা কৰি আছে ৷ ছেপ্টেম্বৰত দীপিকাই সন্তান জন্ম দিয়াৰ কথা ৷ সমান্তৰালকৈ দীপিকাই নিজৰ ছবি কল্কি ২৮৯৮ এডিৰ প্ৰচাৰো চলাই আছে । শেহতীয়াকৈ ছবিখনৰ এটা অনুষ্ঠানত পেঞ্চিল হীলছ্ পিন্ধি উপস্থিত হোৱাৰ বাবে তেওঁক ট্ৰ’ল কৰা হয় ৷ ৰিচা চাড্ডাই দীপিকাৰ পছন্দক সমৰ্থন কৰি জোৰ দি কয় যে যিসকলে গৰ্ভাৱস্থাৰ অভিজ্ঞতা লাভ কৰিছে, তেওঁলোকেহে ইয়াৰ প্ৰত্যাহ্বানসমূহ সম্পূৰ্ণৰূপে বুজিব পাৰে ।
ফেব্ৰুৱাৰী মাহত ইনষ্টাগ্ৰামত ঘোষণা কৰিছিল ৰণবীৰ-দীপিকাই তেওঁলোকৰ সন্তানৰ আগমনৰ কথা ৷ প্ৰথম সন্তানৰ আগমনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে বলীউডৰ জনপ্ৰিয় যুটি দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে । ব্যক্তিগত জীৱনৰ লগতে পেছদাৰী জীৱনতো সমানে ব্যস্ত হৈ আছে দীপিকা ৷ বৰ্তমান নিজৰ আগন্তুক চায়েন্স-ফিকশ্যন ছবি কল্কি ২৮৯৮ এডিৰ প্ৰচাৰ চলাই থকা গৰ্ভৱতী মাতৃগৰাকীক শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত এক অনুষ্ঠানত গৌৰৱেৰে নিজৰ বেবী বাম্প প্ৰদৰ্শন কৰা দেখা গৈছিল ।
লগতে পঢ়ক :শীঘ্ৰেই পিতৃ-মাতৃ হ’বলগীয়া দীপিকা-ৰণবীৰে টুইনিং লুকেৰে মুহিলে সকলোকে - Ranveer Deepika airport look
দীপিকাই এটা আকৰ্ষণীয় ক’লা ড্ৰেছত সকলোৰে দৃষ্টি কৰিছিল ৷ হেয়াৰষ্টাইলত আছিল পনীটেইল । কিন্তু সকলোৰে চকু পৰিল দীপিকাৰ চেণ্ডেলতহে ৷ পেঞ্চিল হীলছ্ পিন্ধাৰ সাহস কৰাই তেওঁৰ অনুৰাগীৰ মাজত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰে । কিছুমানে তেওঁৰ আৰাম আৰু সুৰক্ষাৰ বাবে উদ্বেগ প্ৰকাশ কৰাৰ বিপৰীতে আন কিছুমানে তেওঁৰ পক্ষত থিয় দিয়ে ৷ গৰ্ভাৱস্থাৰ সময়ত ইমান আত্মবিশ্বাসেৰে এই লুকটোৰে নিজকে উপস্থাপন কৰাৰ বাবে তেওঁক "ৰাণী" বুলি প্ৰশংসাও কৰে বহুতে ৷