চিটাৰা ডেস্ক, 27 আগষ্ট :অভিনেত্ৰী-মডেল নাতাশা ষ্টেনক’ভিচে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীজত প্ৰেমৰ বিষয়ে এটা ৰহস্যময় পোষ্ট শ্বেয়াৰ কৰিছে । মডেলগৰাকীৰ পোষ্টত প্ৰেম ‘ধৈৰ্যশীল আৰু দয়ালু’ বুলি গুৰুত্ব আৰোপ কৰা হৈছে আৰু ই সদায় নিৰাপত্তা প্ৰদান কৰাৰ লগতে ‘ভুলৰ কোনো ৰেকৰ্ড নাৰাখে’ বুলি উল্লেখ কৰা হৈছে ।
হাৰ্দিক পাণ্ডিয়াক বিবাহ বিচ্ছেদ দিয়াৰ পিচত নাতাশা ষ্টেনক’ভিচে প্ৰায়ে ইনষ্টাগ্ৰামত পোষ্ট শ্বেয়াৰ কৰি থাকে । সোমবাৰে (26 আগষ্ট) অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা ৰহস্যময়ী পোষ্ট শ্বেয়াৰ কৰে । পোষ্টটোত প্ৰেমৰ বিষয়ে কোৱা হৈছে । পোষ্টটোৱে বৰ্ণনা কৰিছে প্ৰকৃততে প্ৰেমৰ সংজ্ঞা কি আৰু ই কেনেকুৱা ?
নাতাশা ষ্টেনকভিচৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Natasa Stankovic Instagram Story) ক্ৰিপ্টিক পোষ্টটোত এইদৰে লিখা আছিল …
প্ৰেম হৈছে ধৈৰ্য
প্ৰেম দয়ালু
ই ঈৰ্ষা নকৰে
ই গৌৰৱ নকৰে
ই অহংকাৰী নহয়
ই আনক অপমান নকৰে
এইটো স্বাৰ্থপৰ নহয়
ই সহজে খং নকৰে
ই ভুলৰ কোনো হিচাপ নাৰাখে
প্ৰেম বেয়াত সুখী নহয়, কিন্তু
সত্যৰ সৈতে সুখী
ই সদায় সুৰক্ষা দিয়ে
সদায় বিশ্বাস কৰে
সদায় আশা কৰে
সদায় দৃঢ়তাৰে থিয় হয়
প্ৰেম কেতিয়াও বিফল নহয়
বিচ্ছেদৰ আগত আৰু বিচ্ছেদৰ পিচত এতিয়াও চৰ্চাত আছে হাৰ্দিক পাণ্ডিয়া আৰু নাতাশা ষ্টেনক’ভিচ ৷ বহু সময় ধৰি তেওঁলোকৰ সম্পৰ্কক লৈ চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাই দুয়োৱে 2024 চনৰ 18 জুলাইত বিচ্ছেদৰ বাতৰিৰ সত্যতা প্ৰমাণ কৰে । হাৰ্দিক পাণ্ডিয়া আৰু নাতাশা ষ্টেনক’ভিচে ইনষ্টাগ্ৰামত এটা টোকাৰ জৰিয়তে তেওঁলোকৰ বিচ্ছেদ নিশ্চিত কৰে । বিচ্ছেদ হোৱাৰ পিচত নাতাশা নিজৰ গৃহ চহৰ ছাইবেৰিয়ালৈ গুচি যায় । তেতিয়াৰে পৰাই অভিনেত্ৰীগৰাকীয়ে বিভিন্ন ধৰণৰ বাৰ্তা থকা ফটো শ্বেয়াৰ কৰি আহিছে । বিচ্ছেদৰ পাচত আনকি নাতাশাই নেটিজেনৰ ট্ৰ’লৰো সন্মুখীন হ’বলগীয়া হৈছিল ।
পিছে বিচ্ছেদৰ পাচতেই হাৰ্দিক পাণ্ডিয়াৰ ডেটিঙৰ বাতৰি প্ৰচাৰ হ’বলৈ ধৰে । ব্ৰিটিছ কণ্ঠশিল্পী জেচমিন ৱালিয়াৰ সৈতে হাৰ্দিক পাণ্ডিয়াই ডেটিং কৰি থকা বুলি চৰ্চা চলিছে । ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে দুয়োকে একেটা স্থানতে ছবি ক্লিক কৰা দেখিছিল । এতিয়ালৈকে এই উৰাবাতৰি সন্দৰ্ভত কোনো পক্ষৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি অহা নাই । হাৰ্দিকৰ এই বাতৰি বিয়পি পৰাৰ পিচতে কিন্তু নেটিজেনে নাতাশাক ক্ষমা খোজাও পৰিলক্ষিত হয় ৷