অসম

assam

ব্লেক আউট কৰা হৈছে কংগনা ৰনৌতৰ ইমাৰ্জেন্সি - KANGANA RANAUT MOVIE CONTROVERSY

By ETV Bharat Entertainment Team

Published : Aug 31, 2024, 2:16 PM IST

Kangana Ranaut Emergency black out : ছ’চিয়েল মিডিয়াত আহি কংগনা ৰনৌত কয় যে তেওঁৰ ছবি ইমাৰ্জেন্সিৰ চাৰ্টিফিকেট চেন্সৰ ব’ৰ্ডৰ পৰা নিষিদ্ধ কৰা হৈছে আৰু তেওঁৰ ছবিখন ব্লেক আউট কৰা হৈছে ।

Kangana Ranaut Says My Movie Emergency listed black out and certification stopped because of death threats
কংগনা ৰনৌতৰ নতুন ছবি ইমাৰ্জেন্সি (Movie Poster/IANS)

চিটাৰা ডেস্ক, 31 আগষ্ট: কংগনা ৰনৌতৰ ছবি ইমাৰ্জেন্সিয়ে মুক্তিৰ ক্ষেত্ৰত বহু বাধা-বিঘিনিৰ সন্মুখীন হৈছে । 6 ছেপ্টেম্বৰত মুক্তি পোৱাৰ কথা ইমাৰ্জেন্সি ছবিখন । মুক্তিৰ সময় কাষ চাপি অহাৰ লগে লগে শিখ সম্প্ৰদায়ে ছবিখন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ দাবী তুলিছে । শিখ সম্প্ৰদায়ৰ লোকসকলে ছবিখন নিষিদ্ধ কৰিবলৈ চেন্সৰ ব’ৰ্ডক দাবী জনাইছে । সেই কাৰণে চেন্সৰ ব’ৰ্ডে ইমাৰ্জেন্সি ছবিখনৰ প্ৰমাণপত্ৰ এতিয়া নিষিদ্ধ কৰিছে আৰু কংগনা ৰনৌতে ইয়াক লৈ শোক প্ৰকাশ কৰিছে ।

  • শিখ সম্প্ৰদায়ৰ দাবী

শিৰোমণি অকাল দল আৰু শিখ গুৰুদ্বাৰা পৰিবন্ধক সমিতিয়ে (SGPC) ছবিখনৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা ৰখাৰ জোৰদাৰ দাবী জনাইছে । শিখ সম্প্ৰদায়ে কংগনা ৰনৌতে তেওঁৰ ছবি ইমাৰ্জেন্সিত শিখ সম্প্ৰদায়ক হত্যাকাৰী হিচাপে দেখুওৱাৰ অভিযোগ উত্থাপন কৰিছে ।

'ইমাৰ্জেন্সি' চলচ্চিত্ৰখন 1975 চনত দেশত জৰুৰীকালীন অৱস্থা আৰু তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক এজন শিখধৰ্মী লোকে হত্যা কৰাৰ ওপৰত আধাৰিত । যেতিয়া ইমাৰ্জেন্সি চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছিল তেতিয়া এই বিতৰ্কৰ উদ্ভৱ হৈছিল । শিখ সম্প্ৰদায়ে কংগনা ৰনৌত আৰু চেন্সৰ ব’ৰ্ডলৈ আইনী জাননী প্ৰেৰণ কৰিছে ।

  • কংগনা ৰনৌতে কি ক’লে ?

কংগনা ৰনৌতে তেওঁৰ ছবি Emergency ৰ চাৰ্টিফিকেশ্যনৰ নিষেধাজ্ঞাৰ ওপৰত ছ’চিয়েল মিডিয়াত কয়, “আমাৰ ছবিখনে চেন্সৰ চাৰ্টিফিকেট পাইছে বুলি এটা উৰাবাতৰি প্ৰচাৰ হৈছে, কিন্তু এইটো সঁচা নহয়, আচলতে আমাৰ ছবিখনে সকলো পৰীক্ষা পাৰ কৰিছিল কিন্তু ইয়াৰ প্ৰমাণপত্ৰ ৰাখি দিয়া হৈছে কাৰণ বহুতো ভাবুকি আহি আছে, মৃত্যুৰ ভাবুকি আহিছে, চেন্সৰ ব'ৰ্ডেও গুৰুতৰ ভাবুকি পাইছে, ইন্দিৰা গান্ধীৰ হত্যাকাণ্ড দেখুৱাব নালাগে, পঞ্জাবত হোৱা হুলস্থূলীয়া পৰিৱেশ প্ৰদৰ্শন নকৰিবলৈ আমাৰ ওপৰত হেঁচা আছে, কি দেখুৱাম নাজানো, কি হ'ল ছবিখন হঠাতে ব্লেক আউট হৈ গ'ল, এয়া অবিশ্বাস্য, মই দুঃখিত ।”

লগতে পঢ়ক :তেলেংগানাত নিষিদ্ধ হ’ব নেকি কংগনা ৰনৌতৰ ইমাৰ্জেন্সি ? - KANGANA RANAUT CONTROVERSY

ABOUT THE AUTHOR

...view details